/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/hitas.png)
ডিজিটেল ডেস্ক: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ উপচাৰ্য গৰাকীয়ে কেইবাপৃষ্ঠাজোৰা পত্ৰত উনুকিয়াই দিছিল কি কি ভুল আছে শংকৰদেৱ বিশ্ববিদ্য়ালয়ত। শ্ৰীমন্ত শংকৰদেৱ সংঘ ন্যাসে সহযোগ নকৰাৰো অভিযোগ তুলিছিল উপাচাৰ্য গৰাকীয়ে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ আৰু বিশ্ববিদ্যালয়খনৰ আচাৰ্যলৈ লিখিছিল পত্ৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কাৰণত সবিস্তাৰে প্ৰকাশ হৈছিল এই সন্দৰ্ভত প্ৰতিবেদন।তাৰপাছতেই বিশ্ববিদ্যালয়খনৰ উপচাৰ্যৰ পদ এৰাৰ সিদ্ধান্ত লয় হিতেশ ডেকাই। সোমবাৰে তেওঁ সেই উপচাৰ্য পদ ত্যাগ কৰি সকলো দায়িত্ব সমজাই দিব কৰ্তৃপক্ষক।
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়খনৰ ভিতৰচৰাত সংঘটিত এনে অনিয়মৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ন্য়াসৰ দ্বাৰা সংগৃহীত ধন বিশ্ববিদ্যালয়ৰ কামকাজত ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল তেওঁ লগতে এনেদৰে কাম-কাজ চলিলে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্য়ালয়ৰ ভৱিষ্যত অন্ধকাৰ হ'ব বুলি মন্তব্য কৰিছিল উপচাৰ্য হিতেশ ডেকাই।