মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া; ভয়ানক ৰূপত, কোৰোনা ৩০ শিশুৰ দেহত

মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া; ভয়ানক ৰূপত, কোৰোনা ৩০ শিশুৰ দেহত

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া; ভয়ানক ৰূপত, কোৰোনা ৩০ শিশুৰ দেহত

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এজাক শিশু। এখন মহাবিদ্যালয়ত কিছু দিন ধৰি তেওঁলোকে বাস কৰি আহিছে। তেওঁলোকৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীয়ে সকলো ধৰণৰ ব্যৱস্থা কৰিছে। ড০ ভাগৱতীৰ একালৰ ছাত্ৰী অনুজা লোপামুদ্ৰাই গুৱাহাটীৰ পৰা পঠিয়াই দিছে শিশু কেইটাৰ বাবে কিছু টোপোলা। সেই টোপোলা বোৰত আছে শিশু কেইটাৰ বাবে খাদ্য সামগ্ৰী, খেলাৰ সামগ্ৰী, ৰং-পেঞ্চিল ইত্যাদি।

আত্মীয়ৰ সৈতে এডিপি কলেজৰ কোভিড কেয়াৰ চেণ্টাৰত আক্ৰান্ত শিশু..

শিশু কেইটাৰ কাষলৈ নগাওঁ আনন্দৰাম ঢেকিয়ালফুকন মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী প্ৰায়ে যায়। শিশু কেইটাক শাৰীৰিক,মানসিক সৱল কৰি ৰাখিবলৈ চেষ্টা কৰে। এইয়া কোনো কৰ্মশালাৰ দৃশ্য নহয়। কোভিডৰ তৃতীয় ঢৌৱে মূলতঃ শিশুক আক্ৰমণ কৰিব বুলি দেশজুৰি চৰ্চা চলি আহিছে।

সেই সময়ত এয়া এক দুঃখবৰেই বুলি ক'ব পাৰি। স্বাস্থ্য বিভাগ বা ৰাজ্য চৰকাৰে এই খবৰ কিমান ৰাখিছে সন্দেহ আছে। আচলতে এই মহাবিদ্যালয়খনত থকা শিশু কেইটা কোভিডত আক্ৰান্ত হৈছে। তেওঁলোক আনন্দৰাম ঢেকিয়ালফুকন মহাবিদ্যালয়ত কোভিড পৰিচৰ্যা কেন্দ্ৰত আছে।

সময় অতিবাহিত কৰিবলৈ হাতত তুলি দিছে চিত্ৰাংকনৰ বহী

১৩ জুনৰ পৰা আৰম্ভ কৰা এই কোভিড কেন্দ্ৰটোত ৫৭৩ গৰাকী লোকক পৰিচৰ্যা আগবঢ়োৱা হৈছে। ইয়াৰে ৪৬৩ গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে আৰু বৰ্তমান ইয়াত ১১০ গৰাকী কোভিড ৰোগী আছে। যোৱা ১৫ দিনৰ ভিতৰত এই কোভিড কেয়াৰ কেন্দ্ৰটোত ৩০ জনকৈ কোভিডত আক্ৰান্ত শিশু ভৰ্তি কৰা হৈছে।

যিসময়ত কোভিডত শিশু আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হ'ব বুলি কৈ থকা হৈছে সেই সময়ত নগাওঁৱৰ এই কোভিড কেয়াৰ চেণ্টাৰটোত ইমান বেছি সংখ্যক শিশু আক্ৰান্ত হোৱাৰ পাছতো সেই খবৰ স্বাস্থ্য বিভাগে কিদৰে লৈছে সেয়া সন্দেহৰ বিষয়। ইয়াৰ সৈতে জড়িত চিকৎসা কৰ্মী আৰু চিকিৎসকে কৰ্তব্যত গাফিলতি কৰা নাই। এই কোভিড কেয়াৰ চেণ্টাৰটো পৰিচালনা কৰা মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে প্ৰতিটো দিশতেই সচেতন দৃষ্টি ৰাখিছে।

সন্তানৰ সৈতে মাতৃ। দুয়ো আক্ৰান্ত কোভিডত..

বৰ্তমান ১০ টা শিশু ইয়াত চিকিৎসাধীন হৈ আছে। অধ্যক্ষ ভাগৱতীয়ে জানিবলৈ দিয়া মতে মাতৃ কোভিডত আক্ৰান্ত হোৱাৰ বাবেই তেওঁলোকৰ সন্তানসমূহৰ দেহলৈ কোভিড সংক্ৰমণ হৈছে। আক্ৰান্ত হোৱা শিশুসকলৰ বয়স ২ ৰ পৰা ১২ বছৰ। শিশুসকলক মহাবিদ্যালয়খনৰ ইণ্ড'ৰ ষ্টেডিয়াম আৰু কেইটামান কোঠাত অতি পৰিস্কাৰ পৰিচন্নভাৱে ৰখাৰ ব্যৱস্থা কৰিছে অধ্যক্ষগৰাকীয়ে। তলত কাৰ্পেট পাৰি তাৰ ওপৰত বিচনা আৰু খাদ্যৰ প্ৰতি বিশেষ সচেতন দৃষ্টি ৰাখিছে ভাগৱতীয়ে।

