২০২৪ত নিৰ্বাচনত নামিবলৈ সচাকৈয়ে সাজু নেকি বৰষা ৰাণী বিষয়া !

২০২৪ত নিৰ্বাচনত নামিবলৈ সচাকৈয়ে সাজু নেকি বৰষা ৰাণী বিষয়া !

- মৃদুল কুমাৰ সন্দিকৈ

নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ হৈছে । ২০২৪ লৈ ৰাজনৈতিক দৃষ্টিকোণেৰে বৰ বেছি দিন নাই । সাজু হৈছে শাসকীয় দল বিজেপি, সাজু হৈছে কংগ্ৰেছ আৰু আন বিৰোধী । সন্মুখত নিৰ্বাচন থাকিলে এনে ব্যস্ততা আৰু প্ৰস্তুতি বছৰ চেৰেক আগৰ পৰাই চলে । দিল্লীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকো আৰম্ভ হৈছে লোকসভাৰ নিৰ্বাচনক লৈ । ৰোড শ্ব’তো অংশ লৈছে প্ৰধান মন্ত্ৰীয়ে ।

অসমতো সেই বতাহে লাহে লাহে কোবাই গৈছে । ঘুনুক ঘানাককৈ বহু খবৰ ওলাইছে । এইবাৰ বোলে গুৱাহাটীত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ দৌৰত নামিছে এগৰাকী অভিনেত্ৰীও । সঠিক খবৰলৈ কিছু দিন অপেক্ষা কৰিব লাগিব । তেওঁ সচাকৈয়ে প্ৰাৰ্থী হয় নে নহয় বা সেই সুযোগ পাই নেপাই তাৰ উত্তৰ এতিয়া সময়ৰ হাতত ।

কিন্তু চৰ্চা চলা খবৰটো হ'ল বৰষা ৰাণী বিষয়া গুৱাহাটী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব । কা আন্দোলনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে এক ভূমিকা লৈছিল । কা নালাগে বুলি বিভিন্ন সভা সমিতিত হাতত মাইক্ৰফোন লৈ সাধাৰণ মানুহ বোৰক আৱেগিক কৰি তোলা সকলৰ ভিতৰত তেৱোঁ আছিল অন্যতম । সময় অতিবাহিত হোৱাৰ লগে লগে মানুহৰ মন বোৰো সলনি হয় । অৱস্থানবোৰৰো সলনি হোৱাতোৱেই স্বাভাৱিক । আচৰিত বা অবিশ্বাস্য খবৰ এইয়া হয়তো নহয় ।

ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লোকসভা নিৰ্বাচন ২০২৪ ৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰাৰ খবৰো আহিছে । ১৪ টা সমষ্টিৰ বাবে ৫০ জনীয়া এই তালিকা কেন্দ্ৰীয় নেতৃত্বলৈ হেনো প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ৮ জানুৱাৰীতেই প্ৰেৰণ কৰা হৈছে । সেই তালিকা অনুসৰি, কৰিমগঞ্জত নৱৰিতা জয় শুক্লা আৰু সম্ভু সিং মল্লাহৰ নাম আছে ।

শিলচৰত ৪ জন সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম এই পেনেলত সন্নিৱিষ্ট কৰা হৈছে । কমলাক্ষ দে' পুৰকায়স্থ, সজল আচাৰ্যী, অভিজিৎ পল আৰু মিছবাহুল ইছলাম লস্কৰ । ডিফুৰ আসন খনৰ বাবে প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং, সিং তেৰণ, ক্লেংদন ইংতি, ধুবুৰীৰ বাবে আব্দুল হামিদ, ৰকিবুল হুছেইন, ৱাজাদ আলি চৌধুৰী, মতিউৰ মণ্ডলৰ নাম থকাৰ কথা কোৱা হৈছে ।

কোকৰাঝাৰৰ বাবে গৰ্জন মুছাহাৰী, ধনেশ্বৰ বড়ো, সঞ্জীৱ ৱাড়ে, বৰপেটাৰ বাবে আব্দুল খালেক, গুৱাহাটীৰ বাবে দ্বীজেন শৰ্মা, ববিতা শৰ্মা, ৰাণী নৰহ, মানস বৰা, ৰমেন বৰঠাকুৰ, মীৰা বৰঠাকুৰ, মঙলদৈৰ বাবে মাধৱ ৰাজবংশী, বসন্ত দাস, ৰিজুমনি তালুকদাৰ, ৱাহিদা আহমেদৰ নাম এই তালিকাত উল্লেখ আছে ।

