/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/AP-bikhekh-lekha-1-2.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সন্মুখত হেঁপাহৰ ৰঙালী বিহু। কুলিৰ মাতত বসন্ত আহে। কোভিডসৃষ্ট পৰিৱেশৰ অৱসান ঘটাৰ পাছত বহাগক আদৰিবলৈ ৰাজ্যৰ চৌ প্ৰান্তত চলিছে প্ৰস্তুতি। বিভিন্ন স্থানত দুবছৰ বিৰতিৰ মূৰত পুনৰ ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে বিহু বলিয়া ৰাইজ।
শিল্পী সকলৰ মনলৈ আশা নামি আহিছে। বিহুৰ এই বতৰতে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰি বছৰটোৰ বাবে তেওঁলোকে আয় কৰে। সেয়েহে বিহু অনুষ্ঠিত নহ'লে শিল্পী সকলৰ উপাৰ্জনৰ পথ প্ৰায় বন্ধ হৈ যায়। প্ৰস্তুতি কেৱল তাতেই শেষ হোৱা নাই।
এইবাৰ ৰঙালী বিহুৰ বাবে সাজু হৈছে চৰকাৰ। বিহুক আদৰিবলৈ অনুষ্ঠিত কৰিব লগা বিভিন্ন বিহু মেলাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে এনেদৰে চৰকাৰী পৃষ্ঠপোষকতা লৈ বিহু কিমান দিনলৈ অনুষ্ঠিত কৰিব পাৰিব তাক লৈ সমালোচনা আৰু শংকা ইতিমধ্যে হৈছে।
চান্দা কেন্দ্ৰিক এক বিতৰ্কৰ সূচনা হৈছিল। বিহুৰ নামত চান্দা তুলিবলৈ বাৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিহু অনুষ্ঠিত কৰিবলৈ চৰকাৰে টকা দিব। সেই ঘোষণা কৰা সময়ত চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।
সেই ঘোষণালৈ পিঠি দি বিভিন্ন আৰ্থিক সমস্যাৰ বোজো থকাৰ পাছতো ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি বিহু পাতিবলৈ ধন দিয়া পৰ্বৰ আনুষ্ঠানিকতা আৰম্ভ কৰিলে ৪ এপ্ৰিল ২০২২ত। ইতিমধ্যে বিজ্ঞাপন যোগে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিছে যে অসম আন জিলা সমূহতো উপায়ুক্ত, স্থানীয় সাংসদ আৰু বিধায়ক সকলৰ উপস্থিতিত ৫ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ এই সাহায্য প্ৰদান কৰা হ'ব।
আৰ্থিক সাহায্য লাভৰ বাবে নিৰ্বাচিত হোৱা বিহু কমিটি সমূহৰ নাম চূড়ান্ত কৰা হৈছে। সেই অনুসৰি ১২৬২ খন বিহু কমিটি ৰাজ্য চৰকাৰে ডেৰ লাখ টকাকৈ ১৮ কোটি ৯৩ লাখ টকা প্ৰদান কৰিব। এই সাহায্য বা অনুদান লাভ কৰা বিহু কমিটি সমূহৰ বাবে চৰকাৰে বান্ধি দিয়া প্ৰাথমিক চৰ্ত হ'ল-বহাগৰ প্ৰথম ৭ দিনৰ ভিতৰত তেওঁলোকে ৰঙালী বিহু উদযাপন কৰিব লাগিব আৰু অতি কমেও ১০ বছৰ ধৰি বিহু উদযাপন কৰা কমিটি সমূহকে এই সাহায্য প্ৰদান কৰা হ'ব।
বিহু অনুষ্ঠিত কৰিবলৈ চৰকাৰী ধনৰ প্ৰয়োজন আছেনে নাই সেয়াও এক বিচাৰ্য বিষয়। বিহু এক কৃষি প্ৰধান উৎসৱ। বিহুৰ সৈতে মাটি আৰু সাধাৰণ মানুহৰ সম্পৰ্ক থাকে। সময়ৰ সৈতে বিহুও সলনি হৈছে । গাঁৱত ঘৰে ঘৰে গৈ হুচৰি গোৱা আৰু গৃহস্থই সেৱা লৈ আশীৰ্বাদ বিচৰা, আন কিছু লোকাচাৰ এতিয়া লোকজীৱনৰ সংগী হৈ থকা নাই।
মঞ্চলৈ অহা বিহুয়েই প্ৰধানত বিহু অনুষ্ঠিত কৰাৰ এক মাধ্যম হৈ পৰিছে। সেয়ে বহাগ বিহু মানেই বিহু সন্মিলন, বিহু মেলা আৰু সেই অনুষ্ঠানবোৰত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগীতা, সাংস্কৃতিক সন্ধিয়া হৈ পৰিছে। বিহু মেলাৰ মূল আকৰ্ষণ নিশাৰ সাংস্কৃতিক সন্ধিয়া।
