বদৰুদ্দিন থাকিলে জৰুৰ জৰুৰ বিজেপি যে জিকিবই…

বদৰুদ্দিন থাকিলে জৰুৰ জৰুৰ বিজেপি যে জিকিবই…

author-image
asomiyapratidin
New Update
বদৰুদ্দিন থাকিলে জৰুৰ জৰুৰ বিজেপি যে জিকিবই…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

মিছা কোনে নকয়। খোদ যুধিষ্ঠিৰে মিছা কৈছিল। কোনো লোকো মই জীৱনত সদায় সঁচা কথা কৈছোৱেই বুলি মিছা মাতিব নোৱাৰে। যেনেকৈ নহওক মানুহে মিছা কথা ক'বলৈ বাধ্য হয়। কিছুমান মিছা কথাত থাকে ধেমালী সুলভ উদ্দেশ্য় আৰু কাৰোবাক মিছা কৈ উপকাৰ কৰাৰ প্ৰৱণতা। তেনে সত্যতকৈ এনে মিছায়েই ভাল।

মিছা কথা কোৱাৰো এটা দিন আছে। কাৰোবাক মিছা কথা কৈ মুৰ্খ সজাই কিছু পৰিতৃপ্তি লভা এই দিনটো কোনে কেনেকৈ আৰম্ভ কৰিছিল সেই ইতিহাস নাই। কিন্তু কিছু বছৰৰ আগলৈকে ১ এপ্ৰিল দিনটো বিশেষ মাদকতা আছিল কিয়নো সেইদিনা এপ্ৰিল ফুল। কাৰোবাক মিছা কথা কৈ মুৰ্খ সজোৱা দিন।

এপ্ৰিল ফুলৰ সেই চোক এতিয়া কমিল।মানুহে প্ৰতি মুহুৰ্ততে, প্ৰতিটো দিনেই এতিয়া মিছা কয়। মিছাৰ পয়োভৰহে এতিয়া বেছি। কোনটো সঁচা, কোনটো মিছা ধৰিবকে নোৱাৰি। মিছাৰ আশ্ৰয় লোৱা লোক সকলৰহে এতিয়া দিন। কিয়নো এই পৃথিৱীত মিছা কোৱা লোকৰ সংখ্যাই বেছি।

কোনো এজন দাৰ্শনিকে এটা গুৰুত্বপূৰ্ণ কথা কৈছিল। যদি তোমাক ১০০ জন মানুহৰ ভিতৰত ৯৯ জনেই ভালপাঁও বুলি কয় তেনেহ'লে নিজক সুধিব লাগে সঠিক পথত আছেনে? আৰু আন এজন লোকক যদি ৯৯ লোকে বেয়া পাঁও বুলি কয় তেনেহ'লে সেই লোকজনে উপলব্ধি কৰিব লাগে তেওঁ সঠিক পথত আছে।

মানুহক মূল্যায়ণৰ এই কথাখিনি সুক্ষ্মভাৱে লক্ষ্য কৰিলে অতি গুৰুত্বপূৰ্ণ। স্বাৰ্থভৰা এখন সমাজ আৰু মানৱতাবিহীন বাস্তৱৰ মাজত এতিয়া তিষ্টি থকাই কঠিন হৈ পৰিছে। পৰিস্থিতিয়ে বহুতকে এনেকৈ বাধ্য কৰে যে বিবেকৰ দংশনত ভুগিও মিছাৰ পক্ষত থাকিয়েই জীৱন অতিবাহিত কৰিব লগা হয়।

কিছুমান মিছাই মানসিক অশান্তি দিয়ে অথচ সঁচাটো জানিও তাক প্ৰতিষ্ঠা কৰিব নোৱাৰি।মিছা আৰু সঁচাৰ মাজৰ পাৰ্থক্য আছে। যি পাৰ্থক্যই সদায় দুটা ধাৰণাৰ জন্ম দিয়ে। কাৰোবাৰ বাবে সঁচাটো আন কাৰোবাৰ বাবে মিছাও হ'ব পাৰে। দৈনন্দিন জীৱনত আমি কিমান মিছা কথা কঁও বা শুনো।

