প্ৰশ্ন কিয় ? - আয়ুবৰ পক্ষত হ'বনে কোনোবা থিয়...

special writing
special writing

মৃদুল কুমাৰ সন্দিকৈ

নিজৰ মতে জীয়াই থকাৰ অধিকাৰ কোনোবাই বাৰে বাৰে কাঢ়ি ল'ব খোজে কিয় ? ধৰ্মই কেতিয়াও এনে অধৰ্মী কাম কৰিবলৈ নকয়। যদি কৰবাত সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ দৃষ্টিত সেয়া গ্ৰহণীয় নহয় তেনে তাৰ সংস্কাৰৰ প্ৰয়োজন।

এজন বৃদ্ধ মানুহ। বয়স প্ৰায় ৬০ চুও চুও। মানুহজনে চাইকেলখনৰ কাষত ৰৈ প্ৰচণ্ড ক্ষোভত, হতাশাত উচুপি উঠিছে। মানুহজনৰ সন্মুখত এটা গাখীৰ ভৰ্তি পাত্ৰ। গাখীৰখিনি তেওঁ বিক্ৰী কৰিবলৈ নিছিল।

তেওঁ গাখীৰ নিয়মীয়াকৈ দিয়া স্থানত নিকিনিলে। উভতাই পঠাই দিলে। মানুহজনে উচুপি উচুপিয়েই কৈছে - আজি ৩/৪ দিন ধৰি ৱাৰ্নিং দি আছিল। আজি ক'লে - তোমাৰ চ'লিটোক (ল'ৰাটোক) যদি বাদ নিদিয়া আমি গাখীৰ ৰাখিব নোৱাৰিম।

কি কৰিব ভাবি মানুহজনে হুক-হুকাই কান্দি কৈ গ'ল- ... সহ্য কেনেকৈ কৰো। গৰু আৰু নাৰাখো। ইমানবোৰ গাখীৰ...। কি উপায় কৰিম। তাৰ পাছত মানুহজনে কোনো কথা ক'ব নোৱাৰিলে। এই দৃশ্য আছিল ১৭ অক্টোবৰ ২০২২ৰ পুৱা। বঙাইগাঁও মানিকপুৰৰ নাম্বাৰপাৰাৰ তৃতীয়খণ্ডৰ এঘৰ লোকৰ চোতালৰ দৃশ্য।

এনেদৰে গাখীৰখিনিক লৈ সমস্যাত পৰা মানুহজনৰ নাম মোকাদেশ আলি। মানুহজনৰ সমস্যা বহুদিনৰ পৰা। এই সমস্যাৰ কাৰণ তেওঁৰ পুত্ৰ। কাষৰ সমাজে বিচাৰে তেওঁৰ পুত্ৰক তাজ্য পুত্ৰ কৰক।

পুত্ৰই দেউতাকক কৈছে মোক তাজ্য পুত্ৰ ঘোষণা কৰ। সিহঁতে বিচৰাৰ দৰে কৰিলেই যদি সিহঁত সুখী হয় সেইটোকে কৰিবলৈ কৈ ঘৰ এৰিবলৈ পুত্ৰ সাজু। পুত্ৰৰ নাম আয়ুব আলি শৰ্মা।

পুত্ৰ চোৰ বা ডকাইত নহয়। পুত্ৰ এজন শিক্ষিত যুৱক। ইছলাম ধৰ্মৰ একাংশ গোড়া লোকৰ সৈতে পুত্ৰৰ সংঘাত। সেই সংঘাতৰ ফল ভোগ কৰিছে পৰিয়ালটোৱে। ফটুৱা জাৰি কৰি থোৱা হৈছে পৰিয়ালটোৰ বিৰুদ্ধে।

কোনো লোক তেওঁলোকৰ ঘৰলৈ আহিব নোৱাৰিব। কোনো লোকে তেওঁলোকৰ সামগ্ৰী কিনিব নোৱাৰিব। আনকি দোকান-পোহাৰতো তেওঁলোকে সামগ্ৰী ক্ৰয় কৰাত বাধা দিয়া আছে। সেয়েহে বয়-বস্তু কিনিবলৈ ঘৰৰ পৰা বহু দূৰলৈ যাব লগা হয়।

