/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-bikhekh-pratibedon-1.jpg)
গোচৰ নিষ্পত্তিত কিমান সফল দেশৰ ন্যায়ালয়। উচ্চতম ন্য়ায়ালয় আৰু ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ লগতে জিলা আদালত সমূহত নিষ্পত্তি নোহোৱাকৈ ৫ ৰ পৰা ১০ বছৰৰো অধিক কাল পৰি থকা গোচৰৰ সংখ্যা কিমান? দ্ৰুত হাৰত নিষ্পত্তিবিহীন গোচৰৰ সংখ্যা বৃদ্ধি ৰোধৰ বাবে সৰ্বোচ্চ ন্য়ায়ালয়ৰ বিকল্প পদক্ষেপ হিচাপে পৰিগণিত লোক আদালত, মেডিয়েশ্যন, ফাষ্ট ট্ৰেক কোৰ্ট আদিৰ সফলতা কিমান ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এলানী বিশেষ প্ৰতিবেদন। আৰাম্ভণীত আমি উল্লেখ কৰিম মুঠ নিষ্পত্তিবিহীন গোচৰৰ বিপৰীতে দেশত বিবাদ নিষ্পত্তিৰ বাবে আইনী যুঁজ দিয়া অধিবক্তাৰ বৃহৎ সংখ্যা আৰু আন বহু কথা।
অবিশ্বাস্য হ'লেও এই কথা সত্য যে গুৱাহাটী উচ্চ ন্যায়ালয়তে ১৫ বছৰ পৰ্যন্ত নিষ্পত্তি নোহোৱাকৈ পৰি থকা গোচৰৰ সংখ্যা বৰ্তমান প্ৰায় ৫৭ হাজাৰ। এয়া আমাৰ তথ্য নহয়। ২০২২ চনৰ ৪ মাৰ্চত কেন্দ্ৰীয় আইন মন্ত্ৰালয় প্ৰকাশ কৰা তথ্য মতেই গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তিবিহীন ভাৱে পৰি থকা গোচৰৰ সংখ্যা ৫৬,৪৪৪টা। যি সংখ্যা ২০১৩ চনৰ ৩০ জুনত আছিল ৩৯,৪৪৩ টা।
আন এক আশ্চৰ্যৰ বিষয় হ'ল ইউকেৰ প্ৰতিখন আদালত সমূহে দৈনিক ৩-৪ টা গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ভাৰতত ৪০ ৰ পৰা ৫০ টাকৈ গোচৰ নিষ্পত্তি কৰা হয় যদিও ক্ৰমবৰ্ধমান নিষ্পত্তিবিহীন গোচৰৰ হেঁচাত প্ৰায় কোঙা হৈ পৰিছে দেশৰ সমগ্ৰ ন্যায় ব্যৱস্থাটো।
কিয়নো ৪ কোটি ৭০ লাখ ১০ হাজাৰৰো অধিক গোচৰ দেশৰ বিভিন্ন আদালতত নিষ্পত্তি নোহোৱাকৈ ৫ ৰ পৰা ১০ বছৰ পৰ্যন্ত পৰি আছে। আনহে নালাগে সৰ্বোচ্চ ন্যায়ালয়তে চলিত বৰ্ষৰ ২৬ মাৰ্চ পৰ্যন্ত নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা গোচৰৰ সংখ্যা ৭০,১৫৪ টা বুলি চৰকাৰে খোদ লোকসভাত প্ৰকাশ কৰিব লগা হৈছে। এই গোচৰ সমূহ ৫-১ৃ০ বছৰ বা তাতোধিক সময় পৰি ৰোৱাৰ ফলত মুঠ কিমান সংখ্যক লোক ন্যায়ৰ পৰা বঞ্চিত হৈ আছে সেই তথ্য চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। কিন্তু এই কথা সহজেই অনুমেয় যে প্ৰতিটো গোচৰৰ বিপৰীতে বাদি আৰু বিবাদি হিচাপে কম পক্ষেও ৪০ কোটি লোক ইয়াৰ সৈতে সাঙোৰ খাই আছে। যি সকল সুদীৰ্ঘ কাল ধৰি ন্যায়ৰ পৰা বঞ্চিত হৈ আছে।
