তেজপুৰৰ পৰা আমিনগাঁৱলৈ ৩ ট্ৰাক ইভিএমৰ সৰবৰাহ কিয়…

তেজপুৰৰ পৰা আমিনগাঁৱলৈ ৩ ট্ৰাক ইভিএমৰ সৰবৰাহ কিয়…

author-image
asomiyapratidin
New Update
তেজপুৰৰ পৰা আমিনগাঁৱলৈ ৩ ট্ৰাক ইভিএমৰ সৰবৰাহ কিয়…

♦ ডিম্পুল বৰগোহাঁই

নিৰ্বাচনত ইভিএমৰ ব্যৱহাৰ হোৱাৰ দিন ধৰি ইয়াৰ টেম্পাৰিঙৰ অভিযোগো উত্থাপিত হৈ আহিছে। অসমত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিষ্ঠানবিৰোধী ঢৌ সত্বেও নিৰ্বাচনী ফলাফলত কংগ্ৰেছ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতে অসমত ইভিএম টেম্পাৰিঙৰ জৰিয়তেই শাসক দল কংগ্ৰেছে এয়া সম্ভৱপৰ কৰি তোলা বুলি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই সময়তে গুজৰাটৰ এগৰাকী প্ৰযুক্তিবিদে ইভিএম টেম্পাৰিং কেনেকৈ সম্ভৱ সেয়া সংবাদ মাধ্যমক প্ৰদৰ্শন কৰি দেখুৱাইছিল। তেতিয়াৰ বিৰোধী দলসমূহে প্ৰযুক্তিবিদ গৰাকীৰ প্ৰদৰ্শনক আধাৰ হিচাপে লৈ ৰাজ্যত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত আবেদনো জনাইছিল।

পিছে নিৰ্বাচন আয়োগে পতিয়নযোগ্যভাৱে এয়া সম্ভৱ নহয় বুলি বিৰোধীৰ দাবী অগ্ৰাহ্য কৰিছিল। শেহতীয়াকৈ আকৌ এবাৰ চলিত নিৰ্বাচনত বৰ্তমানৰ শাসক দল বিজেপিয়ে ইভিএম টেম্পাৰিঙৰ দৰে কাণ্ড চলিত লোকসভা নিৰ্বাচনত সংঘটিত কৰিব নেকি বুলি সৰ্বত্ৰে প্ৰকাশ পাইছে আশংকা। এপ্ৰিলৰ প্ৰথম সপ্তাহতে ভাৰতীয় মূলৰ আমেৰিকা নিৱাসী ছৈয়দ চুজা নামৰ হেকাৰজনে প্ৰকাশ কৰিছিল যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে ইভিএম টেম্পাৰিঙৰ জৰিয়তেই বিপুল সংখ্যা গৰিষ্ঠতা নাপালেও ২৬৭ খনকৈ আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

পূৰ্বে ভাৰতৰ ইলেক্টনিক কৰ্প'ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড নামৰ ইভিএম প্ৰস্তুতকাৰী সংস্থাটোত কাম কৰা এই হেকাৰজনে কিদৰে ইভিএম টেম্পাৰিং অথৱা হেকিং সম্ভৱ তাৰ পতিয়নযোগ্য ব্যাখ্যাও দিছিল। এইবাৰ সমগ্ৰ দেশত বিপুল সংখ্যক ভোটাৰে ভোট দিছে। ২০১৪ চনত ড০ মনমোহন সিং চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সমান্তৰালভাৱে সমগ্ৰ ভাৰতবৰ্ষত বলিছিল মোডী ঢৌ। কিন্তু ৫ বছৰীয়া শাসনৰ অন্তত নৰেন্দ্ৰ মোডীৰ চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে একেহাৰত প্ৰতিষ্ঠানবিৰোধী ঢৌ নবলিলেও প্ৰতিশ্ৰুতি ভংগ আৰু চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে আছে সবল অভিযোগ।

সেয়ে সকলোৰে মাজত এই বিষয়টোও চৰ্চিত হৈছে যে, এইবাৰ বিপুল সংখ্যক ভোটাৰে ভোটদান কৰা কাৰ্যই নিঃসন্দেহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা গেৰুৱা দলক শাসনৰ পৰা উফৰাব নোৱাৰিলেও ওলমা সাংসদৰ দৰে এক নিৰ্বাচনী ফলাফল ওলাব। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে, দেশত প্ৰথমবাৰলৈ প্ৰতিষ্ঠানমুখী ঢৌৰ বাবেহে ভোটাৰৰ মাজত এই উৎসাহ পৰিলক্ষিত হৈছে।

