মুখ্যমন্ত্ৰী নে সোণোৱাল? প্ৰিয় কোন…

বিষয় ৰাজনীতি যদিও এক অৰাজনৈতিক দৃষ্টি ভংগীৰে চৰ্চিত কথাবোৰ নিজস্ব ধৰণে বিশ্লেষণ কৰাৰ অধিকাৰ প্ৰতিজন মানুহৰে আছে।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী নে সোণোৱাল? প্ৰিয় কোন…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

বিষয় ৰাজনীতি যদিও এক অৰাজনৈতিক দৃষ্টি ভংগীৰে চৰ্চিত কথাবোৰ নিজস্ব ধৰণে বিশ্লেষণ কৰাৰ অধিকাৰ প্ৰতিজন মানুহৰে আছে। সাধাৰণ মানুহৰ দৃষ্টিত সেই কথাবোৰৰ বিচাৰ কাৰোবাৰ বাবে মূল্যহীন হ’লেও দোকান-পোহাৰে, বজাৰ-সমাৰে পতা কথাবোৰে কিছু লোকক মূল্যায়ন কৰাৰ অৱকাশ পোৱা যায়।

বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তুলনা বহুলোকে নিজৰ মনৰ ভিতৰতে কৰে। নিজস্ব ধৰণেই তেওঁলোকে দুয়োজন নেতাক বিচাৰ কৰোতে হয়তো শ্ৰেষ্ঠত্বৰ দৌৰত কোনোবাজন উঠে।

এই তুলনা কৰাৰ এক ৰাজনৈতিক প্ৰেক্ষাপট দুয়োগৰাকী সমৰ্থকে সৃষ্টি কৰিছে বুলি ভাবিলেও মিছা ভবা হয়তো নহয়। কোন বেছি ভাল সেই তুলনাত্মক প্ৰশ্নৰ উত্তৰ একেষাৰে ৰাজহুৱাকৈ কোনেও দিব নিবিচাৰিলেও মনৰ ভিতৰত লৈ ফুৰা উত্তৰবোৰ কথা বাৰ্তাত ফুটি উঠে।

এতিয়া বিজেপিৰ যুগ চলিছে। কেজৰিৱালৰ পাছত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে আস্থা ভোটৰ সন্মুখীন হৈ প্ৰমাণ কৰিব লগা হ’ল - তেওঁৰ চৰকাৰ ভংগ কৰাৰ মিছন সফল নহ’ল। কিন্তু বিধান সভাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱা কথা কেইষাৰ বৰ সুখকৰ নহয়।

বিধান সভাৰ মজিয়াত ছোৰেণৰ অভিযোগ - অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডৰ বিধায়ক ক্ৰয়ৰ অপচেষ্টাত লিপ্ত হৈছিল। তেওঁ আনকি বিজেপিৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ কৰে যে - মানুহে বজাৰত বয় বস্তু ক্ৰয় কৰে। কিন্তু বিজেপিয়ে বিধায়ক ক্ৰয় কৰিবলৈ চেষ্টা চলায়।

এখন ৰাজ্যত সততা আৰু দায়বদ্ধতাৰ মূলত শাসক গোষ্ঠীক নেতৃত্ব দিয়া লোক সকলৰ সামগ্ৰীক কামৰ মূল্যায়নৰ ভিত্তিত নিৰূপন কৰিবলৈ যাওঁতে কেতিয়াবা থমকি ৰ’ব লগা হয়। কৌশলগতভাৱে এক সুৰক্ষিত স্থানত নিজক সুৰক্ষিত কৰি আঁৰত খেলি থকা অনীতিগত খেলবোৰে মানুহ এজনৰ প্ৰকৃত দিশবোৰ এদিন নহয় এদিন ৰাজহুৱা কৰিবই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ বাবে এজন দক্ষ নেতা। তৎপৰ আৰু কৰ্মৰ কুশলতাই তেওঁৰ প্ৰতি মানুহৰ অনুৰাগ আৰু বিশ্বাস আছে বুলি ধৰি ল’ব পাৰি। সেই দায়বদ্ধতাক কথাৰ কৌশলতাৰে প্ৰচাৰৰ চমকতাৰে চিৰস্থায়ী কৰি ৰাখিব নোৱাৰি।হিতেশ্বৰ শইকীয়াৰ শাসন কালতো তেওঁক মুকলি সমালোচনা কৰাৰ সাহস বা সুবিধা শইকীয়াই দিয়া নাছিল।

কিন্তু পৰৱৰ্তী কালত হিতেশ্বৰ শইকীয়াই অসমৰ ৰাজনীতিত বহু চেষ্টা কৰিও ক্ষমতাত থকা সময়ৰ ৰাজনৈতিক মৰ্যদা ধৰি ৰখাত বিফল হ’ল। একেবোৰ কথাৰে আজি নহ’লেও কোনোবা এদিন আখৰে আখৰে মিলি গ’লে হিমন্ত বিশ্ব শৰ্মাৰো মূল্যায়ন একেদৰে নহ’ব বুলি ক’ব নোৱাৰি।

