আলফা(স্বা)ৰ হাতত ধৰা পৰিল অসম আৰক্ষীৰ চোৰাংচোৱা, বহু বিস্ফোৰক তথ্য…

আলফা(স্বা)ৰ হাতত ধৰা পৰিল অসম আৰক্ষীৰ চোৰাংচোৱা, বহু বিস্ফোৰক তথ্য…

author-image
asomiyapratidin
New Update
আলফা(স্বা)ৰ হাতত ধৰা পৰিল অসম আৰক্ষীৰ চোৰাংচোৱা, বহু বিস্ফোৰক তথ্য…

ডিজিটেল ডেস্ক: বিগত কেইটামান মাহত বৃদ্ধি পাইছে আলফা(স্বা)ত যোগদান কৰা যুৱক-যুৱতীৰ সংখ্য়া। অসমৰ বিভিন্ন স্থানৰ পৰা যুৱক-যুৱতী ঢাপলি মেলিছে আলফা(স্বা)লৈ।

Advertisment

ইয়াৰ মাজতে এটা বিশেষ ভিডিঅ পোহৰলৈ আহিছে। নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা(স্বা)ৰ ম্যানমাৰ কেম্পত ধৰা পৰিছে অসম আৰক্ষীৰ এগৰাকী চোৰাংচোৱা।

মঙলবাৰে আলফা(স্বা)য়ে প্ৰেৰণ কৰা এটি ভিডিঅ' বাৰ্তাত দেখিবলৈ পোৱা অনুসৰি বাইহাটা মুক্তাপুৰৰ সঞ্জীৱ শৰ্মা নামৰ যুৱক জন সেনা আৰু অসম আৰক্ষীৰ চোৰাংচোৱা। ভিডিঅ'টিত উল্লেখ কৰা অনুসৰি সেনা-আৰক্ষীৰ তৰফৰ পৰা তেওঁক আলফা(স্বা)ত যোগদান কৰিবলৈ পঠোৱা হৈছে।

ভিডিঅ'টিত যুৱকে কৈছে যে তেওঁক বিশেষ প্ৰশিক্ষণ দি আলফা(স্বা)ত যোগদান কৰিবলৈ প্ৰেৰণ কৰিছে। আলফা(স্বা)ৰ বিভিন্ন তথ্য আহৰণ কৰিবলৈ যুৱকজনক নিৰ্দেশ দিছিল। যুৱকজনে জনোৱা অনুসৰি এই কামৰ বিনিময়ত তেওঁক ১ কোটি টকা দিয়াৰ কথা আছিল।

আৰু পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

assam ulfa i Assam police