তেজপুৰৰ সাম্ভাৱ্য প্ৰাৰ্থী সকলৰ ভিতৰত আৰ পি শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অভিজিৎ হাজৰিকা, কাৰ্তিক কুৰ্মী, দিলিপ বৰুৱাৰ নাম তালিকাত ঠাই পাইছে ।

নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰত গৌৰৱ গগৈ, যোৰহাটত দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী, মঞ্জিৰ গগৈ, অ্কিতা দত্ত, অজয় গগৈ, ডিব্ৰুগড়ৰ বাবে বিপুল গগৈ, এটোৱা মুণ্ডা, ৰাজু চাহু, প্ৰণৱ বৰুৱা, মীনা তেলী, লখিমপুৰৰ বাবে হেমহৰি পেগু, শৈলেন সোণোৱাল, ঘন বুঢ়াগোহাঁই, দীপেন বৰা, জ্যোতি দলে'ৰ নামেৰে এই প্ৰাৰ্থী পেনেলৰ তালিকা প্ৰস্তুত কৰা হৈছে বুলি প্ৰচাৰিত খবৰে বহু আগতীয়াকৈ হ'লেও লোকসভা নিৰ্বাচনৰ এক পট পৰিৱেশ ৰচনা কৰিছে ।

এইবাৰ লোকসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । দুটাকৈ কাৰ্যকাল কেন্দ্ৰত শাসনত থকাৰ পাছত আৰু বিজেপিৰ শেহতীয়া ৰাজনৈতিক ৰণকৌশলৰ ওচৰত কংগ্ৰেছ প্ৰায় বিধ্বস্ত হৈ পৰিছিল । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী, কংগ্ৰেছৰ সভাপতি ৰূপে নতুনকৈ মল্লিকাৰ্জুন খাৰ্গে দ্বায়িত্ব লোৱাৰ পাছত দলটোৱে কি ফলাফল লাভ কৰে সেইয়া এতিয়াই কৈ দিব পৰা বা অনুমান কৰিব পৰা নাযায় ।

বৰষা ৰাণী বিষয়া সেই নিৰ্বাচনৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত নামিবও পাৰে । ৰাজনীতিত হঠাৎ কিছু প্ৰেক্ষাপটৰ সৃষ্টি হয় । কোন কেতিয়া প্ৰয়োজনীয় আৰু কাক কেতিয়া ৰাজনীতিৰ পৰা ঠেলি আতৰাই পঠিওৱা হয় তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাথাকে । কিন্তু অতি সূক্ষ্মভাৱে এই তালিকাখন লক্ষ্য কৰিলে এই খবৰটো সঁচা বুলি মানিবলৈ টান হয় ।

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ১৪ টা সমষ্টিৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ পেনেল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে হাই কামাণ্ডলৈ প্ৰেৰণ কৰা বুলি যিখন তালিকা প্ৰচাৰ কৰা হৈছে সেই তালিকাখনত সকলো ঠিকে থাকিলেও তাত উল্লেখ কৰা তাৰিখটোৱে হে সন্দেহ আনিছে । তালিকাখনত ৮-০১-২০২২ অৰ্থাৎ এবছৰৰ পূৰ্বেই এই তালিকা প্ৰস্তুত কৰা বুলি দেখুওৱা হৈছে । সেইয়া প্ৰদেশ কংগ্ৰেছৰ ভুল নে কোনোবাই ৰাজনৈতিক ধেমালি কৰিবলৈ এনে তালিকা প্ৰস্তুতেৰে মানুহক বুৰ্বক সজোৱাৰ চেষ্টা কৰিছে তাৰ উত্তৰ ভূপেন বৰাতকৈ আন কোনোৱে সঠিক ভাৱে দিব নোৱাৰে । একেদৰেই বৰষা ৰাণী বিষয়াক লৈ যি খবৰ লাহে লাহে বিয়পিছে সেই প্ৰশ্নৰ উত্তৰো এতিয়া অভিনেত্ৰী গৰাকীৰ হাতত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in