/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/AP-bikhekh-lekha-mamatar-prem.jpg)
মৃদুল কুমাৰ সন্দিকৈ:
গভীৰ আস্থাৰে মানুহে আদৰি লয়। তাত পাব লগা যদি কিবা থাকে সেয়া হ'ল সামগ্ৰিক উন্নয়ন আৰু সু-শাসন। নেতাৰ প্ৰতি মানুহৰ প্ৰেম, নেতাৰ ব্যক্তিত্ব আৰু কৰ্ম দক্ষতা তথা দায়বদ্ধতাৰ ওপৰত নিৰ্ভৰশীল। এদিন বা এৰাতিৰ ভিতৰতেই ৰূপ সলোৱা নেতাই এতিয়া চৌদিশে ভৰপুৰ।
কিয় নেতাই ক্ষমতাৰ পাছত দৌৰে? ৰাইজৰ কাষত থাকি বিৰোধী আসনত বহি ৰাজনীতি কৰিব নোৱাৰি নেকি? সেই কথাবোৰ আকৌ এবাৰ প্ৰাসংগিক হৈছে। কোন ক'ত কাৰ সৈতে থাকে সেই সিদ্ধান্ত নেতাই নিজেই ল'ব পাৰে। কিন্তু আগদিনালৈকে কোনো এক আদৰ্শ বা ৰাজনৈতিক দলৰ প্ৰতি আস্থা প্ৰদৰ্শনেৰে ভোট ভিক্ষা কৰা নেতাই কেনেকৈ কথাৰ সুৰ সলনি কৰে।
বাস্তৱ জীৱনত জানো এনেকৈ মানুহ সলনি হোৱাতো সম্ভৱ? সৌ সেইদিনা ৰাজ্যসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী ৰণত নমা ৰিপুন বৰাৰ এই স্বৰূপ দেখি মানুহে নেতাৰ কথা বিশ্বাস কৰাৰ প্ৰৱণতাই নাইকীয়া হৈ পৰিব। এখন পদত্যাগ পত্ৰ লিখি লুটিবাগৰ মৰা নেতা সকলৰ এনে কৰ্মকাণ্ডই ৰাজনীতিক এক তৰল খেলৰ পৰ্যায়লৈ লৈ গৈছে।
এইজন ৰিপুন বৰাৰ নেতৃত্বতেই কংগ্ৰেছৰ সবলীকৰণ অভিযান চলিছিল। কিন্তু ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যকাল অন্ত পৰাৰ পাছত মমতাৰ কাষত থিয় হৈ তৃণমূলত যোগদান কৰা ৰিপুন বৰাই ৰাইজক কি বিশ্বাস দিব? ৰাজনীতি অংক থাকে নেতাৰ। কিন্তু ৰাইজৰ কোনো অংক নাথাকে। কংগ্ৰেছে ৰিপুন বৰাক নেতা সজাইছিল। এই সুযোগ দিয়া দলটোক অসমত নেতৃত্ব দিবলৈ ৰিপুন বৰাৰ ওপৰত দায়িত্ব দিয়া হৈছিল।
ৰাজ্যসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ ১৭ দিনৰ পাছতেই হঠাৎ কংগ্ৰেছ বেয়া হৈ গ'ল। ইয়াৰ কোনো প্ৰেক্ষাপটো নাছিল। ১৯৭৬ চনৰ পৰা ৰিপুন বৰা কংগ্ৰেছেৰে জড়িত আছিল। ৰাজনৈতক উত্থান-পতনৰ তেওঁ সাক্ষী হৈছিল। কংগ্ৰেছৰ হৈয়ে ৰাজনৈতিক যুদ্ধ কৰা ৰিপুন বৰা এনে সিদ্ধান্ত কংগ্ৰেছৰ বাবেই নহয়,ৰাজনীতিৰ বাবেও বিশ্বাসযোগ্যতাৰ ভেঁটি নাইকীয়া হোৱা অন্যতম কাৰক হৈ পৰিছে।
কি হৈছে নেতাৰ। বিজেপি অগ্ৰাসনৰ পাছত কংগ্ৰেছ ডুবন্ত নাঁও হৈ পৰাৰ সময়ত দলটোক মানুহৰ কাষলৈ লৈ যোৱাৰ সলনি এনেদৰে পৃষ্ঠভংগ দিছে এজনৰ পাছত আনজন নেতাই। এনেকৈ দল বহু নেতাই এৰিছে কিন্তু এনে পৰিৱেশৰ সৃষ্টি কেতিয়াও হোৱা নাছিল। দীৰ্ঘদিনৰ এক আদৰ্শক ভৰিৰে মোহাৰি নতুন ৰূপত তেওঁলোকে আত্মপ্ৰকাশ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে ঠিকেই, ৰাইজেও এই কথা মন কৰিছে যে ৰাজনৈতিক দলবোৰত নতুন বটলক পুৰণি মদৰ দৰেই একেকেইখন মুখেই ইফাল সিফাল কৈ ঘূৰিছে।
