/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/AP-bikhekh-lekha-commission.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কথা বহুতই কয়। কথা মতে কাম প্ৰায়েই কৰিব নোৱাৰে। ভাৰতৰ ৰাজনীতিৰ ইতিহাসত নেতা আৰু দুৰ্নীতি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। দুৰ্নীতি প্ৰতিৰোধৰ কথা কোৱা নেতা সকলেই যেতিয়া দুৰ্নীতিৰ পৃষ্ঠপোষক হয় তেতিয়া চাই থকাৰ বাদে সাধাৰণ জনতাৰ কৰিব লগীয়া একো নাথাকে।
মন্ত্ৰী হোৱাৰ পাছত অগাধ সম্পত্তি নামে-বেনামে ঘটাতো নেতাৰ যেন পাৰদৰ্শিতাহে। সেই অশুভ প্ৰতিযোগীতাতেই প্ৰায় সকল নেতা নামে। কি অসম, কি পঞ্জাৱ ,কি গুজৰাট সকলোতে একেই দশা। নেতা বোৰৰ দাড়ি-চুলি পকা। তেনে পৰম্পৰাৰ পৰা আঁতৰি আহি পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে যি কঠোৰ স্থিতি গ্ৰহণ কৰিলে তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক স্বাস্থ্য বিভাগৰ এজন শীৰ্ষ বিষয়াই এই খবৰ দিছিল। তেওঁ মন্ত্ৰী সভাৰ স্বাস্থ্য মন্ত্ৰীজন লুভীয়া। এটা কামক আৱন্টন দিয়াৰ নামত স্বাস্থ্যমন্ত্ৰী বিজয় ছিংলাই কমিচন বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কথাতো গুৰুত্ব দিলে, কিন্তু তেওঁক প্ৰমাণ লাগে। সেই দায়িত্বও দিলে বিষয়াগৰাকীকে।
১ শতাংশ কমিচন লাগে স্বাস্থ্যমন্ত্ৰীক।হৈ গৈছিল গোপন চুক্তি। ঠিকাদাৰ জনৰ সৈতে মিলি স্বাস্থ্যমন্ত্ৰীৰে হোৱা তেওঁৰ কথোপকথন বাণীবদ্ধ কৰিলে। কোড লেংগুৱেজত মন্ত্ৰীয়ে কথা পাতিছিল। বিচাৰিছিল তেওঁ চুক্ৰানা। ভতিজায়েকক দিব লাগিব সেই চুক্ৰানা।
পাই গ'ল প্ৰমাণ। মুখ্যমন্ত্ৰীৰ হাতত তুলি দিলে কথোপকথনৰ অডিঅ'। মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যবিভাগৰ কাম কাজ পৰ্যালোচনা কৰিলে। তেওঁ নিশ্চিত হ'ল। তেওঁ বিশ্বাস কৰি থকা মন্ত্ৰী জন দুই নম্বৰী। লগে লগে একশ্য়ন। প্ৰথমে মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত তাৰ পাছত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত সতীৰ্থ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ নিৰ্দেশ।
কথা মতেই কাম। ইয়াকে কোৱা হয় শূণ্য সহনশীলতা। কিজানি সেই কাম আপেই কৰিব পাৰে। দিল্লীতো এই কামেই কৰিছিল অৰবিন্দ কেজৰিবালে। অৱশ্যে গ্ৰেপ্তাৰ নহয়, বৰ্খাস্ত। ২০১৫ চনত কেজৰিবালেও দুৰ্নীতিৰ অভিযোগত সতীৰ্থ মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিছিল।
আমাৰ প্ৰায় নেতা সকলে শূণ্য সহনশীলতাৰ কথা কয়। দুৰ্নীতিৰ ক্ষেত্ৰত কিন্তু সেই শূণ্য সহনশীলতাৰ প্ৰমাণ পোৱা নাযায়। এনে কি অভিযোগ অসমৰ মন্ত্ৰীৰ ক্ষেত্ৰত নাই? বহু মন্ত্ৰীয়ে হেনো কমিচনৰ কথা প্ৰথম পাতে। তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিক কাৰণত ব্যৱস্থাহে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব নোৱাৰে।
মুখ্যমন্ত্ৰী যদি সৎ হয় তেনে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৃপনালি কৰাত কিহৰ ভয়? যদি নেতৃত্ব দিওতা জনেই দুৰ্নীতি অনিয়মৰ বোকাত পোত গৈ থাকে তেতিয়া সেই ব্যৱস্থা গ্ৰহণৰ কথা কোনো কাৰণতেই আশা কৰিব নোৱাৰি। দেশবাসীৰ মনত আপে পুনৰ বাৰ এক আস্থা পূৰ্ণ ভাৱৰ সৃষ্টি কৰিলে।
এয়া সস্তীয়া প্ৰচাৰৰ উৎস হোৱাতকৈ প্ৰমূল্য ৰাজনীতিৰ নিদৰ্শন হৈ ৰ'লেহে ইয়াৰ পৰা ভৱিষ্যতে সুফল আশা কৰিব পাৰি। দুৰ্নীতি এতিয়া মানুহৰ সহজাত প্ৰবৃত্তি হৈ পৰিছে। যদি মন্ত্ৰীয়েই কমিচন বিচাৰে তেনে বাকী বিষয়া-কৰ্মচাৰী সকললৈ এই বেমাৰ সোচৰি যোৱাতোৱই স্বাভাৱিক।
দুৰ্নীতিমুক্ত এখন সমাজ আমি কল্পনা কৰো। কিন্তু দুৰ্নীতি নিৰ্মূল কৰাতো ইমান সহজ নহয়। এইবোৰ কথা ক'বলৈ সহজ। মানুহক ভাল লগাবলৈ আন বহু কথা কোৱাৰ দৰে দুৰ্নীতি নিৰ্মূলৰ কথাও নেতাৰ মুখত আখৈ ফুটাৰ দৰে ফুটে।
পঞ্জাৱৰ দৰে আন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই কাম কৰিব কেতিয়াবা পাৰিবনে? কোনো ৰাজনৈতিক দলৰ পৰিচয় অৱিহনে সততাৰ এনে নিদৰ্শন দিব পৰা নেতা আমাক লাগে। যি সকলে কঠোৰ প্ৰশাসক ৰূপে সতীৰ্থ মন্ত্ৰীৰ ওপৰতো এই ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। কিন্তু অসম বা আন ৰাজ্যত এতিয়া সঁচাকৈয়ে এনে নেতা আছেনে? আছেনে এনে মুখ্যমন্ত্ৰী?
সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উঠিলে অভিযোগৰ সত্য সত্যতা প্ৰমাণ কৰাৰ সলনি অভিযুক্তক ৰক্ষণা-বেক্ষণ দিব খোজে। তেনে স্থলত সেই দুৰ্নীতিগ্ৰস্থ মন্ত্ৰীয়েও সেই সুযোগ গ্ৰহণ কৰে। আচলতে সকলো মুখ্যমন্ত্ৰী ভগৱন্ত মান হ'ব নোৱাৰে।
আৰু পঢ়ক: জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত…