মানুহে মোক বৰ বেয়া পাই চাগে! সেয়েহে জীয়াই থাকোতেই…

মানুহে মোক বৰ বেয়া পাই চাগে! সেয়েহে জীয়াই থাকোতেই…

author-image
asomiyapratidin
New Update
মানুহে মোক বৰ বেয়া পাই চাগে! সেয়েহে জীয়াই থাকোতেই…

মৃদুল কুমাৰ সন্দিকৈ

'মই আচৰিত! কেনেকৈ বিয়পাব পাৰে এনে খবৰ…। বৰ মানসিক আঘাত পাইছো। কালিৰ পৰা ইটোৰ পিছত সিটো ফোন… মোক বেয়া পোৱা মানুহবোৰে চাগে এই খবৰ বিয়পাই দিছে। এটা খবৰ সঁচা, মিছা একো নজনাকৈ এনেদৰে অপ্ৰচাৰ চলালে কিমান কষ্ট পাব পাৰে, সেই কথা তেওঁলোকে নাভাবিলে…'

গৈ পোৱাৰ লগে লগে তেওঁ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ২৮ জুন, ২০১৯, শুকুৰবাৰে হঠাৎ বিয়পিছিল এই খবৰ- 'বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই!' ফেচবুক, হোৱাটছএপ সকলোতে ভাইৰেল হৈ পৰিছিল খবৰটো। এই খবৰ গৈ পৰিছিলগৈ যিগৰাকী অভিনেতাৰ মৃত্যু হৈছে বুলি কোৱা হৈছিল, তেওঁৰ কাণতো।

অস্ত্ৰোপচাৰৰ পাছত ঘৰত জিৰণিত আছে বিশিষ্ট অভিনেতা নিপন গোস্বামী।

এনে খবৰ বিয়পোৱা সকলৰ বিৰুদ্ধে মানুহ জাঙুৰ খাই উঠিছে। সুস্থ হ'বলৈ ধৰা এগৰাকী ব্যক্তিক এইদৰে মানসিক নিৰ্যাতন চলোৱাৰ কাৰো অধিকাৰ নাই। চিলনীয়ে কাণ নিলে বুলি ক'লেই কাণখন আছে নে নাই নাচাই এনে খবৰৰ পিছত দৌৰা সকলৰ বাবেই এতিয়া ভীষণ ক্ষুব্ধ এইগৰাকী বিশিষ্ট অভিনেতা।

২৯ জুন, ২০১৯, শনিবাৰে আমি ফোন কৰিছিলো নিপন গোস্বামীলৈ। তেখেতে নিজেই ফোনটো ধৰি কৈছিল- 'কথা পাতিব পাৰিম। ওলোৱা সোমোৱাহে কৰিব নোৱাৰো। তোমালোক আহা…।' তাৰ পাছতেই নিপন গোস্বামীৰ কাষলৈ আমি তেখেতৰ অনুমতি সাপেক্ষে গৈছিলো।

লক্ষী চাৰ্ভিছৰ তমস্কাৰ এপাৰ্টমেন্টতে থাকে নিপন গোস্বামী।

ঘৰত থকা ল'ৰাটোক কৈ থৈছিল তেওঁ। কলিং বেল টিপাৰ লগে লগে ল'ৰাজনে আহি আমাক তমস্কাৰ এপাৰ্টমেন্টৰ এ-১ ফ্লেটটোৰ দুৱাৰ খুলি দিলে। লৈ গ'ল কাষৰ এটা ৰুমলৈ। বিচনাতে আৰাম কৰি আছিল অসমীয়া বোলছবি জগতৰ নায়কগৰাকী।

এতিয়া কিছু আৰামৰ প্ৰয়োজন। সকলোবোৰ ঠিকে থাকেই আছে…

আমি পুনৰ তেওঁক সুধিলো- আপোনাৰ লগত কথা পাতিলে অসুবিধা হয় যদি আমি নাপাতো। আমি খবৰ ল'বহে আহিছো। সেই স্বভাৱসুলভ হাঁহি আৰু গাম্ভীৰ্যতাৰে তেওঁ ক'লে- 'নাই নাই, মই ঠিকেই আছো। উঠা মেলাতহে সমস্যা… পাতিব পাৰা কথা। দেখিছানে কি ধৰণৰ কথাবোৰ উলিয়াই দিলে…।'

