/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/AP-bikhekh-lekha-1-11.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এখন নাটকৰ অন্ত পৰিল। অন্ত পৰিল এখন খেলৰ। ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-কংগ্ৰেছ, কংগ্ৰেছ- এ আই ইউ ডি এফৰ এই নাটকখন খুব সুন্দৰভাৱে মঞ্চস্থ হ'ল। কোন জিকিল, কোন হাৰিল সেই ফলাফলতকৈ এই নিৰ্বাচনে আন কিছু বাৰ্তা আৰু মূল্যবোধহীন ৰাজনীতিক উদঙাই দিলে।
দুয়োখন আসনতে বিজেপি আৰু ইউ পি পি এলৰ দুয়োগৰাকী প্ৰাৰ্থী জয়ী হ'ব বুলি ভৱা হৈছিল। সেই অনুসৰিয়ে বিজেপি আৰু এ আই ইউ ডি এফে সংলাপ আওৰাইছিল। কিন্তু তেওঁলোকৰ বাবে খলনায়ক হৈ থিয় দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ৰাজ্যসভা নিৰ্বাচনৰ নামত অতি পৰিকল্পিতভাৱে কংগ্ৰেছৰ বিধায়কক লৈ যি দৃশ্যপট ৰচনা কৰিছিল, তাৰ আঁৰকাপোৰ নিৰ্বাচনৰ পূৰ্বেই তুলি দিলে ভূপেন বৰাই।
নাঙঠ হৈ পৰা এ আই ইউ ডি এফে কেতিয়াও মুকলিকৈ ক'ব নোৱাৰে বিজেপিৰ পক্ষত তেওঁলোক আছিল। সেয়েহে কংগ্ৰেছৰ বিজেপিৰ প্ৰতি কিছু টান থকা ৫জন বিধায়কক ঢাল কৰি লৈ এ আই ইউ ডি এফৰ ৫জন বিধায়কৰ জৰিয়তে দ্বিতীয়গৰাকী প্ৰাৰ্থীক জয়ী কৰাবলৈ পৰিকল্পনা প্ৰায় চূড়ান্ত কৰিছিল।
ইয়াৰ পুৰষ্কাৰ মুখ্যমন্ত্ৰীয়ে এ আই ইউ ডি এফৰ মুৰব্বীক বহুদিনৰ আগতেই দি থৈছে। মূলত ব্যৱসায়ী আজমল। ৰাজনীতিও তেওঁৰ বাবে ব্য়ৱসায়েই। প্ৰতিটো ৰাজ্যসভাৰ নিৰ্বাচনতে এই ব্যৱসায় কৰে আজমলে। এইবাৰো ব্যতিক্ৰম নাছিল। সংখ্যালঘু লোকসকলক বিজেপিৰ বিৰুদ্ধাচাৰণ কৰা বুলি কৈ অহা আজমলে শাসকীয় বিজেপিৰ সৈতে গোপন কোঠাত সদায় সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে।
আজমলে জানে ৰাজনীতিয়ে তেওঁক নেৰে। ৰাজনীতি তেওঁৰ বাবে ব্যৱসায়ৰ এক জখলা। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এখন চিঠি গৈছিল ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকললৈ। বন বিভাগৰ মুৰব্বী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈও জাৰি কৰা হৈছিল নিৰ্দেশনা।
মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ১৯জুলাই, ২০২১ত পত্ৰ নং- CMO-2/2021/1989 যোগে নিৰ্দেশ দিয়া হৈছিল যে অগৰু পৰিবহনৰ ক্ষেত্ৰত আৰক্ষী আৰু বন বিভাগে দিয়া বাধা আতঁৰ হ'ব লাগে। চিঠিখন লিখাৰ যুক্তি আৰু কাৰন উল্লেখ থাকিলেও মূলত অগৰ ব্যৱসায় কৰা আজমলক সুবিধা কৰি দিব বাবেই পৰিবহনৰ ক্ষেত্ৰত কোনো বাধা নিদিবলৈ এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছিল।
ইমান সুবিধা কৰি দিয়াৰ পাছত বদৰুদ্দিন আজমলে কেনেকৈ বিজেপি বা হিমন্ত বিশ্ব শৰ্মাক সহায় নকৰাকৈ থাকিব পাৰে। তাতে আজমলে ভালদৰে জানে, ক্ষমতাৰ সুখ তেওঁ এনেকৈয়ে লৈ ব্যৱসায়ৰ জৰিয়তে এফালে সংখ্যালঘু লোকসকলৰ ত্ৰাণকৰ্তা ৰূপত মুখা পিন্ধি হ'লেও ৰাজনীতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগিব।
