/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/714bbdbf-6a44-481e-93d3-fa29696809d8.jpg)
♦ মৃদুল কুমাৰ সন্দিকৈ
অসমত ১৪টা সমষ্টিত অনুষ্ঠিত হৈ গ'ল লোকসভা নিৰ্বাচন। এই নিৰ্বাচনৰ অন্তত এতিয়া সকলোৰে মনত এটা প্ৰশ্ন- এইবাৰ নিৰ্বাচনৰ ফলাফল কি হ'ব। কিমানখন আসন কংগ্ৰেছে পাব? বিজেপিয়ে দাবী কৰাৰ দৰে ১০ খনৰো অধিক আসন অসমত পাবনে? গুৱাহাটী সমষ্টিত কোন জিকিব? ববিতা শৰ্মা নে কুইন ওজাই শেষ হাঁহি মাৰিব গুৱাহাটীত?
মঙলদৈত কংগ্ৰেছ নে বিজেপি প্ৰাৰ্থী জয়ী হ'ব? এআইইউডিএফে ২০১৪ চনৰ দৰে দুখন আসনতে জয়ী হ'ব নেকি? ধুবুৰী আৰু কৰিমগঞ্জ এআইইউডিএফৰ দখলতে পুনৰ থাকিব নেকি? কোকৰাঝাৰত প্ৰমিলাৰাণী ব্ৰহ্ম জয়ী হ'ব পাৰিবনে? ৰাজেন গোহাঁইক প্ৰাৰ্থিত্ব নিদিয়া নগাঁও সমষ্টিত ৰূপক শৰ্মাই প্ৰদ্যুত বৰদলৈক বলে পাৰিবনে?
তেজপুৰ সমষ্টিত এমজিভিকে ভানুৱে দাবী কৰাৰ দৰেই পল্লৱ লোচন দাসক পৰাস্ত কৰিব পাৰিব নেকি? বিজেপি নেতা তথা সমৰ্থকসকলে ভবাৰ দৰে এইবাৰ নিৰ্বাচনৰ ফলাফল ওলাবনে? কেন্দ্ৰত আকৌ এবাৰ মোডী চৰকাৰ নে ওলমা সদন হ'ব? হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূবত ২০ৰ পৰা ২৫ খন আসন লাভ কৰিব বুলি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত ঘোষণা কৰিছিল। এই ভৱিষ্যতবাণী ফলিয়াবনে?
১৭৫ খন জনসভা ২০০ কিলোমিটাৰ জোৰা পদযাত্ৰাৰে নাচি বাগি উল্লাসিত হৈ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভবাৰ দৰেই নিৰ্বাচনৰ ফলাফল হ'ব নে নহয়। পূৰ্বৰ তুলনাত এইবাৰ মোডীৰ চুনামী নাছিল নেকি? নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীৰ বাবে এক ডাঙৰ ইছ্যু আছিল। নিৰ্বাচনত সেই ইছ্যু ভোটলৈ সলনি কৰিব পাৰিলেনে বিৰোধীয়ে?
তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অসমৰ ৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ত ৰাজ্যখনত ভোটদানৰ হাৰ আছিল ৭৮.২২ শতাংশ। সেইদিনা ডিব্ৰুগড়, তেজপুৰ, কলিয়াবৰ, লক্ষিমপুৰ, যোৰহাট লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। এই সমষ্টিকেইটাৰ ভিতৰত দুটা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি বিভিন্ন পক্ষই দাবী কৰিছে। সেই অনুসৰি ডিব্ৰুগড় আৰু লক্ষিমপুৰৰ বিজেপি প্ৰাৰ্থী ক্ৰমে- ৰামেশ্বৰ তেলী আৰু প্ৰদান বৰুৱাৰ জয় নিশ্চিত বুলি যদি ধৰা হয়, তেন্তে ৫ খন আসনৰ ভিতৰত ২ খন আসনত দলটোৱে বিজয় সাব্যস্ত কৰিব। বাকী ৩ খন আসনত কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অগপ প্ৰাৰ্থী মণিমাধৱৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। এই সমষ্টিটোত কংগ্ৰেছেই শেষ হাঁহি মৰাৰ সম্ভাৱনা অধিক।
বাকী যোৰহাট আৰু তেজপুৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কাণে কাণ মাৰি যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই জয়ী হোৱাৰ সম্ভাৱনা নথকা নহয়। ইফালে তেজপুৰত কংগ্ৰেছতকৈ বিজেপি প্ৰাৰ্থী প্ৰচাৰৰ দিশত আগবাঢ়ি আছিল। তেজপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰায়বোৰ বিধানসভা সমষ্টিয়েই বিজেপিৰ দখলত। এই সমষ্টিৰ পৰা পল্লৱ লোচন দাসক জয়ী কৰাই নিবলৈ যথেষ্ট কষ্ট কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সমষ্টিটোৰ পৰা শেষ মুহূৰ্তত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা হিমন্ত বিশ্ব শৰ্মাই পল্লৱ লোচন দাসক জয়ী কৰাই নিয়াটো সন্মানৰ প্ৰশ্ন বুলি ধৰি লৈছে। কিন্তু পূৰ্বতে তেজপুৰত কৰ্মৰত প্ৰাক্তন আইএছ বিষয়া এমজিভিকে ভানুৱে ইছ্যুসহ যথেষ্ট সতৰ্কতাৰে নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টিটোত জয়ৰ সম্ভাৱনা জীয়াই ৰাখিছে।
ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰতকৈ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আগবাঢ়ি থকা বুলি অনুমান কৰা হৈছে। সেয়া হ'লে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছ ২-৩ খন আসন আৰু বিজেপি ৩-২ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। যদি কংগ্ৰেছে দুখন লাভ কৰে, তেন্তে বিজেপিয়ে ৩ খন আসন লাভ কৰিব পৰ্যায়ত। তেজপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'লে কংগ্ৰেছে ৩ খন আৰু বিজেপিয়ে ২ খন আসন লাভ কৰিলে। যোৰহাট সমষ্টিত সুশান্ত বৰগোঁহাই নে তপন গগৈ জিকে সেই ফলাফল লক্ষণীয় হ'ব।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৫টা লোকসভা সমষ্টিত। ৰাজ্যৰ এই ৫টা লোকসভা সমষ্টি আছিল কৰিমগঞ্জ, শিলচৰ, স্বায়ত্ত শাসিত জিলা (ডিফু), মঙলদৈ আৰু নগাঁও। ১৮ এপ্ৰিলত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ৰাজ্যখনত ভোটদানৰ ৭৬.২২ শতাংশ। নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি কেইটাৰ ভিতৰত কৰিমগঞ্জত এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে শেষ হাঁহি মৰাৰ সম্ভাৱনা আছে। এই সমষ্টিটোত বিজেপিয়েও শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। দলটোৱে কৃপানাথ মাল্লাক উক্ত সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত নমাইছিল। কিন্তু সমষ্টিটোত এআইইউডিএফৰ প্ৰভাৱ থকালৈ চাই বিজেপিতকৈ এইআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে জয়ী হোৱাৰ সম্ভাৱনা অধিক যেন অনুমান হয়।
মঙলদৈত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া যথেষ্ট আত্মবিশ্বাসী হৈ আছে। কিন্তু ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ ভোটদানৰ সংখ্যালৈ চাই এই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ হাতত দিলীপ শইকীয়া পৰাস্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়। উক্ত সমষ্টিটো শেষ মুহূৰ্তত কংগ্ৰেছৰ দখললৈ যোৱাৰ সম্ভাৱনাই অধিক।
শিলচৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ সুস্মিতা দেৱে বিজেপিৰ প্ৰাৰ্থী ডা০ ৰাজদ্বীপ ৰয়ক পৰাভূত কৰিব বুলি অনুমান কৰা হৈছে। ইফালে ডিফু সমষ্টিত কংগ্ৰেছতকৈ বিজেপি প্ৰাৰ্থী হৰেণ সিং বে' জয়ী হোৱাৰ সম্ভাৱনাই প্ৰবল। ৰাজেন গোহাঁইৰ অনুপস্থিতিত এইবাৰ ৰূপক শৰ্মাই নগাঁও সমষ্টিত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈৰ সৈতে হোৱা এই যুঁজত বিজেপিতকৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ সম্ভাৱনা অধিক বুলি ক'ব খোজে বিভিন্ন সূত্ৰই।