এদিন নিজকেই পৰীক্ষা কৰক। নিজেই কাৰোবাক কোৱা কথাবোৰ আৰু আনৰ পৰা শুনা কথাবোৰৰ নিজস্ব এক বিশ্লেষণেৰে সঁচা মিছা বাহিৰ কৰি এই পৰিসংখ্যা চালে দেখা পোৱা যায় পৃথিৱী কেৱল সঁচাৰেই নচলে। বৃত্তিগত ভাৱেও বহুলোকে মিছাৰ আশ্ৰয় ল'ব লগা হয়।

মিছা কোৱাটো এটা প্ৰফেচন। সেই মিছাত কিমান সঠিক আৰু তথ্যগতভাৱে যুক্তিসংগত ৰূপত উপস্থাপন কৰিব পাৰি তাৰো প্ৰতিযোগিতা চলে। যি সকলৰ বাবে সঁচা মিছা এই আপেক্ষিত ধাৰণা পৰিৱেশ অনুসৰি সলনি হৈ থাকে। আদালতৰ মজিয়াত সেই যুঁজত নামোতে তেওঁলোকৰ লক্ষ্য হয় যাৰ পক্ষত থিয় দিছে, সেই পক্ষৰ সপক্ষে যুক্তি দাঙি ধৰা।

এইবাৰ এপ্ৰিল ফুল আগতেই আহিল। ৰাজনৈতিক এপ্ৰিল ফুল আছিল এয়া। মানুহক মুৰ্খ বনোৱাৰ এই এপ্ৰিল ফুলৰ চিত্ৰনাট্য লিখিছিল শাসকীয় বিজেপিৰ নেতৃত্বই। ৰাজ্যসভাৰ নামত এনে নাটক ৰচি সেই নাটকৰ উপস্থাপনৰ দায়িত্ব দিয়া হৈছিল এআইইউডিএফক।

এপ্ৰিল ফুল কৰিলে যেনেকৈ কেতিয়াবা মিছা কোৱা জন ধৰা পৰি যায় ঠিক একেই অৱস্থা হ'ল বদৰুদ্দিন আজমল বা এআইইউডিএফৰ বিধায়ক সকলৰ। চিত্ৰনাট্যৰ অনুসৰি এক ৰহস্যঘন নাটকখন ঠিকেই আগুৱাই নিছিল। পৰিচালক ৰূপত বদৰুদ্দিন আজমলে সু-পৰিচালনা কৰিব নোৱাৰিলে নাটকখনৰ। ছন্দ পতন ঘটিল।

৭ জন কংগ্ৰেছৰ বিধায়কে বিজেপিক ভোট দিব বুলি চলোৱা অপ প্ৰচাৰ ফাদিল হ'ল। ৰাজ্যসভাৰ ফলাফলতো ব্যৱধান সাতেই ওলাল। শাসকীয় মন্ত্ৰী বিধায়কেও এই নাটকত অভিনয় কৰিলে। পিছে ভূপেন বৰাৰ বিস্ফোৰণে অসমৰ ৰাইজক যি বাৰ্তা দিব লাগে সেয়া দি গ'ল।

মিছা কোনে কৈছে সেয়া এতিয়া ওলাই পৰিল। তাৰ পাছতো এই ৰাজনৈতিক এপ্ৰিল ফুলৰ নাটকখন চলি থাকিল। এনেদৰে ৰাজ্যৰ ৰাজনীতিত এপ্ৰিল ফুল কেতিয়াও কোনো দলে কৰিব পৰা নাছিল। বদৰুদ্দিনৰ বকোচাত উঠি ৰাজ্যসভালৈ যোৱা কথা বিজেপিয়ে কোনটো নাকেৰে ৰাইজক কয়?