মানুহজনৰ ঘৰত আছে কেইবাজনীও গাই। পুৱা ১০ লিটাৰ, আবেলি ৮ লিটাৰ গাখীৰ খিৰাই। সেই গাখীৰবোৰ আমুলৰ এটা কেন্দ্ৰত তেওঁ দিয়েগৈ। কেইবাটাও কেন্দ্ৰই বাধা দিয়াৰ পাছত আঁতৰৰ চকলা আমুল গাখীৰ ক্ৰয় কৰা কেন্দ্ৰত দিবলৈ যাওঁতে তাতো দিয়া হ'ল বাধা।

কিয় এনে কৰা হৈছে এনে পৰিয়ালটোৰ সৈতে। পুখুৰীৰ মাছো ওচৰৰ মানুহে কিনাত বাধা দিয়া আছে। বাধা নামানি এজন লোকে তেওঁলোকৰ ঘৰৰ পৰা মুৰ্গীৰ কণী ক্ৰয় কৰোতে মছজিদত নি আঠু কঢ়াই তেনে নকৰো বুলি বেপাৰীজনৰ পৰা প্ৰতিশ্ৰুতি লোৱা হৈছিল।

মাতৃয়ে দেউতাকে উভতাই অনা গাখীৰ খিনি ঘৰৰ পুখুৰীটোত ঢালি দিলে। পুত্ৰই প্ৰয়োজনীয় কাপোৰ-কানি কেইটা লৈ গুৱাহাটীলৈ যাবলৈ ওলালে। গুৱাহাটীতেই কিবা এটা কৰি তাতেই থাকিব।

কটনত পঢ়ি থাকোতেই আয়ুবে এবাৰ সৰস্বতীপূজাৰ মূৰ্তিৰ সন্মুখত ৰৈ কপালত সেন্দুৰৰ ফোট লৈছিল। তাতো প্ৰশ্ন কৰিছিল সংকীৰ্ণ কিছু লোকে। আল্লাৰ নামত প্ৰচাৰ হোৱা বাণী তেওঁ মানি ল'ব নোখোজে। বহু বাণীত আনৰ ধৰ্মক নিকৃষ্ট সজা হয়।

আয়ুবে কোৰাণৰ কিছু ব্যাখ্যাক লৈ প্ৰশ্ন কৰিছিল। বিভিন্ন মাধ্যমত লেখা-মেলা কৰিছিল। ইছলামৰ বিৰুদ্ধে যোৱা বুলি আয়ুবৰ বিৰুদ্ধে সভা পতা হৈছিল। প্ৰায় ২০ হাজাৰ লোক সমবেত হৈ আয়ুবক কি কৰা যায় তাক লৈ আলোচনা চলিছিল।

২০১৮ৰ ৪ ছেপ্টেম্বৰত একত্ৰিত হৈছিল এই লোকসকল। মুফটি আব্দুল খালেকে আয়ুবৰ বিৰুদ্ধে ফটুৱা জাৰি কৰিছিল। মানুহবোৰক উত্তেজিত কৰি তুলিছিল। সেই সময়ত এই কথা আৰক্ষী বিষয়া হীৰেণ নাথক কোনোবাই জনাইছিল। প্ৰেৰণ কৰা হৈছিল আয়ুবৰ ঘৰলৈ ৬০ জনীয়া আৰক্ষী-চি আৰ পি এফৰ দল।

মুফটিয়ে এই সভাত কৈছিল ইছলামিক আইনৰ মতে আয়ুবৰ শাস্তি হ'ব লাগে মৃত্যুদণ্ড। ভাৰতত সেয়া সম্ভৱ নহয়। কিন্তু আপোনালোকে এই পৰিয়ালটোক বাদ দিয়ক। কোনো সম্পৰ্ক নাৰাখিব পৰিয়ালটোৰ সৈতে।

ইছলামৰ বিৰুদ্ধে গৈছে আয়ুব। আয়ুবে থানাত গোচৰ দিছিল। কিয়নো আয়ুবক কোৱা হৈছিল য'তেই নাথাকক তাক হত্যা কৰা হ'ব। আয়ুবৰ বিৰুদ্ধেও তৰা হৈছিল গোচৰ। ধৰ্মীয় আবেগত আঘাত সনা বুলি ৰুজু কৰা গোচৰত আয়ুবক গ্ৰেপ্তাৰ কৰা হৈছিল।

২০১৮ৰ ৩১ অক্টোবৰৰ পৰা ৪৫ দিন কাৰাগাৰত থাকি আয়ুব ওলাই আহিছিল। আৰক্ষীয়ে ভয় কৰিছিল ধৰ্মীয় অনুভুতিত আঘাত সনা বুলি উত্থাপিত অভিযোগৰ ফলত সঁচাকৈ কিবা এটা হ'ব বুলি। লেখা-মেলা কৰাটোৱে আয়ুবৰ অপৰাধ।