সেই নাটকৰ সংলাপ আওৰোৱা শাসকীয় মন্ত্ৰী-বিধায়কসকলে জনমানসত এনে এক ভাৱমূৰ্তি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিলে যে যিকেইজন বিধায়কৰ ভোট লৈ তেওঁলোকৰ দ্বিতীয়জন প্ৰাৰ্থী জয়ী হ'ল, সেইকেইজন এ আই ইউ ডি এফৰ নহয়, কংগ্ৰেছৰহে বিধায়ক।
আনকি এ আই ইউ ডি এফৰ ১৫জন বিধায়কে ৩১মাৰ্চ, ২০২২ত শাৰী পাতি একেলগে ভোট দিবলৈ অহাৰ সময়ত কংগ্ৰেছৰ সাতটা ভোট অতিৰিক্তভাৱে লাভ কৰিব বুলি কোৱাজ গাইছিল। ৰাজনীতিতো নাটকৰ কি ট্ৰিটমেন্ট! মানুহৰ মাজলৈ এনে বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল তেওঁলোকে এ আই ইউ ডি এফৰ ভোট লোৱা নাই, ভোট লৈছে কংগ্ৰেছৰ।
খোদ মুখ্যমন্ত্ৰীৰ মুখতো সেই বচন। অৱশ্যে তেওঁ সতীৰ্থ মন্ত্ৰী এগৰাকী উদ্ধৃতিৰে সেই কথা কিবা কাৰণত মিছা হ'লেও যাতে গা বচাব পাৰে তাৰ আগতীয়া প্ৰতিৰোধ ব্যৱস্থা লৈ থৈছিল। বিজেপিৰ হৈ কাম কৰা এ আই ইউ ডি এফক তাজ্য ঘোষণাৰে দম্ভ মাৰি তেওঁলোকৰ ভোট আমাক নালাগে বুলি মুখ্যমন্ত্ৰীয়ে একাধিকবাৰ ঘোষণা কৰিছিল।
অভিযোগ-প্ৰতিভিযোগৰ মাজেৰে ভোট বাতিলৰ দাবীৰে ১২৬গৰাকী বিধায়কে ভোটদান সম্পন্ন কৰাৰ অন্তত বেলট বাকচত বন্দী হৈছিল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল। ৫ গৰাকী বিধায়কৰ ভোট নাকচ কৰাৰ দাবীৰে কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাত সেই সন্দৰ্ভত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ সৈতে ভিডিঅ কনফাৰেন্সৰ যোগেদি এক বৈঠক অনুষ্ঠিত হৈছিল। কংগ্ৰেছৰ অভিযোগ নাকচ কৰাৰ পিছত সন্ধিয়া ৮ মান বজাত ভোট গণনা আৰম্ভ হয়। পবিত্ৰ মাৰ্ঘেৰিটাই ৪৬টা ভোট পাই প্ৰথম পচন্দৰ প্ৰাৰ্থী হিচাপে জয়ী ।
দ্বিতীয় পচন্দৰ বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়ে ৪৪ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছ- এ আই ইউ ডি এফ- ৰাইজৰ দল- চি পি আই এমৰ সন্মিলিত প্ৰাৰ্থী ৰিপুন বৰাই লাভ কৰিলে ৩৫টা ভোট। ৯টা ভোটৰ ব্যৱধানত পৰাস্ত হ'ল ৰিপুন বৰা।
ঘটনা বহুল আছিল এই ৰাজ্যসভা নিৰ্বাচন। যেন ২০১০ ৰ পুনৰাবৃত্তি। সঁচা-মিছা বহু অভিযোগেৰে ভৰপুৰ হৈ পৰিছিল নিৰ্বাচনী প্ৰেক্ষাপট। বহুধা বিভক্ত বিৰোধী আৰু কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদে ইচ্ছাকৃতভাৱে তেওঁৰ ভোট নাকচ কৰাত সেই সুযোগ বিজেপি মিত্ৰজোটৰ দ্বিতীয় গৰাকী প্ৰাৰ্থীয়ে গ্ৰহণ কৰিলে।
ভূপেন বৰাই বিজেপি আৰু এআইইউডিএফৰ গোপন পৰিকল্পনাৰ কথা ঠিকেই বুজিছিল। এআইইউডিএফে তেওঁলোকৰ বিধায়কক অতি কৌশলেৰে বিজেপিক ভোট দিয়া ব্লু প্ৰিন্ট ৰচনা কৰিছিল যদিও সেই ব্লু প্ৰিন্টে কাম নিদিলে। হাৰিও যেন জয়ী হ'ল এইবাৰ নিৰ্বাচনত ভূপেন বৰা।