/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/AP-BIKHEKH-LEKHA-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মানুহৰ বহু আশা থাকে। কিছু আশা পূৰণ হয়, কিছু আশা পূৰণ নহয় মনতে ৰয়। বহাগ বিহু আহিলে মানুহৰ মন প্ৰাণ উথলি উঠে। কিয়নো বিহু আমাৰ প্ৰাণৰো প্ৰাণৰ জাতিৰ স্পন্দন। বিহু পাতিবলৈ কাৰ ইচ্ছা নাযায়। হেঁপাহৰ বিহুৱানখন যেতিয়া কোনোবাই কাৰোবাক পিন্ধাই দিয়ে তেতিয়াই অসমীয়াত্বৰ এক আৱেগে আমাক চুই যায়।
এতিয়া কেৱল অসমীয়াই বিহুহে পাতে। কেইজনৰ ভাগ্যত আগৰ দৰে অসমীয়া জীয়ৰী-ছোৱালীয়ে নিজেই বোৱা বিহুৱান লাভ কৰাৰ সৌভাগ্য় হয়? সুৰাতৰ পৰা আহে অসমৰ মেখেলা-চাদৰ। ৰাজ্যৰ বজাৰৰ ৬০ শতাংশ গামোচাই বাহিৰৰ। বহি ৰাজ্যৰ পৰা অহা গামোচাই আমি এতিয়া বিহু পাতো।
বজাৰত জুই চাই দাম। মূল্যবৃদ্ধিয়ে কোঙা কৰা, আৰ্থিক মন্দাঅৱস্থাৰ মাজত সামৰ্থ অনুসৰি বিহু পাতিবলৈ আশা পালি থকা সকলৰ মুখত চেঁচাপানী পৰিছে। বিশ্বৰ ভিতৰতে অধিক দামত আমি ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া হয়। সেয়াই এতিয়া বাস্তৱ।
তাঁতৰ শালেৰে অসমীয়া ছোৱালী-বোৱাৰীয়ে সপোন ৰচে। মহাত্মা গান্ধীয়ে কৈ গৈছিল এই কথা। কিন্তু সেই শিল্প-উদ্যোগলৈ আজিও ৰূপায়ণ কৰিব পৰা নগ'ল। ৰাজশ্ৰী, কেঞ্চী, কোথাৰী, চলাচৰ, ব্ৰেণ্ডৰ বহি ৰাজ্যৰ মেখেলা-চাদৰেৰে এতিয়া বিহু বজাৰ ভৰি পৰিছে।
বিহু মানেই উৎসৱ আনন্দ। কিন্তু আৰ্থিকভাৱে পিছপৰা লোক সকলৰ এতিয়া সেই জোৰ নাই। এটা দৃশ্য কল্পনা কৰক। গুৱাহাটী বিমান বন্দৰৰ ভিতৰৰ দৃশ্য আছিল সেয়া। স্মৃতি ইৰাণীক সকলোৱে চিনে। বিশেষ অনুষ্ঠানত অংশ ল'বৰ বাবে গুৱাহাটীলৈ বিমানেৰে আহি আছিল কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। একেখন বিমানতে গুৱাহাটীলৈ আহিছিল নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতি ডিছুজা।
পেট্ৰ'ল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ এই দুই হাইপ্ৰ'ফাইল মহিলাই আৰম্ভ কৰিলে বাক্যযুদ্ধ। দিল্লীৰ পৰা একেখন বিমানতে আহি আছিল দুয়ো। বিমান তেতিয়া বৰঝাৰত অৱতাৰণ কৰিছিল। কেন্দ্ৰীয় শিশু বিকাশ দুপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীক উদ্দেশ্য কৰি পিছ ফালৰ পৰা নীতি ডিছুজাই সুধিলে মেডাম পেট্ৰ'ল ,ৰন্ধন গেছৰ মূল্যবৃদ্ধি হৈছে কিয়?
হঠাৎ এনেদৰে কাৰোবাৰ প্ৰশ্নৰ সন্মুখীন হ'ব বুলি ভৱা নাছিল কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। বিমানৰ পৰা আন যাত্ৰী সকল নামিবৰ বাবে ৰৈ আছিল। স্মৃতি ইৰানীয়ে নীতি ডিছুজাক ক'লে মানুহবোৰ নামিবলৈ ৰৈ আছে। যদি কিবা প্ৰশ্ন আছে তেনেহ'লে বিমানৰ পৰা নামি প্ৰশ্ন কৰক।
সেই সময়ত কোনোবা এগৰাকী যাত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক উদ্দেশ্যি কৈছিল হেপী বিহু অৰ্থাৎ বিহুৰ শুভেচ্ছা জনাইছো। প্ৰতি শুভেচ্ছা জনাইছিল স্মৃতি ইৰাণীয়েও। কিন্তু মাজতে কংগ্ৰেছ নেত্ৰী নীতা ডিছুজাই মাত লগালে- গেছ, চুলা নোহোৱাকৈ হেপী বিহু হ'ব কেনেকৈ?