সেয়া হ'লে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো বিজেপিয়ে ২টাত কংগ্ৰেছে ২টাত আৰু এআইইউডিএফে এটা সমষ্টিত বিজয়ী হোৱাৰ সম্ভাৱনা আছে। ডিফুত বিজেপি, কৰিমগঞ্জত এআইইউডিএফ, শিলচৰত কংগ্ৰেছ, নগাঁৱত কংগ্ৰেছ আৰু মঙলদৈত বিজেপি বা কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'লে এই সমীকৰণ ১+১+৩=৫ হ'ব। নহ'লে কংগ্ৰেছ ২, বিজেপি ২ আৰু এআইইউডিএফ ১টা সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনাও নথকা নহয়।
তৃতীয় পৰ্যায়ত ২৩ এপ্ৰিলত অনুষ্ঠত ৪টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণত ৮০.৭৪ শতাংশ ভোটাৰে ভোটদান কৰে অসমত। নিৰ্বাচন অনুষ্ঠিত হোৱা ৪টা সমষ্টিৰ ভিতৰত ধুবুৰীত এআইইউডিএফৰ মুৰব্বী আজমল, বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক, গুৱাহাটীত বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ জয়ৰ সম্ভাৱনা নথকা নহয়।
তিনিটা পৰ্যায়ত হোৱা নিৰ্বাচনৰ অসমৰ মুঠ ১৪টা সমষ্টিৰ ফলাফল লক্ষ্য কৰিলে দেখা পোৱা যায়- বিজেপিয়ে ৫ৰ পৰা ৬ খন আসন লাভ কৰিব বুলি ভবা হৈছে। একেদৰে কংগ্ৰেছেও ৫ৰ পৰা ৬ খন আসন আৰু এআইউডিএফে ২খন আৰু নিৰ্দলীয়ই ১ খন আসন লাভ কৰিব বুলি ধাৰণা কৰিছে বহুতে।
নগাঁও, যোৰহাট, তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'লে কংগ্ৰেছৰ আসনৰ সংখ্যা ৬-৭ খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। একেদৰে, এই সমষ্টি কেইটাৰ কোনো এটাত বিজেপি প্ৰাৰ্থী জয়ী হ'লে বিজেপিয়েও ৭ খন পৰ্যন্ত আসন লাভ কৰিব ুপাৰে। সামগ্ৰিকভাৱে অসমৰ ১৪টা সমষ্টিৰ লোকসভা নিৰ্বাচনক লৈ এতিয়া বিভিন্নজনৰ মাজত এনে চৰ্চা চলিছে।
কোনো কোনোৰ মতে, এইবাৰ বিজেপিয়ে সৰ্বাধিক ৫খন আসন আৰু কংগ্ৰেছে ৬ খন আসন লাভ কৰিব। বাকী তিনিখনৰ ভিতৰত ২খন এআইইউডিএফে আৰু এখনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ'ব। ২০১৪ৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ৭খন আসনত জয়ী হৈছিল বিজেপি। কংগ্ৰেছে ৩ খন, এআইইউডিএফে ৩ খন আৰু নিৰ্দলীয়ই ১খন আসন লাভ কৰিছিল।
২০০৯ চনত কংগ্ৰেছে ৭ খন, বিজেপিয়ে ৪ খন, অগপই ১ খন আৰু এআইইউডিএফে ১ খন আসন লাভ কৰিছিল। ২০০৪ চনত বিজেপিয়ে ২ খন, কংগ্ৰেছে ৯ খন, অগপই ২ খন আৰু নিৰ্দলীয়ই ১খন আসনত জয়লাভ কৰিছিল। সেইবাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অগপ প্ৰাৰ্থীৰূপে জয়ী হৈছিল। লক্ষিমপুৰ সমষ্টিত অগপ প্ৰাৰ্থীৰূপে জয়ী হৈছিল ড০ অৰুণ কুমাৰ শৰ্মা।
২০০৯ চনত কৰিমগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ললিত মোহন শুক্লবৈদ্য জয়ী হৈছিল। শিলচৰ সমষ্টিত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী কবিন্দ্ৰ পুৰকায়স্থ। ধুবুৰী সমষ্টিত এআইইউডিএফৰ বদৰুদ্দিন আজমল, কোকৰাঝাৰত চানচুমা খুংগুৰ বসুমতাৰী, বৰপেটাত কংগ্ৰেছৰ ইছমাই হুছেইন, গুৱাহাটীত বিজেপিৰ বিজয়া চক্ৰৱৰ্তী, তেজপুৰত অগপৰ যছেফ তপ্প, কলিয়াবৰত কংগ্ৰেছৰ দ্বীপ গগৈ, নগাঁৱত বিজেপিৰ ৰাজেন গোহাঁই, ডিব্ৰুগড়ত কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ, যোৰহাটত কংগ্ৰেছৰ বিজয় কৃষ্ণ সন্দিকৈ, লক্ষিমপুৰত কংগ্ৰেছৰ ৰাণী নৰহ জয়ী হৈছিল।