প্ৰতিটো শিশুক পুৱাৰ ভাগত একোটাকৈ কণী, ফলৰ ৰস, দুবাৰকৈ খাদ্য, ভিটামিন আদি দিয়া হৈছে। এই কোভিড চেণ্টাৰটো পৰিচালনা কৰিবলৈ প্ৰতিদিনেই ব্যয় হয় ৪০ সহস্ৰাধিক টকা। কলেজৰ কেণ্টিনত প্ৰস্তুত কৰা হয় খাদ্য। বৰ্তমান ইয়াত চিকিৎসাধীন হৈ আছে ৰুমী ৰাণী ডেকা (বয়স ৮), মিনাক্ষী বৰা (১২), জ্যোতিস্মান বৰা (৪), ৰীতা দাস (২.৫), হৰ্ষিতা দাস(৯), জিতু মণ্ডল (৪), মল্লো দাস (২.৬) মনজিত,.. হীৰা ( ৯), ৰিমঝিম ডেকা (৫)।

এই দৰেই ব্যস্ত ৰাখিছে শিশুসকলক…

ৰাজ্যত শিশু কোভিডৰ সংক্ৰমণৰ হাৰ হঠাত বৃদ্ধি পাইছে। শিশু ৰোগ বিশেষজ্ঞ মৃদুপৱন শইকীয়াই জানিবলৈ দিয়া মতে পোষ্ট কোভিড লক্ষণসমূহে শিশুক বেছিকৈ ক্ষতি কৰে। তেওঁ অভিভাৱকসকলক কোভিড নিগেটিভ হোৱাৰ পাছত অন্ততঃ তিনিমাহৰ বাবে শিশুৰ স্বাস্থ্য সন্দৰ্ভত দৃষ্টি ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

কোভিডত আক্ৰান্ত নগাঁৱৰ এই শিশুসকলৰ উপৰিও মহানগৰীৰ কেইবাখনো চিকিৎসালয়ত পোষ্ট কোভিডত আক্ৰান্ত হৈ কেইবাগৰাকী শিশু চিকিৎসাধীন হৈ আছে। সম্ভৱ ৰাজ্যৰ ভিতৰতে একেলগে নগাঁৱত ইমান বেছি শিশু এটা কোভিড চেণ্টাৰত চিকিৎসাধীন হৈ আছে। তাৰ পাছতো কিন্তু এই শিশুসকলৰ বাবে এই চিকিৎসা কেন্দ্ৰটোত কোনো শিশু ৰোগ বিশেষজ্ঞ নাই।

এডিপি কলেজৰ ইণ্ড'ৰ ষ্টেডিয়ামত কাৰ্পেট পাৰি সুন্দৰকৈ সজাই তুলিছে কোভিড আক্ৰান্ত শিশুৰ পৰিচৰ্যা কেন্দ্ৰ…

ডাঙৰ মানুহক খাবলৈ দিয়া পেৰাচিটামোল, কফ চিৰাপ আদি খাবলৈ দিয়া বুলিও অভিযোগ উঠিছে। স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে খবৰ লওঁক এয়া সচা নে মিছা। বৰ্তমানলৈকে এই কোভিড কেয়াৰ চেণ্টাৰটো পৰিচালনা কৰোতে ১৩ লক্ষাধিক টকা ব্যয় হৈছে। ইয়াৰে ৮ লাখ টকাহে প্ৰশাসনে কলেজ কৰ্তৃপক্ষক দিছে। বাকী ৫ লাখ টকা এতিয়াও পাবলৈ বাকী আছে। কলেজৰ পুঁজি ব্যৱহাৰ কৰি এই কোভিড চেণ্টাৰটো চলোৱাৰ লগতে বাহিৰৰ পৰাও ঋণ লবলগীয়া হৈছে।

শিশুৰ স্বাস্থ্যৰ প্ৰতি সজাগ, সচেতন হবলৈ যিসময়ত চৌদিশে প্ৰচাৰ চলিছে তেনেসময়ত নগাঁৱত শিশুক ৰখোৱা এই কোভিড চেণ্টাৰটোত শিশু চিকিৎসক নথকাটো পৰিতাপৰ কথা। মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিবনে? এয়া কিন্তু সৰু খবৰ নহয়। স্বাস্থ্য বিভাগে শিশু কোৰোনাত আক্ৰান্ত হোৱা এই তথ্য লুকুৱাই ৰাখিলেও কোৰোনাই কিন্তু এদিন উদঙাই দিব তেওঁলোকৰ স্বৰূপ।