গুৱাহাটীত আছে এটা তাজমহল !

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত আছে এটা তাজমহল !

special writing on tajmahal

গুৱাহাটীত ক'ৰ পৰা ওলাল এই তাজমহল। কোন ছাহজাহানে সাজিলে কাৰ বাবে এই স্মৃতি সৌধ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

Advertisment

অকলশৰীয়া হৈ পৰা ছাহজাহানৰ প্ৰেমৰ মহল তাজমহল। যমুনাৰ পাৰত থকা এই তাজমহল দূৰন্ত প্ৰেমৰ অফুৰন্ত প্ৰতিফলন। তাজমহলত প্ৰতি মুহূৰ্ততে অনুৰণিত হয় ছাহজাহানৰ হিয়াৰ আজান। মমতাজক বিচাৰি আজিও যেন উচুপে প্ৰেমিক ছাহজাহান।

সমাধিত থাকি মমতাজে সান্তনা দিয়ে ছাহজাহানক, ছাহজাহানৰ দৰে দূৰন্ত প্ৰেমিকক। প্ৰেমৰ গাঁথা এনেদৰে চিৰদিনৰ বাবে মমতাজে থৈ গ’ল। সেই ৰাজকীয় সমাধি ক্ষেত্ৰই কয় মমতাজৰ প্ৰতি ছাহজাহানৰ কিমান ভালপোৱা আছিল।

মোগল সাম্ৰ্ৰাজ্যৰ সমৃদ্ধশালী সম্ৰাট ছাহজাহানে দ্বিতীয় পত্নী আৰজুমান্দ বানু বেগমৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছিল। মমতাজ নামেও পৰিচিত পত্নীৰ মৃত্যুৰ শোক তেওঁ পাহৰিব পৰা নাছিল। মমতাজৰ অনুপস্থিতিত মমতাজৰ এই সমাধি ক্ষেত্ৰই তেওঁক মমতাজৰ স্মৃতি সোঁৱৰাইছিল।

১৬৩২ খ্ৰীষ্টাব্দত আৰম্ভ কৰিছিল এই স্মৃতি সৌথটোৰ নিৰ্মাণৰ কাম। ১৬৫৩ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল নিৰ্মাণৰ কাম। শিল্পৰ এক নান্দনিক স্বৰূপ তাজমহল। ইয়াৰ নক্সা প্ৰস্তুতকাৰকৰ দাবীদাৰ ওস্তাদ আহমেদ লাহৌৰি। ১৭ হেক্টৰ মাটি-কালিৰ এই স্মৃতি সৌথৰ উচ্চতা ২৪০ ফুট।

পাৰাস্য, তুৰস্ক, ভাৰতীয় আৰু ইছলামী স্থাপত্য শিল্পৰ সংযোজন ঘটিছে তাজমহলত। বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰবোৰৰ ভিতৰত তাজমহলো অন্যতম। সেই সময়ত এই তাজমহল নিৰ্মাণ কৰোতে দেশৰ লগতে বিদেশৰ পৰাও অনা হৈছিল নিৰ্মাণ সামগ্ৰী। ৰাজস্থানৰ পৰা আনিছিল বগা মাৰ্বল শিল।

চীনৰ পৰা আনিছিল স্ফৰ্টিকৰ টুকুৰা। আফগানিস্তানৰ পৰা আনিছিল নীলকণ্ঠ মণি। এই তাজমহল নিৰ্মাণত সেই সময়তে অনুমানিক ৩২ নিযুত টকা ব্যয় কৰা হৈছিল বুলি কোৱা হয়। মিনাৰৰ মুখ্য বিডিকাৰ কোণত ৪টা ডাঙৰ পোষ্ট আছে। যিয়ে তাজমহল দৰ্শন কৰে সিয়েই অভিভূত হৈ পৰে।

তেনে এটা তাজমহল যদি গুৱাহাটীত দেখে তেনেহ'লে আপোনাৰ মনলৈ প্ৰশ্ন আহিব - গুৱাহাটীত কোন ওলাল এইজন ছাহজাহান। কোন মমতাজৰ বাবে তেওঁ নিৰ্মাণ কৰিলে এই তাজমহল। গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত বগা মাৰ্বলেৰে নিৰ্মাণ কৰা তাজমহল সদৃশ এই সৰু তাজমহলটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে।

সেই সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ দৰেই এইটো নিৰ্মাণৰ অন্তৰালৰ কাহিনী ছাহজাহানৰ কাহিনীৰ দৰে একেই নেকি? এইটো আচলতে এটা দৰগাহ। এজন ছুফী আধ্যত্মিক গুৰু আৰু তেওঁৰ পত্নীৰ সমাধি আছে তাত। সেই ছুফী গৰাকীৰ নাম আল্লা হজৰত মুৰতাজা আলি শ্বাৰচফবি আৰু তেওঁৰ সহধৰ্মিনীৰ নাম হজৰত ছুফীয়া বেগম শ্বাৰচফবি।

দৰগাহটোৰ চোৱা-চিতাৰ দায়িত্বত থকা মহম্মদ মহমৰ আলিয়ে কৈ গৈছিল এই মিনি তাজমহলৰ সৃষ্টিৰ কাহিনী। ছুফী গুৰুগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ শিষ্যই এই দৰগাহটো নিৰ্মাণ কৰিছিল। ২০১২ৰ জনুৱাৰীত ইয়াৰ নিৰ্মাণ কাম আৰম্ভ কৰি ২০১৯ৰ ডিচেম্বৰত নিৰ্মাণ শেষ হৈছিল।

তাজমহল সদৃশ এই মিনি তাজমহলটো চাবলৈ বহু পৰ্যটক আহে। তেওঁলোকে প্ৰথমে ভৱা নাছিল দৰগাহটো তাজমহলৰ দৰে কৰিব। ক'ব নোৱাৰাকৈ ই ৰূপ পালে তাজমহলৰ। এতিয়া সেয়েহে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু গুৱাহাটীৰ এই মিনি তাজমহলটো।

মহৰম আলিৰ মতে ইয়াৰ সৈতে নাই কোনো প্ৰেমৰ সম্পৰ্ক। নাই কোনো আঁৰত ছাহজাহান। নহয় এই মিনি তাজমহলৰ কাৰণ কোনোবা আজিৰ মমতাজ। কিন্তু যিয়েই আহে ইয়ালৈ পৰম প্ৰশস্তিৰে সেই অপূৰ্ব দৰগাহৰ কাষত ৰৈ মুহূৰ্তৰ বাবে হ'লেও অনুভৱ কৰে তাজমহলৰ কাষতেই ৰৈ থকা যেন।

assam tajmahal guwahati