চৌদিশে ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আৰাধনা...

author-image
Asomiya Pratidin
New Update
চৌদিশে ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আৰাধনা...

special writing on lakshmi puja

হিমাদ্ৰী ৰেখা ভৰালী

Advertisment

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। শৰৎৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত কৰা হয় এই লক্ষ্মী পূজা। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহতহে অনুষ্ঠিত হয় এই লক্ষ্মী পূজা।

উল্লেখ্য যে কাৰ্তিক মাহত অনুষ্ঠিত হোৱা লক্ষ্মী পূজা দিপাৱলীৰ তৃতীয়টো দিনত অনুষ্ঠিত কৰা হয়। কিন্তু অসম, পশ্চিম বংগ, ত্ৰিপুৰা আদি পূব ভাৰতৰ ঠাই সমূহত আহিন মাহৰ পূৰ্ণিমা তিথিত এই লক্ষ্মী পূজা পালন কৰা হয়।

দুৰ্গা পূজাৰ পিছৰ পূৰ্ণিমাৰ দিনটোত এই লক্ষ্মী দেৱীক পূজা কৰা হয়। উল্লেখ্য যে দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ ৫ দিন পাছত লক্ষ্মী পূজা অনুষ্ঠিত হয়। লক্ষ্মী দেৱী হিন্দু ধৰ্মাৱলম্বী লোকৰ ত্ৰিদেৱীৰ ভিতৰত অন্যতম।

ধন, ধান, উন্নতি, সম্পদ, জ্ঞান, সৌভাগ্য, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী হৈছে লক্ষ্মী দেৱী। পৰম ঈশ্বৰ বিষ্ণুৰ ভাৰ্যা লক্ষ্মী। বিশেষকৈ সন্ধিয়াৰ পৰত ধূপ, চাকি জ্বলাই দেৱীক আৰাধনা কৰা হয়। সধবা তিৰোতাই চাউলৰ গুৰিৰে আল্পনা আঁকে।

লক্ষ্মীৰ থাপনাৰ সন্মুখত এটা জলঘট বহোৱা হয় আৰু তাৰ ওপৰত আমৰ ডালি দিয়া হয়। পূজাত শুদ্ধ ব'গা প্ৰসাদ আগবঢ়োৱা হয়। যেনে - নাৰিকল, চিৰা, চেনী, পায়স আদি। পূজাৰ সময়ত লক্ষ্মী চৰিত আৰু লক্ষ্মী পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে এই পূজাৰ নীতি-নিয়মৰ বেলেগ বেলেগ হোৱা দেখা যায়।

জনপ্ৰবাদ অনুসৰি লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে। আনহাতে বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু ভোগ ৰন্ধা হয়।

উল্লেখ্য যে কোনো কোনো ঠাইত মূৰ্তি পূজা কৰা নহয়। শাস্ত্ৰীয় বিধিৰ বিপৰীতে লৌকিক ৰীতি-নীতিৰে মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই থাপনা পাতি নাম প্ৰসঙ্গ কৰা হয়। লক্ষ্মী দেৱীৰ চাৰি হস্তৰ দুই হস্তত পদুম ফুল থাকে। আনহাতে বাওঁ হাতত এটা কলচী থাকে আৰু সোঁ-হাতত বৰদা মুদ্ৰা ৰক্ত থাকে।

লৌকিক ৰীতি-নীতিৰে অনুষ্ঠিত কৰা লক্ষ্মী পূজাক লখিমী সবাহ বুলিও কোৱা হয়। কিছু কিছু লোকৰ মতে লক্ষ্মী পূজা আৰু লখিমী সবাহ একেই নহয়। কিন্তু দুয়োৰে লক্ষ্মী দেৱীৰ সৈতে ওত:প্ৰোত সম্পৰ্ক আছে। সেয়েহে কিছু সংখ্যক লোকে মূৰ্তি পূজাৰ বিপৰীতে লখিমী সবাহহে অনুষ্ঠিত কৰে।

অসমৰ উজনি-নামনি দুয়োটি প্ৰান্ততে অতি উলহ-মালহেৰে লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। প্ৰবাদ মতে কোনো কোনো ঠাইত এই পূজাত ছাগলী বলি দিয়া হয়। লক্ষ্মী পূজাত নামনি অসমত পূজাৰ অন্তত ঢুলীয়া ভাওনা, ওজাপালি, নাগাৰা নাম পৰিৱেশন কৰা হয়।

ভক্ত সকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে। লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবৰ বাবে বিভিন্ন প্ৰকাৰৰ ভোগ প্ৰস্তুত কৰে ভক্ত সকলে। কিছু কিছু লোকে আলপনাৰে লক্ষ্মীৰ ভৰি সদৃশ চিত্ৰ অংকন কৰে।

বিশ্বাস কৰে যে এনেদৰে ভৰি অংকন কৰিলে লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে। থাপনাৰ ওচৰত ধানৰ ঠোক ৰখা হয়। আনহাতে ঘৰৰ মূল দুৱাৰৰ সন্মুখত ধানৰ ঠোক আঁৰি দিয়া হয়। ধন-ধানৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা অতি শ্ৰদ্ধাৰে অনুষ্ঠিত কৰে লোকসকলে।

২০২২ বৰ্ষৰ লক্ষ্মী পূজাৰ লগ্ন আৰম্ভ হৈছে ৯ অক্টোবৰৰ পুৱা ৩.৪১ বজাৰ পৰা। আৰু এই পূজাৰ লগ্ন অন্ত পৰিব ১০ অক্টোবৰৰ দিনৰ ২.২৫ বজাত। বিশ্বাস কৰা হয় যে এই পূজাৰ নিশা চন্দ্ৰৰ ৰশ্মিৰ পৰা অমৃত বৰষুণ হয়। সেয়েহে এই পূজাৰ ভোগ হিচাপে বনোৱা পায়স সন্ধিয়া মুকলিকৈ ৰাখি পাছদিনা গ্ৰহণ কৰিবলৈ ভালদৰে ৰাখি থোৱা হয়।

প্ৰবাদ অনুসৰি পূজাৰ ভোগ ৰাতিটো চন্দ্ৰালোকত ৰাখিলে ইয়াৰ সোৱাদ সলনি হয় আৰু বিভিন্ন ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি হয়। লক্ষ্মী পূজাৰ দিনা ঘৰৰ গৃহিনীয়ে বিশেষকৈ ব্ৰত ৰাখে আৰু পূজা শেষ নোহোৱালৈ অন্ন গ্ৰহণ নকৰে।

পূজাৰ লগ্ন শেষ নোহোৱালৈ ফল-মূল খাই থাকে। এই পূজা বিশেষকৈ বাঙালী সমাজৰ লোকসকলে পালন কৰে। বাঙালী সম্প্ৰদায়ৰ লোকসকলে ৰীতি-নীতিৰে দেৱী লক্ষ্মীক উপাসনা কৰে।

আজিৰ দিনটোত দেৱী লক্ষ্মীৰ সৈতে নাৰায়ণকো উপাসনা কৰা হয়। ঘৰতেই ব্যঞ্জন সমূহ তৈয়াৰ কৰি মন্দিৰসমূহত বিশেষ পূজা কৰা হয়। আৰু পূজাৰ বাবে তৈয়াৰ কৰা ভোগ দেৱীক আগবঢ়োৱা হয়।

assam lakshmi puja