ৰাজনৈতিক কবিতা

মই কেৱল পদব্ৰজে অহা নাই,/চুঁচৰি ফুৰিছো।/আঁঠু কাঢ়ি সেৱা কৰি মাতৃভূমিৰ চৰণ চুমিছো।/সত্ৰ,নামঘৰ, গুৰুদ্বাৰ,মছজিদ, গীৰ্জা, মন্দিৰত/তীৰ্থস্থান কৰি মই তপস্যাত বহিছো।
ৰাজনৈতিক কবিতা

মৃদুল কুমাৰ সন্দিকৈ

মই কেৱল পদব্ৰজে অহা নাই,/চুঁচৰি ফুৰিছো।/আঁঠু কাঢ়ি সেৱা কৰি মাতৃভূমিৰ চৰণ চুমিছো।/সত্ৰ,নামঘৰ, গুৰুদ্বাৰ,মছজিদ, গীৰ্জা, মন্দিৰত/তীৰ্থস্থান কৰি মই তপস্যাত বহিছো।/মই শংকৰ-আজান-চ্যুকাফা-চিলাৰায়-গান্ধী-নেতাজীৰ/বাণীও কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰিছো।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কলমত আৰু এটা নতুন কবিতাৰ সৃষ্টি হ'ল। সমগ্ৰ দেশত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো কাৰ্যসূচী অসমতো প্ৰদেশ কংগ্ৰেছে বিভিন্ন প্ৰান্তত আয়োজন কৰিছিল। এই কাৰ্যসূচীয়ে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, গুৱাহাটী মহানগৰ, মৰিগাঁও, নগাঁও, হোজাই,গোলাঘাট, যোৰহাট, শিৱসাগৰ , চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া সহ ১৫ খন জিলা সামৰি লৈছিল।

অসমৰ বিধানসভাৰ ৫১ টা সমষ্টি আৰু ৯ টা লোকসভাত ভাৰত জোড়ো কাৰ্যসূচীত দলীয় সতীৰ্থ কৰ্মীৰ সৈতে অংশ লৈ ভূপেন বৰাই সেই অভিজ্ঞতাৰ আধাৰত লিখা নতুন কবিতাটো আছিল ''হয়, মই শিল-বালিৰ সৈতে খোজ কাঢ়িছো''।

ৰাজনীতি আৰু সাহিত্য চৰ্চা পৃথক বিষয়। সাহিত্যিকে ৰাজনীতি কৰিব নোৱাৰিব বুলি বা ৰাজনীতিবিদে সাহিত্য চৰ্চা কৰিব নোৱাৰিব বুলি কোনো নিয়ম নাই। অভিজ্ঞতা আৰু মনৰ দৃঢ়তাৰে সেই সৃষ্টিশীল কামৰ জৰিয়তে এজন ৰাজনীতিবিদে বিপক্ষক কবিতাৰ মাধ্যমেৰে কৰা সমালোচনা বা দিয়া প্ৰত্যুত্তৰ ভূপেন বৰাৰ শেহতীয়া কেইটামান কবিতা।

তেওঁৰ এই কবিতাটো ৰাজনীতি আৰু সাহিত্য দুয়োটা দৃষ্টিকোণেৰে চাব পাৰি। দেৱকান্ত বৰুৱাই লাচিত বৰফুকনৰ ওপৰত লিখা এটা কবিতা আছিল লাচিত ফুকন। কবিতাটোত তেওঁ লিখিছিল- দেশৰ বাতৰি শুনিবানে বীৰ? নিদিওঁ তোমাক ফাঁকি,/তোমাৰ অসম নাই আৰু আজি জঁকাটোহে তাৰ বাকী।/লুইতৰ এই বিশাল পাৰত নাই আৰু অসমীয়া,/মৰি হাজি ঢুকাল সকলো চিনচাব নাইকিয়া।/‘অসমৰ এই কাম্যভূমি’ত চৰিছে গাধৰ পাল,/
বোজা বই বই পৰিল কঁকাল পিঠিৰ ছিগিল ছাল।/তেওতো অকণো কাণসাৰ নাই, কত যে ৰঙেৰে চৰে,/এমুঠি দানৰ কাৰণে সকলো প্ৰভুৰ পিছত লৰে।

অসমীয়া কাব্য-সাহিত্যৰ অন্যতম উল্লেখযোগ্য কবিতা এইটো। কবিতাটোৰ শেষৰফালে তেওঁ নিজেই এগৰাকী ৰাজনীতিবিদ হৈয়ো সেই সময়ত নেতা সকলৰ স্বৰূপ উদঙাই দিছিল। তেওঁ লিখিছিল -স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেলব’ৰ্ড,/জ্ঞান সাগৰৰ দুইপাৰ যাৰ চিভিল-পিনাল-ক’ড,/মন্ত্ৰীত্ব যাৰ শেষ কল্পনা, এচেমব্লী যাৰ আশা,/সিনো কি বুজিব হে বীৰ! তোমাৰ ৰণ-দুৰ্মদ ভাষা?

এতিয়াও নেতা সকলক সমালোচনা কৰিবলৈ তেতিয়াই দেৱকান্ত বৰুৱাই লিখি থৈ যোৱা মন্ত্ৰীত্বই যাৰ শেষ কল্পনা, এচেম্বলীয়ে যাৰ আশা এই পংক্তিটো আওৰোৱা হয়। সময়ৰ সোঁতত ইয়াৰ বিচাৰ বিশ্লেষণ নিৰ্দিষ্ট দৃষ্টিৰে হ'ব।

আজিৰ প্ৰেক্ষাপটত ভূপেন বৰাৰ এই কবিতাটো এটা ৰাজনৈতিক কবিতা বুলি ধৰি ল'লেও ভৱিষ্যতৰ বাবে সেই কবিতাই বহু কথা সামৰি থ'ব। তেতিয়া অতীতৰ প্ৰেক্ষাপটত ৰাজনৈতিক ঘটনাৰাজিক পৰ্যালোচনা আৰু মূল্যায়ন কৰিবলৈ এই কবিতাটো এক আধাৰ হৈ পৰিব।

কংগ্ৰেছে ৰাজনৈতিক কাৰণত ভাৰত জোড়ো যাত্ৰা কৰিছে। শাসকীয় বিজেপি আৰু কংগ্ৰেছ পানী আৰু তেল সদৃশ। দুয়োটা ৰাজনৈতিক দলৰ দৃষ্টিভংগী পৃথক। কিন্তু সকলোৰে লক্ষ্য দেশবাসী। দেশবাসীৰ মংগল আৰু দেশৰ উন্নয়নৰ প্ৰতি আওকাণ কৰিলে ৰাইজে কাকো নেৰে।

ভূপেন বৰাই এই কবিতাটোত সমন্বয়ৰ সেঁতু গঢ়িবলৈ খনিকৰ বিচাৰি ফুৰা কথা কৈছে। খোজকাঢ়ি যাঁওতে পথৰ ধূলি ওপৰলৈ উঠি নিজৰ শিৰত পৰা দেখিছে।সেই পদ ধূলাই তিলক আঁকি ধুবুৰীৰ পৰা শদিয়ালৈ তেওঁলোকে এই যাত্ৰা কৰিছে।

অতি অৰ্থবহ এই কবিতাটোৰ প্ৰতিটো শাৰীয়ে মন চুই যোৱা। জাতি-জনগোষ্ঠী, উপজাতি, সুখ-দুখৰ সমভাগী হৈ পকা ধাননিত সোমাই দাৱনীৰ কাচিত সান দিয়াৰ কথাও ইয়াত উল্লেখ আছে।