ভাল কাম, ভাল দৃষ্টিভংগী থকাৰ পাছতো আন্ধাৰৰ কিছু কামে কোনো নেতাৰ মূল্যালয়নত বাধাৰ সৃষ্টি কৰে। সেই বাধা কিয় আহে সাধাৰণ লোকৰ মনলৈ। গণতন্ত্ৰৰ মৰ্যদা আৰু প্ৰমূল্য আওকাণ কৰি কেৱল ময়েই সকলো কেতিয়াও হ’ব নোৱাৰে।

কাৰোবাৰ দ্বাৰাই কোনো এক ব্যক্তি বিশেষৰ পূজা চলিলে সেয়া পতনৰ বাট মুকলি বুলি ক’ব পাৰি। উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিজেপি সংসদীয় বৰ্ড আৰু নিৰ্বাচন কমিটিৰ দৰে শীৰ্ষ দুখন কমিটিত উত্তৰ পূৰ্বাঞ্চৰ পৰা প্ৰথমবাৰৰ বাবে সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি বিজেপি নেতা-কৰ্মীৰ বাবে ডাঙৰ প্ৰাপ্তি।

এই কমিটিত স্থান লাভ কৰাৰ পাছত গুৱাহাটীলৈ প্ৰথমবাৰৰ বাবে অহা সৰ্বানন্দ সোণোৱালক অভিনন্দন জনাবলৈ যি প্ৰচাৰ চলোৱা হৈছিল প্ৰথম দিনা তাৰ বিপৰীত ছবি দেখা পোৱা গৈছিল। মানুহৰ চকুত বহুবোৰ দিশ ধৰা পৰাই নহয়, দুজন শীৰ্ষ নেতাৰ নেতৃত্বত দুই শিবিৰ গঢ় লৈ উঠা বুলি সংবাদ মাধ্যমতেই একাংশই চৰ্চা কৰিছিল।

দলটোৰ দুইগৰাকী নেতাই পৰৱৰ্তী সময়ত দলে আয়োজন কৰা অভিনন্দন অনুষ্ঠানত পৰস্পৰে পৰস্পৰক প্ৰশংসাৰে উপচাই যি বাৰ্তা দিবলৈ চেষ্টা কৰিলে তাত বিশ্বাসযোগ্যতাতকৈ চৰ্চিত দুই নেতাৰ মনান্তৰৰ বহি প্ৰকাশক মলম লগাবলৈ কৰা এক প্ৰয়াস যেনেই বোধ হয়।

সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীক সন্মুখত লৈয়ে ক’লে - ৰাষ্ট্ৰৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি শেষত। লগতে এই কথাও ক’বলৈ নাপাহৰিলে- দলত ব্যক্তি পূজা নচলে। দলে দিয়া দায়িত্ব বা পদবী কাইলৈ কাঢ়ি নিবও পাৰে। বিজেপিত কাৰোৰে পদ স্থায়ী নহয়। নেতৃত্বই লোৱা সময়ৰ সিদ্ধান্তহে প্ৰতিফলিত হয়।

এই কথাকেইষাৰ সকলোৱে অনুধাৱন কৰা উচিত। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও গভীৰ আত্ম উপলব্ধিৰে তেওঁৰ দলৰে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱা কথা কেইটা অনুধাৱন কৰিলে বহু কথা বা আচৰণ কৰাৰ পৰা তেওঁ বিৰত থাকিব।

সেই আত্ম উপলব্ধিৰে ক্ষমতাৰ বাঘজৰী আত্ম কেন্দ্ৰীক সূতাৰে নুগুঠি সমূহীয়া আৰু সামগ্ৰিক ৰূপত ইয়াক বিস্তাৰিত কৰিলে আস্থা, বিশ্বাস আৰু কাম কৰাৰ নতুন পৰিৱেশ লাভ কৰিব। মুখ্যমন্ত্ৰীৰ দূৰদৰ্শীতা আমাৰ বাবে গৌৰৱৰ বিষয়।

তাৰ সমান্তৰালকৈ সততা ৰক্ষাৰে ব্যক্তিপূজা পৰিহাৰ কৰিলে হয়তো তুলনাত্মক এই তুলা চালনীত দিছপুৰ দিল্লীতকৈ গধুৰ নহ’লেও ভাৰসাম্যৰ এক অৱস্থাই মানুহক আশ্বস্ত কৰিব। বাকী ব্যক্তিগত তুলনা আৰু কোন বেছি ভাল কথাবোৰ আপেক্ষিক ভাৱে চলি থাকিব।

sarbananda sonowal assam bjp himanta biswa sarma