এনেদৰে একাংশই বিয়পাইছিল উৰা বাতৰি…

অত্যন্ত মনোকষ্টত আছে তেখেত। বুজি পালো তেখেতে কিছু কথা ক'ব খোজে। তাৰ পাছত আমি তেখেতৰ সৈতে কথা পতাৰ যত্ন কৰিলো। কথা পাতি থাকিলে তেখেত যে অসুস্থ সেয়া অনুমানে নহয়। তেতিয়া সেই কোঠাটোত আছিল তেওঁৰ অসুস্থতাৰ খবৰ পাই মুম্বাইৰ পৰা দৌৰি অহা বোৱাৰী কিংকিনী।

বিশিষ্ট অভিনেতা নিপন গোস্বামী সন্দৰ্ভত চলোৱা এই উৰা বাতৰিয়ে ৰাজ্যবাসীকো মৰ্মাহত কৰিছে। বিশিষ্ট অভিনেতাগৰাকীয়ে ক'লে- 'মই বৰ আচৰিত হৈছো। এইটো বৰ অন্যায় কাম কৰিছে। মই ভাবো এই ধৰণৰ মানুহ বিলাকক অলপ বন্ধ কৰিব লাগে। পেজ বিলাক বন্ধ কৰিব লাগে। মইতো দুখ পাইছো। সাংঘাতিক দুখ পাইছো।'

এক দুৰ্ঘটনাৰ পাছত তেওঁ এইদৰে চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনা হোৱাৰ আগদিনা তেওঁ নগাঁৱলৈ গৈছিল। বাথৰুমত তেওঁ পৰাৰ ফলত চিকিৎসাধীন হৈছিল। 'এতিয়া ভাল হৈছো। তাৰ মাজতে মানুহৰ মাজলৈ ইমান এটা ভুল বাতৰি দিলে, মই আচৰিত হৈছো। মই নাভাবো, মোক ইমানখিনি মানুহে ভাল পায়, তাৰ মাজতে এনেকুৱা মোক বেয়া পোৱা মানুহ ওলাব। এই খবৰবোৰ দিছে, কিন্তু নজনা, নুশুনাকে দিছে। একে খবৰেই লোৱা নাই। এনেকুৱা কাম কৰিব নাপায় কাৰো ক্ষেত্ৰতে। মই বৰ মানসিক আঘাত পাইছো।' -তেওঁ আমাৰ আগত এনেদৰে দুখ ব্যক্ত কৰে।

বাসগৃহত সাচি থৈছে ৰাইজৰ এই মৰম আদৰবোৰ…

নিপন গোস্বামী অসমীয়া ছবিজগতৰ এক প্ৰাণস্পন্দন। ১৯৪৭ চনত জন্মগ্ৰহণ কৰা নিপন গোস্বামীয়ে এশৰো অধিক ছবিত অভিনয় কৰিছে। আজিও সক্ৰিয় এই অভিনেতাগৰাকীৰ পিতৃ আছিল বিশিষ্ট অভিনেতা চন্দ্ৰধৰ গোস্বামী। তেওঁৰ মাতৃ আছিল কণ্ঠশিল্পী নিৰুপমা গোস্বামী। তেজপুৰৰ কলিবাৰীত জন্মগ্ৰহণ কৰা নিপন গোস্বামীয়ে এল পি স্কুলত পঢ়ি থকা সময়তেই লাচিত বৰফুকন নাটকত অভিনয় কৰিছিল। ১৯৫৭ চনত মুক্তি পোৱা ফণী শৰ্মাৰ 'পিয়লি ফুকন' ছবিতো অভিনয় কৰিছিল নিপন গোস্বামীয়ে।

বি এ পৰীক্ষাৰ ফাইনেল দিয়েই কলিকতাত ইন্টাৰভিউ দি তেওঁ ১৯৬৫ চনত গৈছিল পুনেলৈ। পুনে ফিল্ম ইনষ্টিটিউতত তেওঁ নামভৰ্তি কৰি অভিনয়ৰ শিক্ষা লৈছিল। সুভাষ ঘাই, শত্ৰুঘ্ন সিনহা, নবীন নিচ্চল, ৰাকেশ পাণ্ডে আছিল তেওঁৰ অভিনয়ৰ শিক্ষাৰ সহপাঠী। দুবছৰীয়া অভিনয়ৰ শিক্ষা সাং কৰি তেওঁ কেইবাখনো হিন্দী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা হিন্দী ছবিবোৰৰ ভিতৰত- 'দো অনজানে', 'জগ্গু', 'দো ভাই', 'মৌকা', 'বিৰোধী', 'দামন' আছিল অন্যতম।

