সুখী নহয়, আমি অসুখী…

সুখী নহয়, আমি অসুখী…

author-image
asomiyapratidin
New Update
সুখী নহয়, আমি অসুখী…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

সুখ আৰু দুখৰ ধাৰণা আপেক্ষিক। ইয়াক নিৰ্দিষ্টমানেৰে জুখিব নোৱাৰিলেও কোন সুখী, কোন দুখী তাৰ এক ধাৰণা ল'ব পাৰি।সেয়েহে সুখ-দুখৰ তুলনামূলক আপেক্ষিক মানেৰে মানুহে নিজকে সুখী বা দুখী আখ্যা দিয়ে। কিন্তু ইয়াৰ কোনো স্থায়ীত্ব নাই।

সমগ্ৰ বিশ্বতে মানুহে নিজকে সুখী কৰি ৰখাৰ বা সুখী বুলি ভাৱিব পৰা কিছু কাৰকক গ্ৰহণ কৰি লৈছে। ইয়াৰ আধাৰতেই সুখ দুখৰ যি আপেক্ষিক মান সেয়া নিৰ্ণয় কৰা হয়। ২০১২ চনৰ কথা। ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে এক সমীক্ষা প্ৰকাশ কৰিছে। এই সমীক্ষাৰ লক্ষ্য আছিল বিশ্বৰ সুখী আৰু দুখী দেশ কোনবোৰ।

যোৱা ১০টা বছৰে ভালেকেইটা বিষয়বস্তুক অধ্যয়ন আৰু অনুধাৱন কৰি  সুখ আৰু দুখৰ মানাংক নিৰ্ণয় কৰি অহা হৈছে।সেই বিষয় সমূহৰ ভিতৰত আছে এখন দেশৰ দেশবাসীয়ে লাভ কৰা সা-সুবিধা, দেশখনত বাস কৰি তেওঁলোকে লাভ কৰা সুখানুভূতি, তেওঁলোকৰ শাৰীৰীক-মানসিক স্বাস্থ্য আৰু জিডিপি আদি।

প্ৰায়বোৰ দেশেই এই সমীক্ষাক লৈ সন্তুষ্ট আৰু ইয়াক এক দেশখনৰ মান নিৰূপক মাধ্যমৰূপে গ্ৰহণ কৰি আহিছে। ফিনলেণ্ড বিশ্বৰ ভিতৰতে সুখী দেশ। ২০২২ চনত প্ৰকাশ কৰা সুখী দেশৰ সমীক্ষাত প্ৰথম স্থানত এইবাৰো থাকিল ফিনলেণ্ড। ধাৰাবাহিকভাৱে ৫টা বছৰ ফিনলেণ্ড এই তালিকাৰ শীৰ্ষত আছে।

২০২২ চনৰ সুখী দেশৰ তালিকাত দ্বিতীয়স্থানত আছে ডেনমাৰ্ক। আইচলেণ্ড ২০২২ বৰ্ষৰ তৃতীয় সুখী দেশ। চুইজাৰলেণ্ড বিশ্বৰ চতুৰ্থ সুখী দেশ হিচাপে এই তালিকাত অন্তৰ্ভূক্ত হৈছে। সুখী দেশৰ তালিকাত পঞ্চম স্থানত আছে নেডাৰলেণ্ড।

আমি আটাইতকৈ সুখী দেশ বুলি ভৱা আমেৰিকাৰ স্থান বহু তলত। বিশ্বৰ ১০খন সুখী দেশৰ তালিকাত স্থান নাই আমেৰিকাৰ। বিশ্বৰ ১৬ সংখ্যক সুখী দেশ আমেৰিকা। ভাৰতৰ কিমান স্থান এই তালিকাত। আমাৰ দেশৰ নাগৰিক সকল বিশ্বৰ ভিতৰত কিমান সুখী।

২০২২ চনৰ যিখন তালিকা প্ৰকাশ হ'ল তাত ভাৰতৰ স্থান ১৩৬। মুঠ ১৫০ খন সুখী দেশৰ সূচাংকৰে নিৰ্ণয় কৰা এই তালিকাত অন্তিম স্থানত আছে আফগানিস্তান। আফগানিস্তানতকৈ বৰ বেছি সুখী নহয় ভাৰত। আনহে নালাগে পাকিস্তানতকৈ ভাৰতৰ স্থান তলত।চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ এই তালিকাত স্থান ১২১।

