ইউক্ৰেইনৰ যুদ্ধভূমিত উদ্ধাৰকাৰীৰ ৰূপত দুই অসমীয়া

ইউক্ৰেইনৰ যুদ্ধভূমিত উদ্ধাৰকাৰীৰ ৰূপত দুই অসমীয়া

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ যুদ্ধভূমিত উদ্ধাৰকাৰীৰ ৰূপত দুই অসমীয়া

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

যুদ্ধ মানেই ক্ষতি, যুদ্ধ মানেই মৃত্যুৰ কিৰিলি। কেৱল ধ্বংসস্তুপ চৌদিশে। যুদ্ধ জৰ্জৰিত ইউক্ৰেইন এতিয়া মৰিশালী হৈ পৰিছে । ৰুছ সেনাৰ প্ৰচণ্ড আক্ৰমণত থানবান হৈ পৰিছে ইউক্ৰেইনৰ সপোন।ইউক্ৰেইনৰ জাপ্ৰীজিয়াত থকা পাৰমাণৱিক শক্তি প্ৰকল্পটো চলিল আক্ৰমণ।প্ৰচণ্ড জুইয়ে ইউক্ৰেইনৱাসীৰ লগতে তাত আৱদ্ধ হৈ থকা আন লোক সকলক উদ্বিগ্ন কৰি ৰাখিছে।

দেশখনৰ ৰাজধানী চহৰ কিয়েভৰ প্ৰধান ৰেল ষ্টেচনটো এতিয়া বিধ্বস্ত হৈ পৰিল। বিশ্ব সমূদায়ে নিজৰ নিজৰ স্বাৰ্থৰ অনুসৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰাতেই দায়িত্ব সামৰিছে। দেশখনত আৱদ্ধ হৈ আছে এতিয়াও বহু সংখ্যক ভাৰতীয়। ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন নাচোৰবান্দা। কাৰো কথাই শুনিব নিবিচাৰে ৰাছিয়াই । ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক পুটিনে জনাইছে লক্ষ্য তেওঁৰ এটাই।

 কেৱল ইউক্ৰেইৰ পৰা আহিছে মৃত্যু আৰু ধ্বংসৰ খবৰ। যুদ্ধৰ সেই বিভিষিকাই উদ্বিগ্ন কৰি তুলিছে অসমৰ বহু পৰিয়ালক। দেশখনৰ বিভিন্ন প্ৰান্তত ১০০ৰো অধিক অসমৰ ছাত্ৰ আৱদ্ধ হৈ আছে। ইউক্ৰেইনৰ পৰা কান্দি কান্দি নিকিতা শৰ্মাই ফোন কৰিছে, আমাক বচাওক। জীৱন তেওঁলোকৰ হাতৰ মুঠিত লৈ উজাগৰি নিশা বাংকাৰত কটাইছে।

ৰাছিয়াই শেহতীয়াকৈ স্বীকাৰ কৰিছে এই যুদ্ধত তেওঁলোকে ৪৯৮ জন সেনা জোৱানক হেৰুৱাইছে। মস্কোৰ স্বীকাৰোক্তিত কোনো অনুশোচনাৰ চাপ নাই। যি কাৰণতেই যুদ্ধ নহওক এনে যুদ্ধ কাৰো কাম্য নহয়।তৃতীয় বিশ্ব যুদ্ধৰ আশংকাই চানি ধৰিছে তাৰমাজতে ৰাছিয়াৰ হুংকাৰ,যদি কেতিয়াও বিশ্ব যুদ্ধ হয় তেন্তে সেয়া হ'ব পাৰমাণৱিক অস্ত্ৰৰ যুদ্ধ। এই যুদ্ধৰ কু-প্ৰভাৱ সমগ্ৰ বিশ্বই ভোগ কৰিব লাগিব। এতিয়া কেৱল চৌদিশে উদ্বিগ্নতা আৰু এতায়েই প্ৰশ্ন কেতিয়া শেষ হ'ব এই যুদ্ধ।

স্বদেশলৈ উভতিবলৈ খোজকাঢ়ি আহি থকা অৱস্থাত আন এজন ভৰতীয় ছাত্ৰ গুলীবিদ্ধ হোৱাৰ খবৰেও ভাৰতৱাসীক মৰ্মাহত কৰি তুলিছে। ইউক্ৰেইনত উচতাই এতিয়া নিৰাপদ দূৰত অৱস্থান লৈছে আমেৰিকাই। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেস্কীয়েও হাৰ মনা নাই শক্তিশালী ৰাছিয়াৰ বিৰুদ্ধে তেওঁ যুঁজি গৈছে।

দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থী সকলক উদ্ধাৰৰ বাবে চৰকাৰে অপাৰেশ্যন গংগা আৰম্ভ কৰিছে। কিন্তু সেই অপাৰেশ্যন গংগাই এতিয়াও স্পৰ্শ কৰিব পৰা নাই চুমিক।তাৰমাজতেই চলি আছে প্ৰচেষ্টা। পৰ্যায়ক্ৰমে ভাৰতী ছাত্ৰক উদ্ধাৰৰ বাবে চলিছে অভিযান। ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ সীমান্তত ব্যস্ত দুজন অসমীয়া। তাৰে এজনৰ নাম  পংকজ ফুকন আৰু আনজন দীনেন কুমাৰ বৰদলৈ। বেলজিয়ামৰ লাক্সেম বাগ আৰু ইউৰোপিয়ান ইউনিয়নৰ ভাৰতীয় দূতবাসৰ দুয়ো বিষয়া। ভাৰতীয় সকলক উদ্ধাৰৰ বাবে শ্ল'ভাকিয়া সীমান্তত ভাৰতীয় সকলক উদ্ধাৰৰ বাবে তেওঁলোকে সমগ্ৰ অভিযান তদাৰক কৰিছে। এই অভিযানত সকলো দিশ চোৱাচিতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুকো তালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, শ্ল'ভাকিয়া ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত হৈ আছে ওৱানলালহুমা আৰু সেই দেশখনৰে ভাৰতীয় দূতবাসৰ প্ৰথম সচিব পংকজ ফুকন।

পংকজ ফুকন

২০১৪ বৰ্ষত ভাৰতীয় বৈদেশিক সেৱাত যোগ দিছিল পংকজ ফুকনে। বৰ্তমান বেলজিয়ামৰ দূতবাসত বানিজ্য আৰু অৰ্থনৈতিক শাখাৰ প্ৰথম সচিব ৰূপে কৰ্মৰত এইগৰাকী অসম সন্তান। আনহাতে সেই দেশখনৰ দূতবাসত প্ৰশাসন শাখাত কৰ্মৰত আন এগৰাকী অসম সন্তানৰো দায়িত্ব বাঢ়িছে। তেওঁ হ'ল ভাৰতীয় বিদেশ সেৱাৰ দীনেন কুমাৰ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰী ৰিজুজুক আদৰিলে এই দুই গৰাকী অসম সন্তানে। ভাৰত চৰকাৰে তেওঁলোকৰ ওপৰত গুৰু দায়িত্ব অৰ্পন কৰিছে। সকলোৰে দৃষ্টি নিবদ্ধ হৈছে অসমৰ দুই সন্তানৰ লগতে দেশখনত থকা ৰাষ্ট্ৰদূত ওৱানলালহুমাৰ ওপৰত।

বেলজিয়ামৰ সেই ভাৰতীয় দূতবাসক যোগাযোগৰ নম্বৰ হ'ল ০০৩২-৪৭৬৭৪৮৫৭৫ আৰু ০০৩২-৪৭৭৭৭২৯৪৯। এই দুই বিষয়াৰ ইমেইল আইডি ক্ৰমে- পংকজ ফুকনৰ sseu.brussels@mea.govt.in আৰু দীনেন কুমাৰ বৰদলৈৰ ইমেইল আইডি accts1.brussels@mea.govt.in

যুদ্ধভূমিত এতিয়া ত্ৰানকৰ্তা হৈ পৰিছে উত্তৰ পূৱৰ এই তিনি সন্তান। দুই অসমীয়া সন্তানৰ ওপৰত গভীৰ আস্থা মোডী চৰকাৰৰ। একেই আস্থা দেশৱাসীৰ। সুকলমে তাত আৱদ্ধ হৈ থকা ভাৰতীয় তথা অসমৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকে চলাই গৈছে নিৰন্তৰ প্ৰচেষ্টা। অসমৰ তাত আৱদ্ধ হৈ থকা ছাত্ৰী-ছাত্ৰী সকলে আশাৰে বাট চাইছে শীঘ্ৰই উভতিব পাৰিব স্বদেশলৈ। বোমা, গুলী, ক্ষপনাস্ত্ৰৰ আঘাত যিমানেই বেছি হৈছে সিমানেই তেওঁলোকৰ শংকা বাঢ়িছে। ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই এতিয়া দেশজুৰি চৰ্চা হৈছে অসমৰ এই দুই বিষয়াৰ নাম।

assam india ukraine russia kiran rijiju