'কাদম্বৰী'ত নিপন গোস্বামী।

নিপন গোস্বামীৰ সৈতে কথাবোৰ পাতি থাকোতে ঘনে ঘনে বাজি আছিল ফোনটো। প্ৰতি মিনিটতে ৰিং হৈছিল ফোনটো। সকলোৱে তেওঁৰ খবৰ লৈছিল। চিনাকি, অচিনাকি অজস্ৰজনে তেওঁৰ কুশল বাৰ্তা সুধিছিল। আমাক তেওঁ ৰখাই ক'লে- 'ৰ'বাচোন দেই, ফোনটো ধৰি লও…।'

২৮ জুন, ২০১৯, শুকুৰবাৰে এই উৰা বাতৰি বিয়পি পৰাৰ পাছত ফোনৰ ওপৰত ফোন তেওঁলৈ। ৰাতি ১০ মান বজালৈকে তেওঁ ফোন ধৰি ধৰি শেষত ফোনটো বন্ধ কৰি থব লগা হৈছিল।

পুনেত অভিনয়ৰ শিক্ষা লোৱাৰ পাছত তেওঁ প্ৰথম ১৯৬৫ চনত 'সংগ্ৰাম' নামৰ অসমীয়া ছবিখনত অভিনয় কৰিছিল। তাৰ পাছতে 'ডা০ বেজবৰুৱা', 'শেষ বিচাৰ', 'আজলি নবৌ', 'ককাদেউতাৰ নাতি আৰু হাতী', 'নয়নমণি', 'ঘৰ সংসাৰ', 'জীৱন সুৰভি', 'পূজা', 'বৰুৱাৰ সংসাৰ' আদি অসমীয়া ছবিত অভিনয়ৰে দৰ্শকৰ মন মুহিছিল এইগৰাকী তাৰকা অভিনেতাই।

এইবোৰ সোণালী দিনৰ স্মৃতি…

'তুষাৰতীৰ্থ অমৰনাথ', 'মৌ শেৰ', 'দেবাঞ্জলী', 'দূৰন্ত চৰাই' আদি বাংলা ভাষাৰ ছবিতো অভিনয় কৰা বিশিষ্ট অভিনেতাগৰাকীয়ে অকলেই থাকে ফ্লেটটোত। পিতৃৰ অসুস্থতাৰ খবৰ পাই মুম্বাইত থকা নিপন গোস্বামীৰ পুত্ৰ-বোৱাৰী আহিছিল তেওঁৰ কাষলৈ। চিকিৎসালয়ত থকাৰ সময়ত পুত্ৰ আছিল অভিনেতাগৰাকীৰ কাষত। এতিয়াও তেওঁৰ বোৱাৰী গুৱাহাটীতে আছে যদিও পুত্ৰ কামৰ বাবে উভতি গৈছে মুম্বাইলৈ।

১১ জুন, ২০১৯। সেইদিনাই চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল নিপন গোস্বামীক। পুৱাৰ ভাগতে তেওঁ উঠি বাথৰুমত সোমাইছিল গা ধুবলৈ। মূৰত চেম্পু সানি চেম্পুৰ বটলটো থব লওঁতেই তেওঁ পিছল খাই পৰিছিল। তেওঁৰ কোঠাটোৰ সৈতে সংলগ্ন বাথৰুমৰ ভিতৰতে কিছু সময় তেওঁ পৰি আছিল। পিছত বাথৰুমৰ দৰ্জাখনত ধৰি কোনোমতে উঠিছিল।