অসমৰ নিৰ্বাচনক লৈও ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতিয়েও একে ইংগিতকে দিছে। কিন্তু কংগ্ৰেছৰ মতে বৃহৎ সংখ্যক ভোটাৰৰ এই ভোটদান শাসক দল বিজেপিৰ বিপৰ্যয়ৰে ইংগিত। নিৰ্বাচনৰ প্ৰাক ক্ষণলৈকে কেব বিৰোধী আন্দোলনত উত্তাল হৈ থকা ৰাজ্যখনত ভোটাৰ ৰাইজে আইন খন আনিবলৈ বদ্ধ পৰিকৰ গেৰুৱা দলটোক ভেটিবলৈ বিজেপিৰ বিৰুদ্ধে ভোট দিব বুলিয়েই সচেতন মহলৰো ধাৰণা।

এনে সময়তে পুনৰ উত্থাপন হৈছে ইভিএম টেম্পাৰিঙৰ আশংকাৰ প্ৰসংগ। দেওবাৰে নিশা তেজপুৰৰ পৰা আমিনগাঁৱলৈ এখন ট্ৰাক আৰু দুখন মিনি ট্ৰাকত বৃহৎ সংখ্যক অব্যৱহৃত ইভিএম কঢ়িয়াই অনাৰ ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে বিৰোধী দল, বিশেষকৈ কংগ্ৰেছৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজতো তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত কামৰূপ (গ্ৰাম্য) জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ট্ৰাক কেইখন আবদ্ধ কৰি ৰাখিছিল ৰাইজে।

বনজুইৰ দৰে খবৰটো সৰ্বত্ৰে বিয়পি পৰিছিল। কিয়নো ২০১১ চনত কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপিত ইভিএম টেম্পাৰিঙৰ সৈতে যিগৰাকী নেতাৰ নাম উচ্চাৰিত হৈছিল, তেওঁ আছিল বৰ্তমানৰ বিজেপি মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মা। যিগৰাকী হিমন্ত বিশ্ব শৰ্মা চলিত লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব বুলি এক প্ৰকাৰ নিশ্চিত হোৱাৰ পিছত হাই কমাণ্ডৰ হস্তক্ষেপতহে সমষ্টিটোত তেওঁ নিজৰ অনুগত মন্ত্ৰী তথা ৰঙাপাৰাৰ বিধায়ক পল্লৱ লোচন দাসক প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দিবলৈ বাধ্য হয়।

সেয়ে পল্লৱ লোচন দাসক নিৰ্বাচনত জিকাই অনাৰ দায়িত্বও তেওঁৰ ওপৰতে বুলি সকলোৱে বিশ্বাস কৰে। ইফালে, ৯ টাকৈ বিধানসভা সমষ্টিৰে গঠিত তেজপুৰ লোকসভা সমষ্টিৰ এজন মিত্ৰদল অগপৰ হোৱাৰ বাহিৰে কেউজনে বিধায়কেই বিজেপি দলৰ হোৱা সত্বেও পাৰ হৈ যোৱা নিৰ্বাচনত সমষ্টিটোৰ পৰা বলিষ্ঠ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন প্ৰভাৱশালী আমোলা এমজিভিকে ভানুৰ সপক্ষে বলা বতাহৰ বাবেই পল্লৱ লোচন দাসৰ বিজয় যে পূৰ্বে আশা কৰাৰ দৰে সহজসাধ্য নহ'ব, সেই কথাৰ উমান শাসক দলটোৱে বাৰুকৈয়ে পাইছিল।