পূৰ্বৰ কবিতাবোৰৰ দৰে এই কবিতাত নাই ৰাজনৈতিক আক্ৰমণ। বৰঞ্চ আছে ইয়াত ৰাজনৈতিক ক্ষেত্ৰ খনৰ এক কাৰ্যক্ৰমত অংশ লৈ লাভ কৰা উপলব্ধি বহিঃপ্ৰকাশ। এই দীঘল কবিতাটোত কবিয়ে বাগৰুম্বা নাছিবলৈ শিকিছে, ঝুমুৰৰ পাকত ঘূৰিছে, বিভিন্ন জনগোষ্ঠীৰ ভাষা-উপভাষাত সম্ভাষণ কেনেকৈ দিব লাগে শিকিছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ গৰাখহনীয়াৰ প্ৰকোপ তেওঁ দেখিছে এই যাত্ৰাত। পৰম্পৰাৰ বুনিয়াদ সুদৃঢ় কৰিবলৈ জাতি জনগোষ্ঠীৰ পৰম্পৰাত আঁকোৱালি লৈছে। কবিয়ে শেষৰ ফালে এক তীৰ্যক বাক্য বানেৰে কাৰোবাক শৰবিদ্ধ কৰিছে- ধৰিবও নোৱাৰো, এৰিবও নোৱাৰো/আঁঠুৱাৰ ভিতৰৰ মহটো ময়ো দেখিছোঁ/আঁঠুৱাৰ বাহিৰত বহি মই উজাগৰি নিশা কটাইছো/খল-নায়ক সজাবলৈ চলা ষড়যন্ত্ৰ/ ফাদিল কৰাৰ আজি মই পণ লৈছো।

সৰ্বানন্দ সিংহৰ, ৰাঘৱ মৰাণৰ পদুলিৰে পাৰ হৈ তেওঁ কৃষ্ণৰ পদৰেণুৰে ধূসৰিত শদিয়াৰ পৰা প্ৰগতিৰ জখলা সজাৰ মানস কৰিছে। সেইবাবে তেওঁ শিল-বালিৰ সৈতে খোজ কঢ়াৰ কথা কৈছে।

ভূপেন বৰাই কবিতা লিখাৰ পাছত সদায় এক ৰাজনৈতিক ধুমুহা বলে। শাসকীয় পক্ষই তেওঁক বিভিন্ন ধৰণে কবিতা লিখাৰ বাবে সমালোচনাৰে থকা সৰকা কৰে। ৰাজনীতি এৰি কবিতাত ধৰিবলৈ কয়। শেহতীয়া ''হয়, শিল বালিৰ সৈতে খোজ কাঢ়িছো!'' কবিতাটো লিখাৰ পাছতো অনুৰূপ সমালোচনা, ব্যক্তব্য শুনিবলৈ পোৱা গ'ল।

কোনোৱে ক'লে, এই কবিতাত সুৰ নাই! শব্দত অমিল! সঁচাকৈয়ে তেওঁ জানো কবিতাৰ ভাবাৰ্থ উপলব্ধি কৰিব পাৰিছে। এটা ৰাজনৈতিক কবিতা হ'লেও ইয়াত অন্তৰ্নিহিত আৱেগ, উপলব্ধিক কেৱল ৰাজনৈতিক দৃষ্টিৰে চালে বহু কথা অনুভৱ কৰিব নোৱাৰিব।

আনহাতে কবিতাৰ দৃষ্টিকোনেৰে ৰাজনীতিক আঁতৰাইও এই কবিতাটোক সঁচা অৰ্থত কবিতা হিচাপে মূল্যায়ন কৰাৰ অৱকাশ নিশ্চয় থাকিব। এজন নেতা হোৱাৰ বাবেই এটা ভাল কবিতাক কোনোবাই অস্বীকাৰ কৰিলেও প্ৰকৃত কাব্য প্ৰেমীয়ে ইয়াক অনাদৰ নিশ্চয় নকৰে।

ভূপেন বৰাই লিখা কবিতাৰ মূল্যয়ন এদিন নহয় এদিন হ'ব। তাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ঘোষণা কৰিলে নতুন বছৰলৈ তেওঁ এক সংকল্প লৈছে। সেই সংকল্প হ'ল ৰাজ্যৰ ৰাজনৈতিক পটভূমিত তেওঁ লিখা কবিতা সমূহেৰে এখন কাব্য সংকলন প্ৰকাশ পাব।

সাহিত্যৰ দৃষ্টি কোনেৰে ভূপেন বৰাৰ এই কবিতা সমূহৰ বিচাৰ বিশ্লেষণ হোৱাৰ লগতে ৰাজনৈতিক পটভূমিত সংঘটিত বহু কাহিনী কবিতাৰ ৰূপত সময়ে চিৰ দিনৰ বাবে সাঁচি থব।

আৰু পঢ়ক: গাহৰি নাখাব! ঢকুৱাখনাত প্ৰশাসনৰ বাধা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in