বাথৰুমৰ দৰ্জাত ধৰি তেওঁ কোনোমতে থিয় হৈছিল…

কিছু সময় পাছতে আহিছিল ঘৰত কাম কৰা মানুহগৰাকী। তেওঁক চকী এখনত বহাই দিবলৈ কৈ ফোন কৰিছিল নিজেই এম্বুলেন্সৰ বাবে। পুত্ৰৰ লগতে আন লোকসকলোকে তেওঁ এই খবৰ জনাইছিল। ফ্লেটটোত থকা আন আৱাসীসকলে তেওঁক সহায় কৰিছিলহি। তাৰ পিছতে এম্বুলেন্স আহি পোৱাত তেওঁ ভৰ্তি হৈছিল জি এন আৰ চিত।

১১ জুন, ২০১৯ত তেওঁক ভৰ্তি কৰা হৈছিল জি এন আৰ চিত

জি এন আৰ চিত তেওঁক চিকিৎসকে পৰীক্ষা কৰি এটা সৰু অস্ত্ৰোপচাৰ কৰাৰ কথা কৈছিল। ভৰ্তি হোৱাৰ চাৰি দিনৰ পিছত সুকলমে হৈ গৈছিল সেই অস্ত্ৰোপচাৰ। আৰু তাৰ পাছত তেওঁৰ স্বাস্থ্য ভাললৈ আহে। ঘূৰি আহে চিকিৎসালয়ৰ পৰা ঘৰলৈ…।

এতিয়া তেওঁ ৱাকাৰত ধৰি খোজ কাঢ়িব পাৰে। ওলোৱা সোমোৱা কৰে ঘৰৰ ভিতৰত। সমান্তৰালভাৱে চলি আছে ফিজিঅ'থেৰাপী। ডাক্তৰৰ মতে এমাহমান জিৰণি ল'লেই সকলো ঠিক হ'ব। বিচনা খনৰ কাষতে থকা ৱাকাৰডাল দেখুৱাই তেখেতে কৈছিল- 'এইডালত ধৰি মই খোজ কাঢ়িব পৰা হৈছো…।'

খোজ কাঢ়িব পৰা হৈছে তেওঁ…

সুস্থ হৈয়ে তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহিব। বহু কাম তেওঁৰ বাকী আছে। বিচৰা চৰিত্ৰতো তেওঁ যেন এতিয়াও পোৱা নাই। সপ্ৰতিভ আৰু অত্যন্ত নিষ্ঠাৰে অভিনয় জগতত সকলোৰে আদৰ্শ হোৱা নিপন গোস্বামীয়ে বিচাৰি ফুৰিছে পচন্দৰ এটা চৰিত্ৰ। অথচ তেওঁ অভিনয় কৰা প্ৰতিটো চৰিত্ৰই ৰাইজৰ পচন্দৰ। কোনে পাহৰিব পাৰে 'কাদম্বৰী'ৰ সেই বৃদ্ধজনক। তেওঁ যি চৰিত্ৰতে অভিনয় কৰে, সেই চৰিত্ৰকে অদৰি লয় দৰ্শকে।

এসময়ত অসমীয়া ছবি চাবলৈ মানুহে গাড়ী ভাড়া কৰি আহিছিল। এতিয়া সেই দিন নাই। অসমীয়া ছবিৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে। এইবোৰ দিশতো তেওঁ যথেষ্ট সচেতনতাৰে লক্ষ্য কৰে। তেওঁৰ মতে বিভিন্ন কাৰণত এয়া হৈছে। তেনে কেইটামান কাৰকৰ কথাও তেওঁ ক'লে।

ডেকা কালৰ ফটো…

অত্যন্ত চৌখিন মানুহজন। বিচনাত পৰি থাকিলেও তেওঁৰ মুখত বিৰিঙি আছিল ক্লান্তহীন দূৰন্ত অভিনেতাজন। 'মই ঠিকেই আছো, ভৰিখন ভাল হ'লেই পুনৰ অভিনয় কৰিম।' বিচনাৰ শিতানতে আছিল এখন বিশেষ ফটো। সেইখনলৈ চাওতে তেওঁ ক'লে- 'এইখন ডেকা কালৰে ফটো।'

অভিনেতা নিপন গোস্বামীৰ বোৱাৰী কিংকিনীয়ে জনালে এই ধৰণৰ খবৰে সাংঘাতিক আঘাত দিছে তেওঁক। মনত বৰ দুখ পাইছে। পৰিয়ালে সেয়েহে এনে কাৰ্যত লিপ্ত থকাসকলৰ বিৰুদ্ধে চানমাৰী থানাত এজাহাৰ এখন দিছে।

চিনেমাৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ সৈতেও জড়িত আছিল নিপন গোস্বামী। আবাহন, হেঙুল, শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল তেওঁ। কেইবাখনো নাটক পৰিচালনা কৰিছে নিপন গোস্বামীয়ে। মুনীন বৰুৱাৰ সৈতে তেওঁ যৌথভাৱে 'প্ৰতিমা' নামৰ বোলছবি খন পৰিচালনা কৰিছিল। 'হিয়া দিয়া নিয়া', 'মিঠা মিঠা লগন', 'বৰলাৰ ঘৰ', 'মইনাজান', 'শকুন্তলা আৰু শংকৰ যোছেফ আলী' আদি ছবিৰ লগতে বৰ্তমানেও বহুকেইখন ধাৰাবহিকত অভিনয় কৰি আছে নিপন গোস্বামীয়ে।

পুত্ৰ সিদ্ধাৰ্থৰ সৈতে নিপন গোস্বামী…

কম দিনৰ ভিতৰতে সুস্থ হৈ উঠিব তেওঁ। সুস্থ হৈয়েই পুনৰ যাব অভিনয় জগতলৈ ঘূৰি। এতিয়াও তেওঁ বিচাৰি আছে অভিনয় কৰিব বিচৰা প্ৰিয় চৰিত্ৰতো। তাৰ মাজতে কোনো এক চক্ৰই বিয়পাই দিয়া এই খবৰটোৱে তেওঁক যথেষ্ট মনোকষ্ট দিছে। বিজু ফুকনৰ বিয়োগৰ পাছত মানুহজন কিছু ভাগি পৰিছিল। কিন্তু তেওঁৰ মনত আছে দৃঢ়তা আৰু উদ্যম।

বিদায় লোৱাৰ সময়তো তেওঁ ক'লে- 'এনেকুৱা অন্যায় মানুহক কৰিব নাপায় বুজিছা। ইমান ডাঙৰ খবৰ এটা মিছাকৈ বিয়পাই দিয়াৰ আগতে এবাৰতো ভাবি চাব লাগে। সঁচা মিছাৰ বিচাৰ নকৰাকৈ কেনেকৈ পাৰে এনে খবৰ এটা দিবলৈ? কাৰোবাৰ মনত কিমান আঘাত হানিব পাৰে এই খবৰে, তেওঁলোকে কল্পনাই কৰিব নোৱাৰে। মই ভাবি আছিলো, মোক মানুহে ভাল পায়। কিন্তু এই খবৰ শুনি ভাবিবলৈ লৈছো, মোক ইমান বেয়া পোৱা মানুহ আছেনে..?'

উত্তৰ যদিও আমাৰ হাতত নাছিল, আমি তেওঁক কৈছিলো- তেনে মুষ্টিমেয় মানুহৰ বিপৰীতে আপোনাক ভাল পোৱা মানুহৰ সংখ্যাই বেছি। সেয়েহে ইমান ফোন আপোনালৈ। ছ'চিয়েল মিডিয়াতো আপোনাৰ সুস্বাস্থ্য সকলোৱে কামনা কৰিছে। আপুনি দুখ নকৰিব…।

তেওঁ উদাস চাৱনিৰে ওপৰলৈ চাইছিল আৰু কৈছিল- 'ধন্যবাদ। তোমালোক যে আহিলা সঁচাটো বিচাৰি… ৰাইজে আশীৰ্বাদ কৰক…।' আমি তেওঁক অহাৰ আগতে কৈ আহিছিলো- অসমৰ ৰাইজৰ আশীষ আৰু প্ৰাৰ্থনা সদায় আছে আপোনাৰ সৈতে। এই খবৰবোৰক লৈ মৰ্মাহত নহ'ব। কিমান মনোকষ্ট পাইছে, আমি উপলব্ধি কৰিছো।

তেখেতৰ কাষৰ পৰা উভতাৰ সময়ত কাণত বাজি থাকিল সেই বাক্য কেইটা- 'মোৰ দৰে অন্যায় কাৰো সৈতে নহওক। জীয়াই থাকোতে এনে এটা খবৰ… এনে অপকাৰ কৰিব নাপায়…!' কথা কেইটা কৈ থাকোতে তেওঁৰ চকু দুটাও যেন সেমেকি উঠিছিল।