এনে পৰিস্থিতিতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ৰাজ্যখনৰ ভিতৰতে যে অধিক সময় দিব লগা হৈছিল, সেই কথাও সকলোৱে জানে। সেয়েহে তেজপুৰৰ ইভিএম আমিনগাঁৱত জব্দ হোৱাৰ ঘটনাই কংগ্ৰেছ দলক বাৰুকৈয়ে শংকিত কৰি তুলিছে।উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভোটগ্ৰহণ পৰ্ব ইতিমধ্যে শেষ হৈছে যদিও ১৯ মে' লৈকে দেশৰ বিভিন্ন ৰাজ্যত ৭টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেয়ে ইয়াৰ পিছত ২৩ মে'তহে সমগ্ৰ দেশৰ ফলাফল ঘোষণা হ'ব। কিন্তু নিৰ্বাচনী প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে আমিনগাঁৱলৈ তেজপুৰৰ পৰা ৩ ট্ৰাককৈ অব্যৱহৃত ইভিএম কঢ়িয়াই অনাৰ খবৰ ফটোসহ ছ'চিয়েল মিডিয়াযোগে পুৱাৰে পৰা ভাইৰেল হৈ পৰাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই ইভিএমসমূহ টেম্পাৰিঙৰ বাবে অনা বুলি আশংকা প্ৰকাশ কৰি দলটোৱে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দিছে।

বিষয়টো অতি গুৰুতৰ বুলি উল্লেখ কৰা অভিযোগ পত্ৰত দলটোৱে উল্লেখ কৰিছে যে, বিভিন্ন ঠাইৰ পৰা প্ৰেৰণ কৰা অব্যৱহৃত ইভিএমৰ একাংশ আমিনগাঁৱৰ অস্থায়ী ষ্ট্ৰং ৰুমৰ সমীপৰ পৰা ব্যৱসায়ী হিম্মৎ সিংকাৰ কাৰখানলৈ নিশাৰ ভিতৰতে স্থানান্তৰো কৰা হৈছে। অথচ নিৰ্বাচন আয়োগৰ বিধি অনুসৰি ইভিএম বা নিৰ্বাচন সম্পৰ্কীয় কোনো সঁজুলি স্থানান্তক কৰিবলৈ হ'লে সংশ্লিষ্ট সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰতিনিধিক অৱগত কৰাৰ লগতে কোনো ব্যক্তিগত স্থানত এয়া ৰখাৰ ব্যৱস্থা কৰিব নোৱাৰে। সেয়ে উক্ত বিষয়টোৰ ওপৰত নিৰ্বাচন আয়োগৰ হস্তক্ষেপ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে। গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা অধিবক্তা জোনমণি দেৱী খাউণ্ডেও ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থা সন্তোষজনক নহয় বুলি সোমবাৰে আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।

আনফালে দেওবাৰে নিশাৰ এই কাৰ্যক লৈ প্ৰচাৰিত খবৰে ৰাজ্যৰ সচেতন লোকৰ মাজতো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তেজপুৰৰ পৰা আমিনগাঁৱলৈ ইভিএম আৰু ভিভিপেড মেছিনসমূহ স্থানান্তৰ কৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত থাকিব পাৰে বুলিও সন্দেহ কৰিছে বিভিন্ন লোকে। ইভিএম স্থানান্তৰকৰণৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে সোমবাৰে কাহিলীপুৱাতে গুৱাহাটীৰ পৰা গৈ তেজপুৰত উপস্থিত হয় এমজিভিকে ভানু। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জিলা নিৰ্বাচনী বিষয়াৰ লগত আলোচনা কৰাৰ উপৰি ভোট ভৰ্ত্তি ইভিএমসমূহ থকা ষ্ট্ৰং ৰুমলৈকো যায়। ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থাক লৈ তেওঁ সন্দেহ কৰাৰ থল নাপালে যদিও তেজপুৰৰ পৰা তেওঁলোকক অৱগত নকৰাকৈয়ে খালী ইভিএমসমূহ এনেদৰে আমিনগাঁৱলৈ নিশাৰ আন্ধাৰত স্থানান্তৰ কৰা কাৰ্যই প্ৰাৰ্থী সকলৰ সমৰ্থক তথা ভোটাৰ ৰাইজক শংকিত কৰি তোলাটো স্বাভাৱিক বুলি 'অসমীয়া প্ৰতিদন'ৰ ডিজিটেল সংস্কৰণৰ আগত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

কিন্তু এই সকলোবোৰ অভিযোগ খণ্ডন কৰিছে কামৰূপ (গ্ৰাম্য)ৰ উপায়ুক্ত কমল বৈশ্যই। উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, এই কাৰ্য কোনো বে-আইনী নহয়। আমিনগাঁৱত কেন্দ্ৰীয় ষ্ট্ৰংৰূম আছে, তালৈকে এই ইভিএম সমূহ লৈ অনা হৈছিল। ইয়াৰে যথেষ্ট সংখ্যক মেছিন বিকল হৈ আছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।

