টকাৰ নতুন চেহেৰা !

special writing
special writing

মৃদুল কুমাৰ সন্দিকৈ

নতুনত্বৰ সন্ধান সকলোতে হয়। সেই নতুনত্বই পৰিৱৰ্তন আনে। আশাৰ পোহৰ দেখুৱাই। পুৰণিক সাৱতি আমি বহি থাকিলে নহ'ব। সময়ৰ গতিয়ে আমাক আগুৱাই লৈ যায়। তথাপিও পুৰণিৰ প্ৰতি আমাৰ আবেগ থাকে।

পুৰণি বা অতীত মানেই ঐতিহ্য বা ইতিহাস। সেইবোৰো আমাৰ বাবে নষ্টালজিক হৈ পৰা কাৰণ হয়। আমি এতিয়া সকলো পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি সাজু হৈ থাকিবলগা এক মানসিকতাৰ গৰাকী হৈছো।

নতুন প্ৰজন্মৰ সৈতে আমাৰ পাৰ্থক্য বাঢ়ি গৈ আছে। সেই ব্যৱধান হ্ৰাস কৰিবলৈ নিজকে উত্তৰণ কৰাব লাগিব। আমাৰ দিনত এইবোৰ নাছিল বা আমি এইবোৰ কৰা নাই বুলি নিজক আমি প্ৰবোধ দিব পাৰো। কিন্তু চলি যাব নোৱাৰো।

ডিজিটেল যুগৰ বাসিন্দা আমি। কেইটামান বস্তুক বাদ দি এতিয়া সকলো ডিজিটেল। লাহে লাহে কাগজৰ টকাও নাইকিয়া হ'ব। মুদ্ৰা বা টকাৰ স্থান ল'ব ডিজিটেল টকাই। সেই দিশে আমি আগবাঢ়িছো। ৰিজাৰ্ভ বেংকে এই ক্ষেত্ৰত কাম-কাজ আৰম্ভ কৰিছে।

২০২২ চনৰ ৭ অক্টোবৰত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই কনচেপ্ট নোট অন ডিজিটেল কাৰেন্সি প্ৰকাশ কৰিছে। তাত উল্লেখ থকা মতে চি.বি.ডি.চি অৰ্থাৎ চেন্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি হ'ব টকাৰ ডিজিটেল ৰূপ।

এই ডিজিটেলখন কেনেদৰে মেনেজমেন্ট কৰা হ'ব সেই দিশতো চিন্ত-চৰ্চা চলিছে। এনে হ'লে সহজতে মানুহে ধনৰ লেন-দেন ইলেক্ট্ৰনিক ফৰ্মত কৰিব পাৰিব। ১ নৱেম্বৰৰ পৰা ডিজিটেল টকাৰ পাইলট প্ৰজেক্ট আৰম্ভ হৈছে।

অৱশ্যে ডিজিটেল টকা নগদ ধনলৈ সলনি কৰাৰো সুবিধা থাকিব। বিশ্বজুৰি ডিজিটেল কাৰেন্সি ইতিমধ্যে আৰম্ভ হৈছে। CRYPTO এতিয়া যথেষ্ট জনপ্ৰিয় ডিজিটেল কাৰেন্সি। টকাই যাতে এই ডিজিটেল কাৰেন্সি জগতখনক ফেৰ মাৰিব পাৰে তাৰ বাবে এনে কৰা হৈছে।

দেশৰ ৭টা প্ৰধান বেংকক এই পাইলট প্ৰজেক্টৰ অংশীদাৰ কৰা হৈছে। ষ্টেট বেংক অব ইণ্ডিয়া, বেংক অব বৰোডা, ইউনিয়ন বেংক অব ইণ্ডিয়া, এইছ.ডি.এফ.চি, আই.চি.আই.চি.আই, কোটাক মহিন্দ্ৰা বেংক, য়েছ বেংক, আই.ডি.এফ.চি বেংক আৰু এইচ.এছ.বি.চি বেংকক সহযোগী কৰি ডিজিটেল টকাৰ পৃথিৱীখনত প্ৰৱেশ কৰিছে আ.ডি.আইয়ে।

৩১ অক্টোবৰ ২০২২ত এই সন্দৰ্ভ জাননী জাৰি কৰা হৈছিল। ডিজিটেল ধনৰ লেন-দেনেৰে বেংক সমূহৰ অন্তৱৰ্তী লেন-দেনতো সহায়ক হ'ব বুলি আশা কৰিছে। টকাৰ দৰে ইয়াত কোনো ট্ৰেনজেকশ্যন কজ নাথাকিব।

e ৰূপী বা চি.বি.ডি.চি দুটা সংস্কৰণত উপলব্ধ কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। সেয়া হ'ব CBDC-R আৰু CBDC-W। CBDC-R প্ৰাইভেট চেক্টৰ, ন'ন ফাইনেনছিয়েল কনজিউমাৰ, ব্যৱসায় আদিত ব্যৱহাৰ হ'ব।

আনহাতে, CBDC-W ব্যৱহাৰ কৰিব বিত্তীয় প্ৰতিষ্ঠান সমূহে। এটা দিন হয়তো আহিব টকাৰ অস্তিত্ব ভৌতিকভাৱে নাইকিয়া হ'ব। আমি সকলোৱে ডিজিটেল ধন বা টকা ব্যৱহাৰ কৰিব লাগিব।

চকুৰ সন্মুখতেই আমাৰ কিমান সলনি হৈছে। বাটে পথে যাওতে খোজনীয়া-মগনীয়া পালে ১ টকা বা ২ টকা মুদ্ৰা কেতিয়াবা ১০-২০ টকাৰ নোট এখন বহুতেই দিয়ে। এতিয়া লাহে লাহে সেই দৃশ্যও হেৰাই যাব ধৰিছে।

খুজি-মাগি খোৱা বহু লোকে সময়ৰ সৈতে নিজকে সলনি কৰিছে। দেশৰ আন মহানগৰৰ কথা বাদেই গুৱাহাটীতো ভিক্ষা কৰি খোৱা এনে কিছু লোকে QR code থকা এখন ফলক ডিঙিত আঁৰি লৈছে।

কোনোবাই তেওঁলোকক কিবা দিব খুজিলে সেইখন আগবঢ়াই দিয়ে। নগদ ধন থকা জনে টকা বা মুদ্ৰা দিয়াত অসুবিধা নহয়। বহু মানুহে আজি কালি নগদ ধন লৈ নুফুৰে। PhonePe, Google Pay আদি বহু ব্যৱস্থাৰ জৰিয়তে ধনৰ লেন-দেন কৰিব পাৰি।

মোবাইলতে সেইবোৰ সম্ভৱ। QR code স্কেন কৰি এতিয়া খোজনীয়া-মগনীয়াইও ধন সংগ্ৰহ কৰে। সময়ে সেইবোৰ তেওঁলোকক শিকাইছে। সময়ে আমাক শিকিবলৈ বাধ্য কৰে। আমিও তেনে এখন পৰিৱৰ্তনশীল সমাজত বাস কৰি সময়ে আনি দিয়া পৰিৱৰ্তনবোৰ মানি লৈ সেইবোৰ শিকিবলৈ বা জানিবলৈ বা ব্যৱহাৰ কৰিবলৈ বাধ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in