নৌটংকী !

নৌটংকী !

author-image
asomiyapratidin
New Update
নৌটংকী !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

নৌটংকী! বহুতে ভাৱে নৌটংকীটো এটা অসন্মানসূচক শব্দ। কৰিব নলগা কিছু কাম কৰি থকা লোকসকলক উদ্দেশ্যি কোৱা হয় – 'আৰু কিমান নৌটংকী কৰিব'? কিন্তু এই নৌটংকী শব্দৰ অৰ্থ হ'ল উত্তৰ ভাৰতত প্ৰচলিত এক লোক নাট্য শৈলী।

এসময়ত ইয়ে আছিল গাওঁ, চহৰত প্ৰচলিত বিনোদনৰ মাধ্যম। ইয়াত আছে হাস্যৰস, কাহিনী আৰু গ্ৰাম্য জীৱনৰ প্ৰতিফলন। এই লোকনাট্য শৈলী অৱশ্য এতিয়া পূৰ্বৰ দৰে জনপ্ৰিয় বা প্ৰচলিত নহয়।

সাধাৰণ লোকক সহজসৰল ভাৱ গীত, নৃত্য আৰু নাটকৰ সমাহাৰেৰে বিনোদন দিয়াই নৌটংকীৰ মূল উদ্দেশ্য আছিল। তেনে নৌটংকীয়েই যেন এতিয়া ৰাজনীতিত চলিছে। কাহিনী আধুনিক আৰু ইয়াৰ অভিনেতাসকল ক্ষমতাশালী মন্ত্ৰী।

মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৯ টা মাহ অতিবাহিত কৰিলে। তেওঁ কৰা ভাল কামবোৰৰ বাবে নিসন্দেহে প্ৰশংসাৰ যোগ্য। কিন্তু তাৰ সমান্তৰালভাৱে নৌটংকী ধৰ্মী আচৰণবোৰৰো সমালোচনাৰ প্ৰয়োজন।

কেবিনেট বৈঠকত কি খাব?, মন্ত্ৰীয়ে সম্বৰ্ধনা ল'ব-নলয়ৰ পৰা আৰম্ভ কৰি বিহু পাতিবলৈ ডেৰ লাখ টকাৰ চৰকাৰী ধন, গাওঁ-চহৰ-নগৰৰ নামৰ পৰিবৰ্তন আদি অনেক সিদ্ধান্ত মানুহক হাস্যৰস যোগানৰ এক উৎস হৈ পৰিছে।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিচাপে তেওঁ কেন্দ্ৰিক সকলো ক্ষমতা হস্তগত কৰি আন মন্ত্ৰী, বিধায়কক এক প্ৰকাৰৰ নিস্তেজ আৰু কৰ্মহীন কৰি তোলাতো লক্ষণীয় ৰূপে ফুটি উঠিছে। নামত মন্ত্ৰী হ'লেও কামত যেন মন্ত্ৰীসকল এতিয়া 'ঢাল, তৰোৱাল নাইকীয়া নিধিৰাম চৰ্দাৰ' হৈ পৰিছে।

ৰাজ্যৰ ৰাজনীতিত এতিয়া নৌটংকী ৰাজ চলিছে নেকি? মুখ্যমন্ত্ৰীৰ মুখত যি আহে সেইয়াই আইন হৈ পৰিছে। কেবিনেট বৈঠক পাতি মানুহক ভাল লগাবলৈ কৰা ঘোষণাবোৰে কিমান দিনলৈ মানুহক সুখী কৰি ৰাখিব?

২০০০ টকা ঘোচ খোৱা বিডিঅ'ৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাঘৰ দৰে জপিয়াই পৰিম বুলি সতৰ্কবাণী দিলে। ৰাইজে মুখ্যমন্ত্ৰীক সাধুবাদ জনালে। কিন্তু মুখ্যমন্ত্ৰীয়ে কেৱল বিডিঅ' সকলৰ ২০০০ টকাটোহে দেখা পালে। তেওঁৰ কাষত থকা বা এইসকল বিষয়াক দুৰ্নীতিক কৰিবলৈ বাধ্য কৰোৱা নেতাসকলক ঢুকি নাপালে।

যেনেকৈ এজন শাসকীয় বিধায়কৰ বেআইনী কাম কৰি নিদিওঁ বুলি কোৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াক মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিয়াৰ সলনি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ মতাই আনি ফোন কিয় ৰেকৰ্ডিং কৰা হৈছে বুলি জবাবদিহি কৰালে।

