বদৰৰ নাই ভৰসা, শেষ হ’ল ৰিপুন বৰাৰ আশা…

বদৰৰ নাই ভৰসা, শেষ হ’ল ৰিপুন বৰাৰ আশা…

author-image
asomiyapratidin
New Update
বদৰৰ নাই ভৰসা, শেষ হ’ল ৰিপুন বৰাৰ আশা…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

হাত দাঙি দিলে কংগ্ৰেছে। খুব সুন্দৰকৈ ৰাজনীতিত নিজক বচাই ভণ্ডামীৰ এখন খেল খেলিলে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে। এই খেলৰ নিয়ন্ত্ৰক ৰূপত আঁৰতে থাকি বিজেপিয়ে একেপাট শৰতে কেইবাটাও চিকাৰ কৰাত সফল হ'ল।

প্ৰসংগ ৰাজ্যসভা নিৰ্বাচন। হাতত দুয়োখন আসনত জয়ী হ'বলৈ প্ৰয়োজনীয় বিধায়কৰ সংখ্যা নথকাৰ পাছতো শাসকীয় বিজেপিয়ে কৈ আহিছিল তেওঁলোকৰ প্ৰাৰ্থীয়ে জয়ী হ'ব। কিন্তু কেনেকৈ জয়ী হ'ব সেই সমীকৰণ সদৰী কৰা নাছিল। বিৰোধী শিবিৰত বিৰোধীৰ দ্বাৰাই আক্ৰমণ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক আকৌ এবাৰ ধৰাশয়ী কৰিলে।

ঘৰৰ বিভীষণ ৰূপে এআইইউডিএফৰ মুৰব্বী আজমলে এই নিৰ্বাচনী পূৰ্বৰ যুঁজত এনে মাষ্টাৰ ষ্ট্ৰোক মাৰিলে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৩১ মাৰ্চ ২০২২ৰ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে সংবাদ মেল পাতি ক'ব লগা হ'ল ৰিপুন বৰাই ২৮ টা ভোট পোৱা গেৰান্টীহে তেওঁ ল'ব পাৰে।

অবিশ্বাসৰ এই ৰাজনীতিৰ খেলত বদৰুদ্দিন আজমল এজন ভাল খেলুৱৈ। কেৱল খেলুৱৈয়ে নহয় তেওঁ এজন ভাল অভিনেতাও। ব্যৱসায়ী আৰু ৰাজনীতিক একাকাৰ কৰি আজমলে ইয়াৰ মুনাফাৰ প্ৰতিবাৰে লৈ আহিছে। সুযোগ পালেই আজমলে এনে অভিনয় কৰে যে তেওঁৰ সেই ৰাজনৈতিক অভিনয় মানুহে দেখে, বুজে কিন্তু একো কব নোৱাৰে।

কিমান তললৈ যাব পাৰে ৰাজনীতি। ৰাজ্যসভা নিৰ্বাচনত কোন জিকে কোন হাৰে সেয়া পিছৰ কথা। আজমলে হঠাত অসমলৈ আহি প্ৰথমে কংগ্ৰেছৰ ৫ বিধায়কে বিজেপিৰ সমৰ্থিত ইউপিপিএলৰ ৰাজ্যসভাৰ প্ৰাৰ্থীক ভোট দিব বুলি এই নাটকৰ শুভাৰাম্ভ কৰিলে। সমান্তৰালভাৱে ২০২৬ বা ৩১' ত এআইইউডিএফে চৰকাৰ গঠন কৰিব বুলি অপ্ৰয়োজনীয় মন্তব্য এআইইউডিএফৰ বিধায়কৰ দ্বাৰা দিয়াই সংখ্যালঘু লোকক ক্ষমতাৰ আশা দেখুৱালে।

