এজন অসমীয়া হৈ যাব পাৰে উপ-ৰাষ্ট্ৰপতি!

এজন অসমীয়া হৈ যাব পাৰে উপ-ৰাষ্ট্ৰপতি!

author-image
asomiyapratidin
New Update
এজন অসমীয়া হৈ যাব পাৰে উপ-ৰাষ্ট্ৰপতি!

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ তৎপৰতা চলিছে দেশজুৰি। এন ডি এৰ নে বিৰোধী পক্ষৰ প্ৰাৰ্থীয়ে এই নিৰ্বাচনত জয়লাভ কৰিব তাক লৈ গুণাগথা চলিলেও মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱণাই উজ্বল হৈ পৰিছে।

দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই ফুৰিছে দ্ৰৌপদী মুৰ্মই।অসমত ৫ জুলাইত উপস্থিত হৈ তেওঁ উত্তৰ পূৰ্বাঞ্চলত দুদিন নিৰ্বাচনী প্ৰচাৰ চলাব।

এক সাধাৰণ জীৱনৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈকে আদিবাসী এইগৰাকী ৰাজনীতিবিদৰ জন্ম হৈছিল ১৯৫৮ চনৰ ২০ জুলাইত। উৰিষ্যাৰ ময়ুৰহাঞ্জ জিলাত জন্মগ্ৰহণ কৰা মুৰ্ময়ে শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।

উৰিষ্যাৰ জলসিঞ্চন বিভাগৰ কনিষ্ঠা সহায়কৰ পদতো তেওঁ কাম কৰিছিল। ১৯৯৭ চনত ৰাজনীতিত যোগদান কৰি ৰায়ৰনপুৰ নগৰ পঞ্চায়তৰ কাউঞ্চিলাৰো হৈছিল তেওঁ।

এনেকৈয়ে এক ৰাজনাতিক উত্থানৰ মাজেৰে ২০১৫ চনৰ ১৮ মে'ত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে তেওঁ শপত গ্ৰহণ কৰিছিল।এতিয়া প্ৰায় নিশ্চিত হোৱাৰ দৰে দেশে এগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰিব।

১৮ জুলাইত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন। বিৰোধী পক্ষই প্ৰাৰ্থী ৰূপে থিয় কৰাইছে যশৱন্ত সিনহাক।ৰাষ্ট্ৰপতিৰ সমান্তৰালভাৱে ৬ আগষ্টত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।

এইবাৰ উপ-ৰাষ্ট্ৰপতি ৰূপত দেখা পোৱা যাব পাৰে নেকি এজন অসম সন্তানক? চৰ্চাত আছিল বহুদিনলৈ এই পদৰ বাবে ৰঞ্জন গগৈৰ নাম।

প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণৰ পাছত ৰাজ্যসভাৰ মনোনীত সদস্য হৈ আছে।২০১৮ চনৰ ৩ অক্টোবৰৰ পৰা ২০১৯ চনৰ ১৭ নৱেম্বৰলৈ তেওঁ আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ।

শেষ মুহুৰ্তত এনডিএৰ প্ৰাৰ্থীৰূপে ৰঞ্জন গগৈক উপ-ৰাষ্ট্ৰপতি ৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱণা অধিক। বিজেপি শিবিৰত এই বিষয়কলৈও মন্ত্ৰনা চলি আছে।

কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা ভূৱনেশ্বৰ কলিতাৰ নামো চৰ্চাত নথকা নহয়। কা- আন্দোলনৰ পাছতেই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কলিতাৰ নাম জম্মু-কাশ্মীৰ উপৰাজ্যপাল ৰূপ নিযুক্তি দিব পাৰে বুলি চৰ্চিত হৈছিল।

বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ কাৰ্যকাল অন্ত পৰিব ১০ আগষ্টত। তাৰ পূৰ্বেই নিৰ্বাচিত হ'ব নতুন উপ-ৰাষ্ট্ৰপতি। এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।

ভিতৰি ভিতৰি অৱশ্যে এই খবৰ বিয়পিছে যে অসমৰ এগৰাকী বিশেষকৈ ভেংকেয়া নাইডুৰ পাছত ৰঞ্জন গগৈয়ে এই পদৰ বাবে নিৰ্বাচিত হোৱাৰ সম্ভাৱণা আছে।

এনডিএ এতিয়ালৈকে উপৰাষ্ট্ৰপতি পদৰ বাবে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। হয়তো দুই এদিনতে ইয়াৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ'ব। ১৯ জুলাইলৈকে আছে উপ-ৰাষ্ট্ৰপতি পদৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে অন্তিম দিন।

অন্যহাতে এই দৌৰত এন ডি এৰ প্ৰাৰ্থী ৰূপে আন এজনৰ নাম চৰ্চাত আছে। তেওঁ হ'ল পঞ্জাৱ লোক কংগ্ৰেছৰ মুৰব্বী অমৰেন্দ্ৰ সিং। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিত যোগদান কৰি এই পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱণা অধিক।

আৰু পঢ়ক: ধৰ-ধৰ-ধৰ, কিতাপ চোৰক ধৰ…

assam ranjan gogoi nda