নেপালো ভাৰততকৈ সুখী। বাংলাদেশ, শ্ৰীলংকাৰ নাগৰিকো বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰততকৈ ওপৰত। নেপালৰ এই তালিকাত স্থান ৮৪।বাংলাদেশৰ স্থান ৯৪ আৰু শ্ৰী লংকাৰ স্থান ১২৭। অৰ্থাত চুবুৰীয়া আটাইকেইখন ৰাষ্ট্ৰতকৈ ভাৰত সুখী দেশৰ তালিকাত পিছত।

আমি সঁচাকৈয়ে সুখী নহয় নেকি? ব্যক্তিগত পৰ্যায়ত সুখ-দুখৰ ধাৰণাৰ বিপৰীতে সামগ্ৰিকভাৱে এখন দেশৰ নাগৰিকৰ এনে তুলনামূলক অধ্যয়নে বহু দিশ সাঙুৰি লয়। আমি নিজেই আমাৰ দেশবাসীক বা দেশ খন সমৃদ্ধশালী বুলি প্ৰচাৰ কৰিলেও বিশ্বৰ পৰ্যায়ত ভাৰতৰ স্থান আৰু ভাৰতৰ নাগৰিকক এইবোৰ কাৰকে কেনেদৰে মূল্যায়ন কৰে সেয়া এই তালিকাই দাঙি ধৰিলে।

দেশৰ জনসাধাৰণৰ বাবে চৰকাৰে যিবোৰ কল্যানমুখী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনি সমূহৰ প্ৰভাৱ দেশবাসীৰ ওপৰত কিদৰে পৰিছে তাৰ বিশ্ব পৰ্যায়ৰ বিশ্লেষণ এয়া। বিভিন্ন কাৰণত মানুহ দুখী হয়।একেদৰে বিভিন্ন বিষয়ক লৈ মানুহ সুখী হয়।

জীৱন প্ৰত্যাহ্বানেৰে ভৰা। সুখী বা দুখী ধাৰণাৰ মাজতেই জীৱন আগবাঢ়ে। কিন্তু এই সুখ বা দুখ চিৰস্থায়ী নহয়। সুখত উটি ভাহি যোৱা বা দুখত ধৈৰ্যহীন হোৱা কোনোটোৱেই কাম্য নহয়।প্ৰত্যাহ্বান আৰু সমস্যাক নেওচি যিকোনো ধৰণৰ পৰিস্থিতিক জীৱনৰ সৈতে মুখামুখি হব পৰা সাহস থাকিলে সময়ে সকলোবোৰ সহজ কৰি তোলে।

ব্যক্তিগত জীৱনত ইয়াৰ বাবে সদায় সাজু থকা মানুহে জীৱনক উদযাপন কৰিব পাৰে। অন্যথাই চেতনাহীন আৰু মানসিক তাড়নাই জীৱনটোকে ভাৰাক্ৰান্ত কৰি তোলে। ।যি সকলে সুখী হব জানে তেওঁলোকেই সুখী হয়। সুখ,দুখ এক নিজস্ব বিষয়। এখন উন্নত ৰাষ্ট্ৰৰ সপোন আৰু দেশবাসীৰ বাবে দায়বদ্ধতাৰে চৰকাৰে কাম কৰিব খোজে। তেনে সঠিক চিন্তা-চৰ্চাৰে আগুৱাই গলে নিশ্চয় ভাৰতেও এদিন এই তালিকাৰ ওপৰৰফালে স্থান লাভ কৰিব।

প্ৰতিজন দেশবাসীয়ে ভাৱে সুখৰ হওক তেওঁ বাস কৰা দেশখন। কেৱল হিতাধিকাৰী সৃষ্টি কৰিলেই যে দেশবাসী সুখী হ'ব তেনে কথা নহয়। শ্ল'গান দি দেশক আগুৱাই নিব নোৱাৰি। সু নেতৃত্ব, সু চিন্তা আৰু সমৃদ্ধিয়ে দেশবাসীক সুখী কৰিব পাৰে।

২০২২ৰ সুখী দেশৰ তালিকাত নিসন্দেহে ভাৰত এখন অসুখী দেশ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে। সু শাসন , সামাজিক ন্যায়, সম- উন্নয়ন আৰু সন্তুষ্টিয়ে দেশবাসীক সুখী কৰে । সেই কথা অনুধাৱন কৰিব পৰা নেতৃত্বও আমাক প্ৰয়োজন।

world happiness report finland india pakistan nepal