ইয়াৰ কাৰণ হিচাপে আইন মন্ত্ৰালয়ে দেশৰ ন্যায়ালয় সমূহত পৰ্যাপ্ত ন্যায়ধীশ আৰু ন্যায়িক কৰ্মচাৰীৰ অভাৱৰ বাবে এনে হোৱাৰ লগতে অন্যান্য কাৰীকৰী অভাৱৰ কথা কৈছিল যদিও বিগত সময়ত বৃহৎ সংখ্যক ন্যায়ধীশ আৰু ন্যায়িক কৰ্মচাৰীৰ নিযুক্তিৰ পাছতো নিষ্পত্তিবিহীন গোচৰৰ সংখ্যা হ্ৰাস পোৱা নাই।
ন্যায়ালয়ে ইয়াৰ বিকল্প ব্যৱস্থা হিচাপে এসময়ত আৰম্ভ কৰিছিল লোক আদালত। এই লোক আদালতৰ জৰিয়তে ভূমি বিবাদ, গাঁৱৰ মাৰপিট আদি সাধাৰণ গোচৰৰ স্থানীয় ভাৱে সভা পাতি নিষ্পত্তি কৰাৰ বিকল্প পদক্ষেপ গ্ৰহণ কৰিছিল। লোক আদালতত সাধাৰণ শ্ৰেণীৰ ৫ শতাংশ গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত সফল হোৱা বুলি দাবী কৰিলেও পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ পৰা জিলা পৰ্যায়ৰ আদালতলৈ সকলোকে মেডিয়েশ্যন অৰ্থাৎ মধ্যস্থতাৰ জৰিয়তে এনে বিবাদ নিষ্পত্তিৰ আন এক পদক্ষেপো লোৱা হয়।
তদুপৰি সা-সামগ্ৰীৰ ক্ৰয়- বিক্ৰয় অথবা ঘৰ ভাড়া, গাড়ী ভাড়া আদিৰ লগতে সামগ্ৰীক ভাৱে গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে প্ৰতিখন জিলাতে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ কৰ্তৃপক্ষ, নাগৰিকত্ব সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে বিদেশী ন্যায়ধীকৰণ আদি স্থাপন কৰা পাছতো গোচৰৰ সংখ্যা কমাব পৰ নাই আইনী কৰ্তৃপক্ষই।
কিছুদিন পূৰ্বে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজিজুয়ে লোকসভাত এই তথ্য প্ৰকাশ কৰিছিল যে সমগ্ৰ দেশত আজিৰ তাৰিখটো ৫ ৰ পৰা ১০ বছৰ বাব তাতোধিক সময় নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা গোচৰৰ মুঠ সংখ্যা ৪ কোটি ১০ লাখ ৪৭ হাজাৰ ৯৭৬টা।
আনহাতে দেশৰ ২৫ খন উচ্চ ন্যায়ালয়ত এনেদৰে পৰি ৰোৱা গোচৰৰ মুঠ সংখ্যা ৫৪ লাখ ৯৪ হাজাৰ ৬০ টা। এই তথ্য চলিত বৰ্ষৰ ২১ মাৰ্চৰহে। ইয়াৰ পাছৰ মাহ কেইটাত এই সংখ্যা নিশ্চিতভাৱেই বৃদ্ধি পাব ।
/https://media.assettype.com/asomiyapratidin/import/images/LA-22-4-18-1.jpg)