আজমলে জানে এআইইউডিএফৰ উত্থান মানেই বিজেপিৰো উত্থান। তেওঁ বিজেপিৰ সহায়ক হোৱাকৈ এনে কিছু কাম কৰে যিবোৰ দেখাত বিজেপি বিৰোধী ৰাজনৈতিক দল এটাৰ নেতৃত্বই লোৱা সিদ্ধান্ততকৈ বিজেপি আৰু অধিক সুযোগ সুবিধা দিয়াৰ বাবে দলটোৰ বি টিমে ৰচনা কৰা ৰাজনৈতিক প্ৰপ'গণ্ডা হিচাপে প্ৰতিষ্ঠিত হয়।

ৰাজ্যসভা নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী যদি থিয় কৰাব বিচাৰিছে তেনেহ'লে উমৈহতীয়া এজেন্টো নিযুক্তি দিয়াত কোনো অসুবিধা থাকিব নালাগিছিল। পূৰ্ব পৰিকল্পিত মতেই সেই এজেন্ট নিযুক্তিক কেন্দ্ৰ কৰিয়েই ইউ টাৰ্ণ মৰা আজমলে তেওঁৰ দলৰ নিৰ্বাচিত বিধায়কক বিজেপিক ভোট দিয়াই ইয়াৰ বদনাম কংগ্ৰেছৰ ওপৰত জাঁপি দিবলৈ ঠিকেই দৃশ্যপট ৰচনা কৰিছিল।

ৰিপুন বৰাৰ হতুৱাই এজেন্টৰ ফৰ্ম পুৰণ কৰি তাৰ ফটো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰি ৰিপুন বৰাৰ মতেই তেওঁলোকে ৰাজ্যসভা নিৰ্বাচনৰ পুলিং এজেন্ট ঠিক কৰা বুলি মিছা বাৰ্তা প্ৰেৰণ কৰিছিল। অথচ প্ৰদেশ কংগ্ৰেছে বিচাৰিছিল কোনে কাক ভোট দিয়ে সেয়া নিশ্চিত হ'বলৈ তেওঁলোকে নিযুক্তি দিয়া এজেন্টক বিধায়কে ভোট দানৰ পাছত দেখুৱাব লাগে।

আজমলে সেই কামেই হ'বলৈ নিদিলে। ফলত দুয়ো দলৰ মাজত বাক্য যুদ্ধই এনে পৰ্যায় পালেগৈ বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এআইইউডিএফক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 'অগৰ ইন্ডাষ্ট্ৰি আনডেমক্ৰেটিক ধোকাবাজ ফন্ট' বুলি আখ্যা দিলে।

অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ দৰে সুযোগ সন্ধানী আৰু বিশ্বাসঘাটক নাই বুলি কবলৈও কুণ্ঠাবোধ নকৰিলে। ৰাজনীতিত বদৰুদ্দিন আজমলৰ জন্ম এক দুৰ্ভাগ্যজনক ঘটনা। সংখ্যালঘু ৰাজনীতিত ত্ৰাণকৰ্তা ৰূপত আজমলে ৰাজনৈতিক দলৰ নামত প্ৰাইভেট কোম্পানী খুলি এতিয়া দৰ দাম কৰে।

আজমলৰ স্থিতি সদায় সন্দেহজনক হৈ আহিছে। ইউপিএ চৰকাৰ থকাৰ সময়ত দিল্লীত কংগ্ৰেছৰ কাষত নিজেই থিয় দিয়া আজমলে সংখ্যালঘু লোকৰ সমস্যা বা অধিকাৰক লৈ কেতিয়াও সচেতন নহয়। বিজ্ঞান মনষ্কতাৰ বিপৰীতে ধৰ্মীয় সংকীৰ্ণতা আৰু অন্ধবিশ্বাসক সমল কৰি লৈ নিজকে আল্লাৰ দূত বুলি প্ৰতিষ্ঠা কৰিব বিচৰা এই গৰাকী নেতাই কেতিয়াও ৰাজনীতিৰ ক্ষেত্ৰখনত সততাক প্ৰশ্ৰয় দিয়া নাই।

