/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c89a011b-0abf-435d-9e60-038013fdb5c2/JOY_GURU_SANKAR.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : উত্তৰ আৰু উজনি অসমৰ অন্যতম বৈষ্ণৱ পীঠস্থান ঢকুৱাখনা মহকুমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ। সত্ৰখনিত পৰম্পৰাগতভাৱে বিগত ৬ দশকৰো অধিক কাল অনুষ্ঠিত কৰি অহা বাৰ্ষিক পালনাম ভাগি এইবাৰো আৰম্ভ হৈছে ।
বাসুদেৱ থান আৰু নৰোৱা সত্ৰ পৰিয়ালৰ উদ্যোগত সত্ৰৰ প্রাংগনত বিগত ৬৬ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই পাল নাম ভাগি। সত্ৰ আৰু থান পৰিচালনা সমিতিৰ সমূহ কৰ্মকর্তা, গৰিষ্ঠ সংখ্যক ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিত শনিবাৰে পালনামৰ প্ৰথম দিনৰ কাৰ্যসূচী বীৰেন্দ্ৰ দেৱ গোস্বামী আৰু অতুল দেৱ গোস্বামীৰ প্ৰাতঃ প্ৰসংগৰে শুভাৰম্ভ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/353189c4-d81a-4fa2-86aa-eee7ae51fdbb/1e365b12_f17a_404f_b5cc_9139ba126c34.jpg)
ইয়াৰ পাছত মনোৰমা গোস্বামী আৰু ৰেণু গোস্বামীৰ নেতৃত্বত আই নামৰ পাছতে সমূহীয়া নাম প্ৰসংগ আৰু বাৰ্ষিক পালনামৰ উদ্বোধন কৰে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে । কলিয়াবৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল মহন্তই নামাচাৰ্য, নগাঁও আইভেটিৰ বুবুল মহন্তই দোহাচাৰ্য আৰু শোণিতপুৰ কোৱামৰা সত্ৰৰ গোপাল মহন্ত আৰু প্ৰাচীন চামগুৰি সত্ৰৰ ভৰত মহন্তই পাঠাচাৰ্য হিচাবে অংশগ্ৰহণ কৰা বাৰ্ষিক পালনামৰ ধ্বনিত বিধৌত হয় সত্ৰ আৰু থান প্ৰাংগণ।
সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰে। কাইলৈ দ্বিতীয় দিনা পুৱা আই সকলৰ নাম আৰু দুপৰীয়া সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছত পালনামৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব । সন্ধিয়ালৈ সত্ৰৰ নামঘৰ প্ৰাংগণত " দশৰথৰ স্বৰ্গ উদ্ধাৰ ,সিন্ধু মুনিৰ অভিশাপ" শীর্ষক এক ভাওনা প্রদর্শনেৰে পালনাম ভাগিৰ সফল সামৰণি মৰা হ'ব বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/02fb47fd-a571-43db-94c8-adc28efc913f/50337201_35c1_4e14_89be_a212893d01a4.jpg)