ঢকুৱাখনা ঘিলামৰাৰ ৭ অবৈধ স্বামীক ন্যায়িক জিম্মালৈ

ঢকুৱাখনা ঘিলামৰাৰ ৭ অবৈধ স্বামীক ন্যায়িক জিম্মালৈ

ডিজিটেল সংবাদ, ঢকুৱাখনা : বিগত সময় চোৱাত নাবালিকাক বিয়া কৰাই দাম্পত্য জীৱনৰ পাতনি মেলা স্বামীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰাচন্ন ভৱিষ্যত।  বাল্য বিবাহৰ দৰে ভয়াৱহ অপৰাধ আৰু অভিযোগত অভিযুক্ত কৰি এনেবোৰ দম্পত্তিৰ স্বামী এতিয়া ৰঙা ঘৰৰ আলহী হ'বলগীয়া জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

ৰাজ্যখনৰ লগতে ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঢকুৱাখনা ,ঘিলামৰা আৰু সোনাৰী চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত এনে মুঠ ৭ গৰাকী  বাল্য বিবাহকাৰী যুৱক আৰক্ষীৰ জালত বন্দী হৈছে । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা এইসকল যুৱকক শনিবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত দেৱজিৎ সাহানি , অৰুণ গগৈ , ভাৰত গোহাঁই, ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কুল চুতীয়া, সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰূপম খনিকৰ, বিতোপন খনিকৰ, পুতুল চুতীয়াক এই সন্দৰ্ভত ঢকুৱাখনা আৰু ঘিলামৰা থানাত পঞ্জীভূত পৃথক পৃথক গোচৰৰ ভাৰতীয় দণ্ডবিধি আইন, বাল্য বিবাহ নিষিদ্ধকৰণ আইন ২০০৬ আৰু পচক' আইনৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি শনিবাৰে লখিমপুৰ জিলা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় আৰু উপ পৰিদর্শক গৌতম দত্ত, সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰা আৰু ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসৰ নেতৃত্বত অভিযান চলাই এইসকল অভিযুক্তক গ্ৰেপ্তাৰ কৰি শনিবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই লখিমপুৰ জিলা সদৰৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । ইপিনে বহু সংখ্যক এনে অপৰাধত অভিযুক্ত যুৱকে আৰক্ষীৰ জালত পৰাৰ ভয়ত বৰ্হি ৰাজ্যলৈ অস্থায়ী কৰ্ম সংস্থানৰ লক্ষ্যৰে গমন কৰি নাবালিকা পত্নীসহ পুত্ৰ কন্যাক সাময়িকভাৱে পিতৃ মাতৃৰ ঘৰলৈ প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে।

আৰক্ষীৰ জ্ঞাতে অজ্ঞাতে এনে বহু অভিযুক্ত মহকুমাটোৰ বিভিন্ন অঞ্চলত উপলব্ধ যদিও যিকোনো সময়তে আৰক্ষীৰ জালত পৰাৰ অভিযুক্ত ,আত্মীয় স্বজন সকলোৱেই বিনিদ্ৰ ৰজনী কটোৱা বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in