শিল্পী সকলক গীত পৰিৱেশনৰ বাবে আনিবলৈ এখন বিহু মেলাই যথেষ্ঠ সংখ্যক ধন ব্যয় কৰিব লগা হয়।এতিয়া বিহু এক উদ্যোগ হৈ পৰিছে। বহাগ বিহু আহিলেই বজাৰত বিহুৰ সৈতে সম্পৰ্ক থকা বিভিন্ন সা-সামগ্ৰী,খাদ্য সম্ভাৰেৰে ভৰি পৰে। আনকি বহাগ বিহুৰ এক মূল উপাদান বিহুৱান খনো বহি ৰাজ্যৰ পৰা আমদানি হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহু পাতিবলৈ ধন দিছে। কোনোৱে ইয়াক ভাল বুলিছে, আন কোনোৱে ইয়াক সমালোচনা কৰিছে। কিন্তু বিহু কেন্দ্ৰিক সাধাৰণ লোকক সাঙুৰি বহু উদ্যোগ বা ব্যৱসায় চৰকাৰী পৃষ্ঠপোষকতাত উত্তৰণৰ সুন্দৰ সুযোগ থকাৰ পাছতো সেইবোৰৰ বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কোনো চৰকাৰেই কৰা নাই।
বিহুৱে এক সমন্বয়ৰ সেঁতু গঢ়ে। ইয়াৰ উপৰিও অসমৰ মহিলা সকলে বিহুৰ নামত প্ৰস্তুত কৰা বিহুৱান, পিঠা পনাৰে এক জাতীয় অৰ্থনীতি বুনিয়াদ গঢ়াৰো অৱকাশ আছে। সেইবোৰলৈ পিঠি দি চান্দা বন্ধ কৰিবলৈ হঠাৎ মুখ্যমন্ত্ৰীয়ে লোৱা বিহু কমিটিলৈ আৰ্থিক অনুদানৰ এই পৰম্পৰাই অসমীয়া জাতিকো হিতাধীকাৰী সজাই পেলালে নেকি বুলি এতিয়া প্ৰশ্ন হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-04-at-12.01.32-PM-1-815x1024.jpeg)
এই ধাৰাবাহিকতা যদি চৰকাৰে অব্যাহত ৰাখে তেন্তে এদিন এনে পৰিৱেশ আহিব নেকি যে বিহু পাতিবলৈ চৰকাৰৰ হাতলৈ মানুহে বাট চাব লাগিব। এইবোৰ দিশত বিতৰ্ক বা আলোচনা হ'ব লাগে। সংস্কৃতিক কেতিয়াও সাধাৰণ লোকৰ পৰা দূৰৈত হ'ব নোৱাৰে। প্ৰতিজন লোকৰেই আন্তৰিকতাপূৰ্ণ অংশগ্ৰহণে বিহুক গণমুখী কৰি আহিছে।
বিহু অসমীয়া জাতিৰ সাৰ। ই আমাৰ আয়ুস ৰেখা। ইতিমধ্যে বিহু আমাৰ জন-জীৱনৰ পৰা বহু আঁতৰি গৈছে। আনকি বিহুৰ বিজ্ঞাপনৰ নামত তথাকথিত বহু বাহিৰৰ কোম্পানীৰ বিকৃত ৰূপত বিহুক তুলি ধৰিছে। গুৱাহাটীৰ মাজ মজিয়াতেই ফটোসহ বিহুক লৈ এক বিজ্ঞাপন আঁৰি দিয়া হৈছে। য'ত বিহুৰ ঢোল বুলি কোনো বেলেগ জনগোষ্ঠী বা জাতিৰ মৃদং এটা লৈ সেই কোম্পানীটোৰ ৰঙালী বিহুৰ বিজ্ঞাপন দিছে এগৰাকী অভিনেতাই।
অসমীয়াৰ সচেতনতা ইমানেই। জাতীয় দল সংগঠন সমূহেও এইবোৰ দৃশ্য দেখি এনে নকৰিবলৈ সেই সংশ্লিষ্ট কোম্পানীটোৰ প্ৰতি সতৰ্কবাণী প্ৰেৰণ কৰাত বিফল হৈছে। ইয়াৰ পূৰ্বেও বিহুক বিকৃত কৰা বহু ঘটনা ঘটিছে। কিন্তু সেইবোৰৰ প্ৰতি যেন আমি উদাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-04-at-12.01.33-PM-881x1024.jpeg)
চুবুৰীয়া পশ্চিম বংগত এনে কৰা হ'লে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হ'লহেতেন। কিন্তু অসমত সেইবোৰ ঘটিয়েই থাকে। চৰকাৰৰ সাংস্কৃতিৰ পৰিক্ৰমা বিভাগৰো এইবোৰ দিশত চকু দিয়াৰ দায়িত্ব আছে। জাতীয় নেতৃত্ব গ্ৰহণ কৰা দল সংগঠনৰ নেতা সকলে এনেবোৰ দৃশ্য বা খবৰ দেখিও যেন চকু মুদি ৰৈছে।
বিহু সন্মিলন বা কমিটি সমূহলৈ দিয়া ধনৰ টোপোলাই বিহুক গণমুখী কৰি ৰাখিব নোৱাৰে। চৰকাৰৰ এয়া এক আন্তৰিকতাপূৰ্ণ পদক্ষেপ বুলি গ্ৰহণ কৰিও বিহুৰ নামত অসমীয়া জাতিক হিতাধীকাৰী সজাব খোজা সিদ্ধান্তক কোনো দৃষ্টিকোনেৰে সহজে গ্ৰহণ কৰিব নোৱাৰি।