যি দম্ভ আৰু অহংকাৰেৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আৰক্ষীক নিকা কৰা হ'ব বুলি সেই দম্ভ অহংকাৰ দেখোন এনেবোৰ ঘটনাত ফুটি নুঠিল । বৰঞ্চ ৰাইজৰ কাঠগৰাত দোষী বুলি প্ৰমাণিত নিজ দলৰ বিধায়কগৰাকীক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীয়ে কোনো নেতা, বিধায়কৰ ফোন টেপিং কৰিব নোৱাৰিব বুলি বিভাগীয় জাননীহে প্ৰেৰণ কৰিবলৈ দিলে।

আশাবাদী হৈও মুখ্যমন্ত্ৰীৰ আচৰণ, তেওঁৰ কাম আৰু গ্ৰহণ কৰা সিদ্ধান্ত ৰাজ্যখনৰ দীৰ্ঘ দিনৰ বাবে এক সবল বুনিয়াদ গঢ়াৰ চেষ্টা যেন নালাগে। আন্তৰিকতাৰ বিপৰীতে প্ৰদৰ্শন ধৰ্মীতা আৰু প্ৰচাৰমুখী প্ৰবণতাৰ ক্ষণিক প্ৰত্যয়বোধৰ এই কামবোৰকলৈ তেওঁ আজি সন্তুষ্ট হ'ব পাৰে। কিন্তু সময়ে তেওঁক সেই সন্তুষ্টিৰ বিপৰীতে প্ৰকৃত সত্যক হৃদয়ংগম কৰিবলৈ বাধ্য কৰাব।

এখন দেশ বা ৰাজ্য কোনো এজন লোকৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নচলে। মত গৰ্বিতাৰে দেশ বা ৰাজ্য শাসন কৰা লোকসকল শাসক নহয়, শোষক ৰূপত প্ৰতিষ্ঠিত হয়। সমালোচনাৰ অৰ্থ নুবুজি প্ৰশংসা আৰু তৈলমৰ্দনৰ মাজত অৱস্থান লোৱা এনে শাসকে কি কৰিব পাৰিলোতকৈ কি কৰিব পৰা নাই সেইয়া কেতিয়াও নাভাবে।

শেহতীয়াকৈ ৰাজ্যৰ চহৰ, নগৰ আৰু গাঁৱৰ নামৰ পৰিবৰ্তনৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ কি কাৰণত জৰুৰী সেইয়া মুখ্যমন্ত্ৰীয়ে নাজানে। তেওঁক এনে পৰামৰ্শ দিয়াসকলে হয়তো মুখ্যমন্ত্ৰীক আজিলৈকে কোৱা নাই, ৰূপে কি কৰে গুণেহে সংসাৰ তৰে।

ঐতিহ্য পৰম্পৰা আৰু সংস্কৃতিক দোহাই দি কি কৰিব বিচাৰিছে তাৰ অনুমান নিশ্চয় একাংশ লোকে কৰিব পাৰিছে। ৰাজ্যত এতিয়া সমস্যাৰ অন্ত নাই। সেই মৌলিক সমস্যাবোৰৰ সমাধানৰ বিপৰীতে এনেবোৰ স্থূল কামত মানুহক ব্যস্ত কৰি সময় অতিবাহিত কৰাৰ কথা যদি ভাবিছে তেনেহ'লে ইয়াৰ উত্তৰ নাই।

নৌটংকীয়েই চলিছে ৰাজ্যত। এজাহাৰ প্ৰতিযোগিতাত নামিছে শাসক, বিৰোধী। যুক্তিহীন কামত নিয়োজিত এই লোকসকলৰ বাবে ৰাজনীতি এতিয়া পাশাখেল। বন্দী হৈছে সাধাৰণ জনতা। দালাল ৰাজ, ড্ৰাগছ, চিণ্ডিকেট এইবোৰৰ বিৰুদ্ধে বাহ্যিক দৃষ্টিত অভিযান চলিছে। কিন্তু ভিতৰি সেই চক্ৰবোৰৰ ঠিকনাহে সলনি হৈছে।

কয়লা চিণ্ডিকেট, ব্ৰইলাৰ চিণ্ডিকেট, টোলগেটৰ চিণ্ডিকেট, চান্দাৰ চিণ্ডিকেটৰ নতুন খলনায়কে দায়িত্ব লৈছে। ৰাইজক বিপৰীত ছবি এখন দেখুৱাবলৈ বাস্তৱক ঢাকি চৰকাৰে বাহ বাহ লৈ থাকিব খুজিলেও সাধাৰণ লোকসকলেও বহুকথা ইতিমধ্যে অনুমান কৰিছে। কাৰণ তেওঁলোকে নৌটংকী দেখুৱাইছে।

assam himanta biswa sarma