২০১৪ চনত কৰিমগঞ্জত এআইইউডিএফৰ ৰাধেশ্যাম বিশ্বাস, শিলচৰত কংগ্ৰেছৰ সুস্মিতা দেৱ, ডিফুত কংগ্ৰেছৰ বীৰেণ সিং ইংতি, ধুবুৰীত এআইইউডিএফৰ বদৰুদ্দিন আজমল, কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণীয়া, গুৱাহাটীত বিজেপিৰ বিজয়া চক্ৰৱৰ্তী, মঙলদৈত বিজেপিৰ ৰমেন ডেকা, তেজপুৰত বিজেপিৰ আৰ পি শৰ্মা, নগাঁৱত বিজেপিৰ ৰাজেন গোহাঁই, কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈ, যোৰহাটত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, ডিব্ৰুগড়ত বিজেপিৰ ৰামেশ্বৰ তেলী, বৰপেটাত এআইইউডিএফৰ চিৰাজুদ্দিন আজমল আৰু লক্ষিমপুৰত বিজেপিৰ সৰ্বানন্দ সোণোৱাল জয়ী হৈছিল।
২০১৪ চনৰ লোকসভা নিৰ্বাচন আছিল বিশেষভাৱে উল্লেখযোগ্য। নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ আৰু ঢৌ আছিল তেতিয়া তুংগত। সেই সময়ত মঙলদৈ সমষ্টিৰ ৰমেন ডেকাই কংগ্ৰেছ প্ৰাৰ্থী কিৰিপ চলিহাক মাত্ৰ ২২,৮৮৪টা ভোটৰ ব্যৱধানতহে পৰাস্ত কৰিছিল। একেদৰে বৰপেটা সমষ্টিত এআইইউডিএফৰ চিৰাজুদ্দিন আজমলে বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীতকৈ ৪২,৩৪১টা অধিক ভোট লাভ কৰি জয়ী হৈছিল।
ডিফু সমষ্টিত কংগ্ৰেছৰ বীৰেণ সিং ইংতিয়ে বিজেপি প্ৰাৰ্থী জয়ৰাম ইংলেঙতকৈ ২৪,০৯৫টা অধিক ভোট লাভ কৰি লোকসভালৈ নিৰ্বাচিত হৈ গৈছিল। শিলচৰতো কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱে পৰাজিত বিজেপি প্ৰাৰ্থী কবিন্দ্ৰ পুৰকায়স্থতকৈ ৩৫,২৪১টা অধিক ভোট লাভ কৰিছিল। একেদৰে তেজপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই বিজেপি প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মাত ৮৬,০২০টা ভোট কমকৈ লাভ কৰি পৰাজিত হৈছিল।
সেই নিৰ্বাচনত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হৈছিল কোকৰাঝাৰৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই। তেওঁ উৰ্খাও গৌড়া ব্ৰহ্মতকৈ ৩,৫৫,৭৭৯টা অধিক ভোট লাভ কৰি জয়লাভ কৰিছিল। কলিয়াবৰত বিজেপি প্ৰাৰ্থী মৃণাল কুমাৰ শইকীয়াতকৈ ৯৩,৮৭৪টা ভোট অধিক লাভ কৰিছিল গৌৰৱ গগৈয়ে।
জয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ ভোটৰ মাজৰ এই ব্যৱধানে কিছু নতুন ইংগিত দি যায়। মোডীৰ লহৰ শীৰ্ষত থকা সময়তো তেজপুৰ, মঙলদৈ বিজেপিৰ দখললৈ গ'লেও ইয়াৰ প্ৰেক্ষাপট আৰু ফলাফল সলনি হ'লেও আচৰিত হ'বলগা নাই। নগাঁও সমষ্টিত ২০১৪ চনত ৰাজেন গোহাঁয়ে ১,৪৩,৫৫৯ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল। যোৰহাটত বিজয় কৃষ্ণ সন্দিকৈক কামাখ্যা প্ৰসাদ তাছাই ১,০২৪২০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল।
২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল এতিয়া ইভিএমত বন্দী। কোনোৱে যদি কৈছে কংগ্ৰেছে ৭-৮ খন আসন লাভ কৰিব, আন কাৰোবাৰ মতে বিজেপিয়েহে ৮-৯খন লাভ কৰিব এইবাৰ। কিন্তু এটা কথা ঠিক যে, পূৰ্বৰ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ দৰে এইবাৰ মোডীৰ ঢৌ নাই। কিন্তু এইবাৰ বিৰোধীয়েও সেই সুযোগ গ্ৰহণ কৰি বহু কেইটা সমষ্টিত জয়ৰ সম্ভাৱনা থকাৰ পাছতো ইয়াক গ্ৰহণ কৰিব নোৱাৰিলে। সেয়ে এক অনিশ্চিত ছবি সকলোৰে সন্মুখত। কেইটামান সমষ্টি বাদ দি তেজপুৰ, নগাঁও, মঙলদৈ, গুৱাহাটী আৰু যোৰহাট সমষ্টিত বিজেপিয়েনে নে কংগ্ৰেছে শেষ হাঁহি মাৰিব সেয়া ইভিএমৰ বাহিৰে আনে ক'ব নোৱাৰে। এই সমষ্টি কেইটাৰ ফলাফলেই ১৪ খন আসনৰ ফলাফল ৫-৮ + ৬-৭ + ২ + ১ = ১৪ হয় নে ৫-৬ + ৬-৮ + ২ + ১ = ১৪ হয় সেয়া নিৰূপণ কৰিব। এতিয়া সকলোৱে অনুমানহে কৰিছে, ২৩ মে'ত হে সেই অংক বাস্তৱ হৈ ওলাব।