কংগ্ৰেছে দাবী কৰাৰ দৰে ইভিএম সাল সলনিৰ অভিযোগকো ভিত্তিহীন আখ্যা দি উপায়ুক্তগৰাকীয়ে বিকল ইভিএমসমূহ ঘূৰাই পঠিওৱাৰ বাবেহে অনা হৈছে বুলি জানিবলৈ দিয়ে। লগতে তেওঁ জনায় যে, এই ইভিএমসমূহ ৰাখিবলৈ বৰ্তমান বিকল্প স্থানৰো সন্ধান কৰি থকা হৈছে।

আনহাতে এই ঘটনা সন্দৰ্ভত সোমবাৰে ৰাজীৱ ভৱনত এখন যৌথ সংবাদ মেল আয়োজন কৰে কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য আৰু দুৰ্গা দাস বড়োৱে। সংবাদ মেলত কিশোৰ ভট্টাচাৰ্যই কয় যে দেওবাৰে আমিনগাঁও উপায়ুক্তৰ কাৰ্যালয়ত নিশা ১০.৩০ৰ পৰা ১১ বজাৰ ভিতৰত কেইবাখনো বাহনেৰে ইভিএম বাকচ সমূহ অনা হৈছিল। ভট্টাচাৰ্যই চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰি কয়, 'তেজপুৰৰ পৰা আমিনগাঁৱলৈ এই ইভিএমসমূহ কিয় কঢ়িয়াই অনা হ'ল?' হিম্মৎ সিংকাৰ কোনো গোপন গুদামত অসৎ উদ্দেশ্যৰে ইভিএমসমূহ ৰাখিবলৈ বিচৰা হৈছিল নেকি বুলিও সন্দেহ ব্যক্ত কৰে মুখপাত্ৰ গৰাকীয়ে। সংবাদ মেলখনতে ঘটনা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথাও ক'লে ভট্টাচাৰ্যই।

ভট্টাচাৰ্যই কোনো ৰাজনৈতিক দলক অৱগত নকৰাকৈ তেজপুৰ নগৰ অঞ্চলৰ পৰা কামৰূপ গ্ৰাম্য অঞ্চললৈ ইভিএমসমূহ অনাক লৈ নিৰ্বাচন আয়োগৰ উচ্চস্তৰীয় তদন্তৰ দাবী কৰে। ইপিনে সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ আনজন মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয়, 'কামৰূপ জিলা (গ্ৰাম্য)ৰ উপায়ুক্ত কমল বৈশ্যৰ ওপৰত আমাৰ কোনো আস্থা আৰু বিশ্বাস নাই। কেৱল উচ্চ পৰ্যায়ৰ তদন্তইহে ইয়াৰ ৰহস্য পোহৰলৈ আনিব।' বৈশ্যক তাৎক্ষণিকভাৱে বদলি কৰাৰো দাবী জনায় বড়োৱে।

অৱশ্যে ইভিএম স্থানান্তৰকৰণৰ প্ৰকৃত কাৰণ আৰু নিৰ্বাচনী বিধিৰ নিৰ্দেশনা ইয়াৰ জৰিয়তে ভংগ কৰা হৈছে নেকি সেয়া এতিয়াও সম্পূৰ্ণ স্পষ্ট হোৱা নাই। সেইবাবে ২০১১ চনত উত্থাপিত হোৱাৰ দৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত এই ঘটনাক লৈ পুনৰ উত্থাপিত হৈছে ইভিএম টেম্পাৰিঙৰ সম্ভাৱনা অথৱা আশংকাৰ প্ৰসংগ। নিঃসন্দেহে নিৰ্বাচন আয়োগে সুস্পষ্টভাৱে ৰাইজক সকলো কথা পতিয়ন যাব পৰাকৈ বুজাই দিব পাৰিলেহে সোমবাৰে চলি থকা প্ৰতিক্ৰিয়াৰ অন্ত পৰিব। নহ'লে সময় বাঢ়ি যোৱাৰ লগে লগে এই প্ৰতিক্ৰিয়াই ক্ষোভ তথা প্ৰতিবাদৰ ৰূপ ধাৰণ কৰাৰ আশংকাও নোহোৱা নহয়।