ইছলামক অস্ত্ৰোপ্ৰচাৰ কৰিছিল আয়ুবে। আয়ুবে ক্ষমা খুজি পুনৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগে বুলি প্ৰতিশ্ৰুতি বিচাৰে তেওঁলোকে। কাৰাগাৰৰ পৰা ওলাই আয়ুবে লিখিলে এখন গ্ৰন্থ। নাম নাস্তিকৰ জে'ল ডায়েৰী।

কওমী মাদ্ৰাছাবোৰত কি ঘটে। বাংলাদেশৰ এজন প্ৰখ্যাত লিখক চাইফুল বাতেন টিটুৱে লিখিছিল এখন গ্ৰন্থ। নাম আছিল বিষফোঁড়া। জ্যেষ্ঠ ছাত্ৰবোৰে কনিষ্ঠ ছাত্ৰবোৰক কেনেকৈ যৌন নিৰ্যাতন চলাই তাৰে কাহিনী আছিল এই গ্ৰন্থত।

আকৌ এটা ভুল সেই ৰক্ষণশীল লোকসকলৰ মতে আয়ুবে কৰিলে। আয়ুবে এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি দিলে। সেই সকল লোক আকৌ জকি উঠিল। এনেদৰে আয়ুবৰ ওপৰত তেওঁলোকৰ কুপদৃষ্টি পৰি থাকিল। পৰিয়ালটোক নিৰ্যাতন চলাই গ'ল।

আয়ুবে বৃদ্ধ পিতৃ-মাতৃৰ ওচৰত থাকিব বিচাৰিছিল। মানুহবোৰে বিচাৰিছিল হয় আয়ুবক এৰক, নহয় তাক সংশোধন কৰক। সেই চাপ বাঢ়ি গৈ থাকিল। ধৰ্মীয় চিন্তা চেতনাৰে পৰিপুষ্ট একাংশ লোকে ওচৰ চুবুৰীয়াক প্ৰৰোচিত কৰিবই। সময় বান্ধি দিয়া হৈছিল আয়ুবক।

এমাহৰ ভিতৰত ইছলামলৈ ঘূৰি আহিব লাগিব। সমাজখনৰ বাবেই, পিতৃ-মাতৃৰ কথা চিন্তা কৰি আয়ুবে নিজেই ক'লে দেউতাকক - মোক তাজ্য পুত্ৰ কৰি তঁহতি অন্তত নিৰাপদে থাক। গাখীৰ, তামোল, মাছখিনি বিক্ৰী নহ'লে খাবি কি।

আমি ইমান অসহনশীল হৈ গ'লো নে ? ধৰ্ম বিশ্বাসৰ বস্তু। কোনোবাই যদি ধৰ্মক বিশ্বাস নকৰি নাস্তিক হ'ব খোজে তাত কি উঠে আপত্তি। ইছলাম ধৰ্মৰো আছে বিগদ্ধ পণ্ডিত। তেওঁলোকে প্ৰয়োজনত আয়ুবৰ কথাবোৰ, যুক্তিবোৰ খণ্ডন কৰক। আয়ুবৰ দৃষ্টি ভংগী যদি ভুল সেয়া বুজাই দিয়ক।

ধৰ্মীয় অন্ধ হৈ কাৰোবাক এনে নিৰ্যাতন চলোৱাৰ জানো আজি সময়। আয়ুবেও ধৰ্ম নামানে মানেই এয়া নহয় কাৰোবাৰ বিচাৰধাৰাক কেৱল যুক্তিৰে আঘাত সনাৰ অধিকাৰ আছে। যিবোৰ কথা উত্থাপন আয়ুবে কৰিছে তাক লৈ চৰ্চা হওঁক, বিতৰ্ক নহয়।

আয়ুবে কথাখিনি ফোনতেই কৈছিল কি হৈ আছে তাৰ সৈতে। কি চলিছে তাৰ ঘৰখনত। আয়ুবক তাজ্য পুত্ৰ কৰি শোকত বিহ্বল হৈ পৰা মাক-দেউতাকৰ কথাও কৈছিল। আয়ুবৰ ফোনত ভাহি আহিছিল গাড়ীৰ শব্দ। আয়ুবে কৈছিল - মই গুৱাহাটী গৈ আছো। ঘৰ এৰি ওলাই আহিছো...

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in