স্মৃতি ইৰাণীৰ মুখত অপ্ৰস্তুতৰ চিন ফুটি উঠিল।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কৈছিল অনুগ্ৰহ কৰি মিছা কথা নক'ব। নীতা ডিছুজাই উত্তৰ দিছিল- অ' আমি মিছা কৈছো। গেছৰ দাম…। এনেকৈয়ে দুয়োৰে মাজত সেইদিনা বিমান বন্দৰৰ ভিতৰত হৈছিল মূল্যবৃদ্ধিক লৈ বাক্যবাণৰ যুদ্ধ।
দুয়োগৰাকী বিমান বন্দৰৰ পৰা ওলাই আহিছিল। তাৰ পাছত আকৌ এই মূল্যবৃদ্ধিক লৈ আৰম্ভ হৈছিল বাক্যযুদ্ধ। এইবাৰ নিজৰ মোবাইলৰ কেমেৰা অন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কৈ গৈছিল মোডী চৰকাৰে দেশৰ দুখীয়া লোক সকলৰ বাবে ৰূপায়ণ কৰি থকা আঁচনিৰ কথা। ক'বলৈ পাহৰা নাছিল বিনামূলীয়াকৈ দিয়া ক'ভিডৰ ভেকচিনৰ কথাও।
অসমত মূল্যবৃদ্ধিক লৈ এনেদৰে দুয়ো হাইপ্ৰ'ফাইল নেত্ৰীৰ মাজত হোৱা এই বাক্যযুদ্ধৰ ভিডিঅ' যথেষ্ঠ ভাইৰেল হৈছিল। কেতিয়াবা বজাৰলৈ গ'লে উপলব্ধি হ'ব কি জুই চাই দাম খাদ্য-সামগ্ৰীৰ। উজনি অসমত অতিকৈ জনপ্ৰিয় বিহুৰ সময়ত এবিধ খাদ্য। আমলৈ পৰুৱাৰ টোপ বহু লোকৰ প্ৰিয়। গুৱাহাটী মহানগৰীত এতিয়া এই সামগ্ৰীৰ বিৰাট চাহিদা। কেজি. হাজাৰ টকাৰো অধিক।
বিহু মানেই প্ৰাচুৰ্যতা, আনন্দ-স্ফূৰ্তি, খাদ্য সম্ভাৰে ভৰি থকা অসমীয়া ঘৰবোৰত এতিয়া বিহুৰ সেই প্ৰাচুৰ্যতা নাই। বজাৰ নিৰ্ভৰশীল সম্ভোগৰ মাজত বিহু এতিয়া জীয়াই আছে। যাৰ ধন আছে তাৰ যেন সকলো আছে। গ্ৰাম্য জীৱনবোধৰ পৰা বিহু আঁতৰি অহাৰ পাছত সাম্প্ৰতিক সময়ৰ পৰিৱেশ-পৰিস্থিতিয়ে আমাক নিঠৰুৱা কৰি পেলাইছে।
বহুতৰ আত্মীয়জন বিদেশত। বিহুৰ বতৰত আত্মীয়জনৰ অভাৱ সদায় অনুভৱ কৰা হয়। তথাপিও বিহু পাতিবই লাগিব। জাতীয় জীৱনৰ এই উৎসৱৰ সৈতে আমি এক আত্মীক দোলেৰে বান্ধ খাই আছো। সেই আত্মীয়তাৰ বান্ধোন যিয়ে অনুভৱ কৰিব পাৰে তেওঁৰ বাবে বিহু হৃদয়ৰ এক কোণত বৈ থকা জাতীয় চেতনাৰ এখন বোৱতী নৈ।
কি হ'ব বিহুৰ ভৱিষ্যত সেয়া আমি নাজানো। কিন্তু আশা লৈয়ে বৰ্তমানৰ মাজেৰে ভৱিষ্যতলৈ গতি কৰোঁতে বহু সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগাতো নিশ্চিত। তথাপিও আমি ইয়াক উদযাপন কৰিব খোজো। অসমীয়া জাতিৰ আয়ুস ৰেখা সদৃশ বিহু অৱিহনে কেনেকৈ সম্পূৰ্ণ হ'ব অসমীয়া জাতি।
আমি হাঁহি থাকিব খোজো। উৎসৱৰ এই দিনবোৰত এতিয়া হাঁহি নহয় যেন উচুপনিহে দেখা পোৱা গৈছে। তথাপিও বিহু আহিছে যেতিয়া ইয়াক আদৰিবলৈ প্ৰকৃতি সাজু হৈছে। গাঁৱে-ভূঞে ঢোল-পেঁপা বাজিছে। মন-প্ৰাণ ভৰি পৰিছে। মূল্যবৃদ্ধিক লৈ সাধাৰণ মানুহে হাহাকাৰ কৰিছে। তথাপিও বিহু আহিছে।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হ'বনে? নে এনেদৰেই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক কেকুঁৰা চেপা দি শাসক আৰু পূঁজিপতি গোষ্ঠীয়ে শোষণ কৰিয়েই থাকিব। ক্ষমতালৈ অহাৰ পূৰ্বে তেওঁলোকে কৈছিল এইবোৰ সমস্যাৰ কথা। বুজিছিল ৰাইজৰ অভাৱ-অভিযোগ। এতিয়া তেওঁলোক নিমাত।
ৰেডিঅ'ত এবাৰেই কথা কোৱাৰ দৰেই তেওঁলোক সকলো দেখিও নীৰৱ। সঁচাই তেওঁলোকে এবাৰেই কথা কয় , ঠিক ৰেডিঅ'ৰ দৰে। নিৰ্বাচনৰ সময়ত কেৱল ৰাইজে শুনে সেই কথা। তাৰপাছত তেওঁলোকে দেখিও একো নেদেখে। সেয়ে এতিয়া ৰাইজে বিহুৰ বতৰত বিহু দেখিছে মূল্যবৃদ্ধিৰ বাবে।