শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ৩৯ সংখ্যক বিশ্বনাথ জিলা বার্ষিক অধিৱেশন

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ৩৯ সংখ্যক বিশ্বনাথ জিলা বার্ষিক অধিৱেশন

ডিজিটেল সংবাদ, বিশ্বনাথঃ শনিবাৰৰ পৰা বিশ্বনাথত অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩৯ সংখ্যক বিশ্বনাথ জিলা অধিৱেশনৰ দেওবাৰে সফল সামৰণি পৰে। বিশ্বানাথ আঞ্চলিক শাখাৰ উদ্যোগত আৰু বৰিগাঁও প্রাথমিক শাখাৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে বৰিগাঁও নামঘৰ প্ৰাঙ্গণত আৰম্ভ হৈছিল এই কাৰ্যসূচী।

দেওবাৰে পুৱা বৃক্ষ ৰোপণৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলা শাখাৰ সভাপতি গণেশ বৰাই। দুপৰীয়া অনুষ্ঠিত হয় খোল প্ৰসংগ। দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাৰ শুভাৰম্ভ কৰা হয় বিশ্বনাথৰ অগ্ৰগামী সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা এটি বৰগীতৰে।

আনহাতে দেওবাৰে সামৰণিৰ দিনা নিশালৈ অনুষ্ঠিত হয় নৃসিংহ যাত্ৰা ভাওনা। ভৱেন বৰাৰ পৰিচালনাত বিশ্বনাথৰ ভিন্ন ঠাইৰ বাচক বনীয়া শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত এই নৃসিংহ যাত্ৰা ভাওঁনাত অভিনয় কৰা ভাৱৰীয়াসকলে দৰ্শশকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ৩৯ সংখ্যক বিশ্বনাথ জিলা বার্ষিক অধিৱেশন
শ্ৰী শ্ৰী কবিৰ আশ্ৰমৰ ভূমি বেদখলৰ সম্পৰ্কে কাৰ্যকৰী সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in