তেনেকৈ সংখ্যালঘু ৰাইজৰ আস্থা আৰু ভোটেৰে বিধানসভালৈ নিৰ্বাচিত হৈ অহা এআইইউডিএফৰ বিধায়ক সকলে মৰি গ'লেও কব নোৱাৰে যে তেওঁলোকে বিজেপিক ভোট দিছে। ভৱিষ্যতৰ কথা আছে। সেয়েহে এনেকৈয়ে এপ্ৰিল ফুল কৰি শাৰী পাতি ভোট দিও ৰিপুন বৰাক পৰাস্ত কৰাত নিৰ্ণায়ক ভূমিকা ল'লে এআইইউডিএফে।

এআইইউডিএফ মানেই বদৰুদ্দিন। তেওঁৱেই সৰ্বেসৰ্বা। বেলি পশ্চিমত ওলাইছে বুলি ক'লে কাৰ সাহস আছে পূৱত বেলি ওলাই বুলি সঁচা কথা কব। সকলোবোৰ এতিয়া চাবি দিয়া পুতুলা। এআইইউডিএফৰ ভোট নালাগে বুলি লক্ষ্যণীয় ভাৱে কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সেই ৰাজনৈতিক এপ্ৰিল ফুল নাটকৰ প্ৰচাৰকৰ ভূমিকাত অংশ ল'লে। বাকী সকলতো আছেই।

কিন্তু তাৰ মাজতে মিছা কথা কৈ কৈ হঠাত জিভা পিচলি সঁচা ওলোৱাৰ দৰে বিজেপিৰে এজন বিধায়কৰ মুখত সঁচা ওলাল। সেই কথা শাসকীয় দলৰ মন্ত্ৰীক সোধাত মন্ত্ৰীয়ে সুধিলে-তেওঁ কোন? তেওঁ কোন সেয়া তেওঁলোকতকৈ আমিনো কেনেকৈ বেছিকৈ জানিম। আমি জানো কেৱল তেওঁ শাসকীয় দলৰ এজন বিধায়ক।

ৰাজনৈতিক এপ্ৰিল ফুলৰ নাটক তাতেই শেষ নহ'ল। হয়তো কংগ্ৰেছৰো এপ্ৰিল ফুল কৰিব মন গ'ল ১ এপ্ৰিলত। বিবৃতিযোগে কংগ্ৰেছে প্ৰচাৰ চলালে পুৱা ৬ বজাতে মুখ্যমন্ত্ৰীৰ বাসগৃহত হাজিৰ ৫ এআইইউডিএফৰ বিধায়ক। নামো প্ৰকাশ কৰিলে কংগ্ৰেছে।

তাৰ পাছতেই এআইইউডিএফৰ প্ৰতিক্ৰিয়া আহিল। যোৱা নাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ ঘৰলৈ। এনে কথা অপ প্ৰচাৰ চলোৱা সকলক আঠু কঢ়াই থোৱাৰো হুমুকি দিলে। শাসকীয় মন্ত্ৰীও আগবাঢ়ি আহিল। প্ৰতিক্ৰিয়াৰ সুৰ একেই। তেওঁৰ মতে এয়া মিছা। হয়তো এপ্ৰিল ফুল সেয়াই সঁচা।

নেতাই আমাক সদায় এপ্ৰিল ফুল কৰে। মিছা কোৱাতো তেওঁলোকৰ পেচা। ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ ৰাইজে ৰাজনৈতিক এপ্ৰিল ফুলৰ সোৱাদ ল'লে। গণতন্ত্ৰৰ বাবে এয়া দু সংবাদ বুলি আখ্যা দিলে কোনো কোনোৱে। কংগ্ৰেছো ধুৱা তুলসীৰ পাত নহয়। এইবাৰ অসমৰ ৰাইজে এপ্ৰিল ফুল চকুৰে দেখিলে।

বদৰুদ্দিন আজমলে বিজেপিৰ পৃষ্ঠপোষকতাত ভাল এপ্ৰিল ফুল কৰিলে। আপুনি সকলো কথা জানে, উপলব্ধি কৰিব পাৰে কিন্তু সঁচাটোক প্ৰতিষ্ঠা কৰিব নোৱাৰে। কিমান অসহায় আমি। কেতিয়াবা ভাৱেনে এইবোৰ কথা।

assam aiudf bjp rajya sabha election himanta biswa sarma badaruddin ajmal congress