অসমত বিকল্প ৰাজনৈতিক এক ধাৰাৰ প্ৰয়োজন আছে। সেই হেতু তেনে এক বিকল্প ৰাজনৈতিক শক্তি উত্থানৰ বহুধা বিভক্ত কেইবাটাও পথ থাকিলেও সেয়া কেতিয়াও সুস্থ আৰু সৱল ৰাজনৈতিক শক্তি ৰূপত ভুমুকি মাৰিব পৰা নাই। আঞ্চলিকতাবাদৰ ভৱিষ্যত আন ৰাজ্যত প্ৰাসংগিক হৈ থকাৰ সময়ত ৰাজ্যখনত আঞ্চলিক শক্তিকেই শক্তিশালী ৰূপত উত্থান হৈও আজি সেই শক্তিয়েই আন ৰাজনৈতিক দলৰ অক্সিজেন লৈ জীয়াই আছে।
আমাৰ বাবে ইমানেই পৰিতাপৰ কথা যে সততা আৰু নীতি-আদৰ্শত খামোচ মাৰি ধৰি ৰাখিব পৰা নেতাৰ এতিয়া বাৰুকৈয়ে অভাৱ। আজি কংগ্ৰেছ কৰি থকা নেতা গৰাকীয়ে কাইলৈ বিজেপি বা আন ৰাজনৈতিক দলৰ ওচৰত আত্মসমৰ্পন কৰি নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ বাবে এচাম নেতাই কি কৰিছে।
ৰিপুন বৰা শেহতীয়া উদাহৰণহে। এই ধাৰাবাহিকতা যোৱা কিছুদিনত বহু পৰিমাণে বাঢ়িছে। জাতীয়তাবাদ আৰু সাম্প্ৰদায়িকতাক সমল কৰি লৈ উগ্ৰ চিন্তা-চেতনাৰে ৰাজনীতিক নিজৰ বাবে ব্যৱহাৰ কৰিব বিচৰা নেতা সকলে এক সুস্থ গণতান্ত্ৰিক বুনিয়াদ তৈয়াৰ কৰাত বিফল হৈছে।
ৰিপুন বৰা কোন দলত থাকে তাক লৈ কোনো চিন্তিত নহয়। কিন্তু সামগ্ৰিকভাৱে সুস্থ মৰ্যদাবোধৰ ৰাজনীতি কামনা কৰা লোকসকলৰ দৃষ্টিত ৰিপুন বৰা এতিয়া চূড়ান্ত সুবিধাবাদী। তেওঁৰো ৰাজনীতিৰ কামিহাড় নাছিল। তেওঁলোকে দেখুৱাবলৈকে বহু কথা কয়, বহু কাম কৰে।
কংগ্ৰেছৰ ভৱিষ্য়ত অন্ধকাৰ বুলি ভৱা প্ৰাক্তন কংগ্ৰেছী ৰিপুন বৰাৰ বহু সপোন থাকিব পাৰে। সেই সপোনবোৰৰ ভিতৰত তৃণমূলৰ সহযোগত ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত হৈ যোৱাৰ সপোনো অন্যতম হ'ব পাৰে। ৰাজনীতিত সকলো সম্ভৱ। অসম্ভৱ কেৱল ৰাজনৈতিক সততা। এতিয়া কংগ্ৰেছৰ ভৱিষ্য়তক লৈ শংকিত হোৱাৰ কি প্ৰয়োজন তেওঁৰ।
কিছুমান নেতাই নীলা শিয়ালৰ দৰেই ৰং সলায়। সেই প্ৰকোপ বাঢ়ে নিৰ্বাচনৰ বতৰত। অবতৰতো তেনেদৰে সাজ সলোৱা নেতা আছে। ৰিপুন বৰাই তৃণমূলত যোগদান কৰি অসমত দলটোৰ ভেঁটি সুদৃঢ় কৰিব বুলি আশা কৰিব পাৰিনে। ৰিপুন বৰাৰ নিজস্ব এজেণ্ডাৰ বাবে ইয়াত কোনো ৰাজনৈতি সদিচ্ছা নাই।
য'ত যাৰ মন যায় যোগদান কৰিব পাৰে। নেতাৰ সেই অধিকাৰ আছে । ৰাইজে সেইবোৰ কথা পৰ্যবেক্ষণ কৰিব। ভাল বেয়া বিবেচনা আৰু সিদ্ধান্ত ৰাইজে নিজস্ব ধৰণে ল'ব। এতিয়াটো ৰিপুন বৰাৰ দৰে নেতাই নিজৰ সাপক্ষে হাজাৰটা যুক্তি দিব হাজাৰটা কথা কব।