কেইদিন মান পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী কেইদিনমানৰ পূৰ্বে ৰাজ্যত নিষ্পত্তিবিহীন ভাৱে পৰি ৰোৱা বৃহৎ সংখ্যক গোচৰৰ নিষ্পত্তিকৰণ ক্ষীপ্ৰতৰ কৰি তোলা হ'ব বুলি কৈছিল। তেওঁ এই কথা স্পষ্ট কৰি দিছিল যে সাধাৰণ শ্ৰেণীৰ গোচৰ যেনে, ফেচবুকত অপমান জনক পোষ্ট দিয়া, কাৰোবাক ভাবুকি দিয়া, সাধাৰণ শ্ৰেণীৰ মাৰপিট, পৰিয়াল কেন্দ্ৰিক বিবাদ, সম্পৰ্কীয় ১লাখৰো অধিক গোচৰ শীঘ্ৰেই নিষ্পত্তি কৰা হ'ব। চলিত বৰ্ষৰ আগষ্ট মাহ পৰ্যন্ত পঞ্জীভুক্ত হৈ আদালতত বিচাৰধীন হৈ থকা এই গোচৰবোৰ বুজা বুজি প্ৰক্ৰিয়াৰে নিষ্পত্তিৰ লগতে সাধাৰণ শ্ৰেণীৰ গোচৰতে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাৰাৰুদ্ধ হৈ থকা বন্দী সকলৰ মুক্তিৰ ব্যৱস্থাও কৰা হ'ব।
মুখ্যমন্ত্ৰীৰ এই উক্তিৰ বিপৰীতে ইতিমধ্যে লোকসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজিজুৱে বিষয়টো সন্দৰ্ভত এই বুলিহে প্ৰকাশ কৰিছিল যে আদালতত নিষ্পত্তিবিহীন ভাৱে পৰি ৰোৱা গোচৰ সমূহ আইনী ব্যৱস্থাৰ মাজেৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত ফাষ্ট ট্ৰেক আদালতৰ মাধ্যমত নিষ্পত্তিৰ ব্যৱস্থা লোৱা হ'ব।
তেওঁ লগতে এই কথাও কয় যে এ নিষ্পত্তি কৰণৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ ন্যায়ধীশ আৰু ন্যায়িক বিষয়া কৰ্মচাৰী নিযুক্তি, আন্ত:গাঠনি, গোচৰৰ তথ্য সম্পৰ্কীয় জটিলতা, সাক্ষ্যৰ গ্ৰহণযোগ্যতা, বাদি বিবাদিৰ মাজৰ সহযোগিতা, তদন্তকাৰী সংস্থাৰ সক্ৰিয়তা, আৱেদনৰ চৰিত্ৰ আৰু অধিবক্তাৰ ভূমিকা সৰ্বাধিক গুৰুত্বপূৰ্ণ হ'ব।
এই প্ৰসংগতে আজিৰ প্ৰতিবেদনত এই কথাও আমি জনাব খুজিছো যে অসমতে কেৱল ২৬ হাজাৰৰো অধিক পঞ্জীয়নভুক্ত অধিবক্তা আছে। যি সকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্বীকৃত বাৰ কাউন্সিলৰ দ্বাৰা ওকালতিৰ কৰ্তৃত্বপ্ৰাপ্ত। গুৱহাটী উচ্চ ন্যায়ালৰ উপৰি জিলা পৰ্যায়ৰ প্ৰায় ৪০ খন আদালতত এওঁলোকে গোচৰীয়া আৰু পদকীয়া পক্ষৰ হৈ ওকালতি কৰে।
তাৰোপৰি আদালত পক্ষক সহায় কৰাৰ বাবেও প্ৰতিখন বিচাৰালয়তে থকা চৰকাৰী অধিবক্তাৰ সংখ্যা ৪ জনকৈ ধৰিলেও গুৱাহাটী উচ্চ ন্যায়ালয় সহ এই পৰিমাণ ২০০০ ৰো বেছি। অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত পৰি ৰোৱা ৫৬ হাজাৰ গোচৰৰ বিপৰীতে প্ৰায় অৰ্ধেক পৰিমাণৰ অধিবক্তা থকাৰ পাছতো নিষ্পত্তিবিহীন গোচৰ১৫ বছৰ পৰ্যন্ত আধালতত পৰি ৰোৱাটো দেশৰ আইনী প্ৰক্ৰিয়াটোৰ বাবেই এক ডাঙৰ প্ৰত্যাহ্বান।