ধন নহয়, পৰিশ্ৰম...

author-image
Asomiya Pratidin
New Update
ধন নহয়, পৰিশ্ৰম...

APSC RESULT

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অভিনন্দনৰ বৰষুণ পৰিছে। সকলোৱে এই আনন্দ আৰু সুখ বিলাই গৈছে। সামাজিক মাধ্যমত খবৰবোৰ বিয়পি পৰিছে। প্ৰায় সকলেই তেওঁলোকৰ এই সফলতাৰ খবৰ দিছে। এটা ভাললগা পৰিৱেশ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশৰ পাছতেই ঘোষণা কৰা হৈছিল ২০২০ বৰ্ষত অনুষ্ঠিত হোৱা অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষাৰ ফলাফল। তাৰ পাছত এই ভাললগা খবৰবোৰ মানুহে ভাগ বতৰা কৰি লৈছিল।

২০২০ বৰ্ষত অনুষ্ঠিত হোৱা পৰীক্ষাৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৮৯৮ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,০০১ গৰাকী পৰীক্ষাৰ্থী মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল। তাৰ ভিতৰত ১২১ গৰাকীয়ে অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।

এইসকলক এ.চি.এছ বিষয়াৰূপত আমি পাম। ইয়াৰ উপৰিও অসম আৰক্ষী সেৱাৰ বাবে ৬৯ গৰাকী, কৰ অধীক্ষকৰ বাবে ৬ গৰাকী, জিলা পৰিবহণ বিষয়া হিচাপে ৫ গৰাকী, শ্ৰম পৰিদৰ্শক হিচাপে ১৮ গৰাকী, কৰ পৰিদৰ্শক হিচাপে ২৭ গৰাকী নিৰ্বাচিত হৈছে।

৩৩ গৰাকীয়ে খণ্ড উন্নয়ন বিষয়া হিচাপে, ৪ গৰাকীয়ে নিয়োগ বিষয়া হিচাপে, ৩১ গৰাকীয়ে উপ-পঞ্জীয়ক হিচাপে, ১০ গৰাকীয়ে উদ্যোগিক প্ৰৱন্ধক হিচাপে নিযুক্তি লাভ কৰিব। মুঠ ৩৩১ গৰাকী বিষয়া ৰাজ্যখনে লাভ কৰা বাট এই পৰীক্ষাই মুকলি কৰিলে।

এ.চি.এছত বিজিত পাঠক প্ৰথম আৰু এ.পি.এছত কৰবী বণিয়া প্ৰথম হ'ল। পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ে প্ৰস্তুত কৰিছিল তেওঁলোকে নিজক। বিভিন্ন সময়ত এই পৰীক্ষাৰ নামত সংঘটিত দুৰ্নীতিয়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল।

এইবাৰ সেই পৰিৱেশ নাই। যোগ্যজনে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি পতিয়ন যাব পৰা এক পৰিৱেশে আস্বস্ত কৰিছে যে পৰৱৰ্তী সময়ত এইসকল বিষয়াৰ ওপৰত স্বচ্ছ আৰু নিকা সেৱা ৰাজ্যবাসীয়ে লাভ কৰিব।

সকলোৰে সপোন থাকে এই পৰীক্ষাত উত্তীৰ্ণ হৈ নিজকো প্ৰতিষ্ঠা কৰা। যিকোনো প্ৰকাৰে সেই সপোন বাস্তৱ কৰিবলৈ তেওঁলোকে নিজকে কেনেকৈ সাজু কৰে সেয়া নেদেখিলে কল্পনা কৰিব নোৱাৰি।

লিখিত পৰীক্ষাত ৩ ঘন্টাকৈ এটা বিষয়ত পৰীক্ষাৰ্থী সকলে একেৰাহে ৩ দিন মুঠ ৬খন প্ৰশ্ন কাকতৰ উত্তৰ লিখিবলগীয়া হৈছিল। অসামৰিক সেৱাৰ বিষয়া হ'বলৈ এটা সময়ত পঢ়া-শুনা বা এনে কষ্টতকৈ ধনৰ প্ৰয়োজন বেছি হৈ পৰিছিল। কোনোবা ক্ষমতাশালী লোকৰ হাত নাথাকিলে কেৱল মেধাৰ বলত এই পৰীক্ষাত উত্তীৰ্ণ হোৱাতো অসম্ভৱ আছিল।

ৰাকেশ পাল, তাৰা প্ৰসাদ দাস আদিৰ দৰে এ.পি.এছ.চিৰ অধ্যক্ষ সকলৰ বিৰুদ্ধে ভয়ংকৰ অভিয়োগ পোহৰলৈ আহিল। সকলোৰে শীৰ্ষত থাকিল ৰাকেশ পাল। কি প্ৰক্ৰিয়াৰে তেওঁ এ.পি.এছ, এ.চি.এছ দিছিল সেয়া এতিয়া সকলোৱে জানে।

ডিব্ৰুগড়ৰ এগৰাকী পশু চিকিৎসকৰ বাবে পোহৰলৈ আহিছিল ৰাকেশ পালৰ দিনত সংঘটিত এ.পি.এছ.চিৰ বিয়াগোম কেলেংকাৰীৰ। তাৰ পাছতহে এ.পি.এছ.চিত সংঘটিত দুৰ্নীতিৰ বহু কাহিনী মানুহে গম পালে।

লাহে লাহে এই পৰীক্ষাক লৈ মানুহ সচেতন হ'ল। পুনৰ আজি মেধাৰ বলতহে যে এ.চি.এছ, এ.পি.এছ পাব পাৰি তেনে এখন ছবি ধৰা দিছেহি। সেই বিশ্বাস আৰু আস্থা ভৱিষ্যতে অটুত থাকিলেহে দুৰ্নীতি মুক্ত এখন সমাজ সম্ভৱ হ'ব।

দুৰ্নীতিগ্ৰস্ত বিষয়া সকলে ধন দি চাকৰি লৈ যিকোনো প্ৰকাৰে ধন সংগ্ৰহ কৰাৰ চেষ্টা কৰে। বহু বিষয়াৰ ঘৰত অভিযান চলালে লাখে লাখে টকা ওলায়। হয়তো তেনে বহু বিষয়া সাৰিও গৈছে। নতুন প্ৰজন্মৰ এইসকল বিষয়াই নি:সন্দেহে পৰিৱৰ্তন বিচাৰিব বুলি আশাবাদী।

যিসকলে এই পৰীক্ষাত সফলতা লাভ কৰিলে তেওঁলোকক লৈ সাধাৰণ লোকৰ মাজত সৃষ্টি হোৱা উচাহ অতি আশাব্যঞ্জক। এনে ইতিবাচক আৰু যোগাত্মক খবৰে এক সুস্থ পৰিৱেশৰ ৰচনা কৰিব। অভিনন্দন আমাৰ নতুন প্ৰশাসকসকলক।

assam apsc result