নিৰ্বাচনৰ বতৰত অসমত ভুমুকি মৰা আজমলে জানে ক্ষমতাশালী দলটোৰ সৈতে নাথাকিলে তেওঁৰ বিপদ হ'ব পাৰে। সেয়েহে তেওঁ দিছপুৰ, দিল্লীত যি থাকে তাৰ কাষতেই পৰ্দাৰ আঁৰত ৰৈ হ'লেও থিয় দিয়ে।তেনে সুবিধাবাদী নেতাই অতি কৌশলেৰে গা বচাই এই কাম কৰি যায়। স্বভাৱ কেতিয়াও তেওঁলোকৰ সলনি নহয়।

দুৰ্বল কংগ্ৰেছক এতিয়া এআইইউডিএফ বিজেপিয়ে এনেকৈ চেপি ধৰিছে যে আচলতে বিৰোধী দল হয়নে নহয় তাক লৈও সন্দেহৰ অৱকাশ আছে। ৰাজ্যসভা নিৰ্বাচনত ৰিপুন বৰা পৰাস্তৰ প্ৰসংগক লৈ শাসকীয় দলে কৈছে ৰিপুন বৰাক ৰাজনৈতিক ভাৱে হত্যা কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই এই ভুল কৰিছে। একেই সুৰত কথা কৈছে এআইইউডিএফেও। তাতেই তেওঁলোকে ভুল কৰি দিলে। নকও বুলি কৈয়ো তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য যে বিজেপিৰ সৈতে একেই তাক কৈ দিলে এআইইউিএফৰ নেতৃত্বই।

ৰাজনীতিত নৈতিকতাবিহীন এক অস্থিৰতাই গা কৰি উঠিছে। সেই অস্থিৰতাৰ অনুঘটকৰ নাম বদৰুদ্দিন আজমল। একেদৰে কংগ্ৰেছৰ নেতা সকলৰ সংযমহীন আচৰণ, দীৰ্ঘদিন ধৰি বিৰোধী আসনত থকাৰ পাছতো বিৰোধীৰ মানসিকতাৰে নিজক সাজু কৰিব নোৱাৰিলে দলটোৱে। কেৱল কথাৰে ৰাজনৈতিক দল নচলে। সু নেতৃত্বৰ অভাৱত কংগ্ৰেছ এতিয়া থান বান হৈ পৰিছে।

ৰাজ্যৰ ৰাজনীতিত বদৰুদ্দিন আজমলক কোনে প্ৰাসংগিক কৰি ৰাখে। কংগ্ৰেছ, বিজেপিৰ বাবেই বদৰুদ্দিন আজমল প্ৰাসংগিক হৈ আছে আজিও। বাৰে বাৰে বিশ্বাসঘাটক ৰূপত ৰাজনৈতিক দৰ দামেৰে আস্থাহীন ৰাজনীতিৰে আজমলে নিজৰ কাম ঠিকেই কৰি আছে।

আজমলৰ দৰে কেৱল নিৰ্বাচনৰ সময়ত ৰাজনীতি কৰা নেতাই কি বুজিব ৰাজ্য তথা সংখ্যালঘু লোকসকলৰ মৌলিক সমস্যাৰ কথা। ৰাজ্যসভা নিৰ্বাচনৰ সময়ত কিছু কথা পোহৰলৈ আহিছে। কিন্তু বহু কথা এতিয়াও আঁৰতেই ৰৈ গৈছে। ৰাজনীতিতো দালাল আছে। তেনে দালালৰ চৰ্দাৰক চাবলৈ হ'লে যোৱা ১০-১৫টা বছৰ কিছু বিশেষ ঘটনা প্ৰৱাহ মনলৈ আনি আজমলৰ কথা চকু মুদি ভাৱিব পাৰি।

himanta biswa sarma congress bjp aiudf ajmal