ফেব্ৰুৱাৰীত অসমৰ পৰা শেষ হ’ব অমিক্ৰন !

ফেব্ৰুৱাৰীত অসমৰ পৰা শেষ হ’ব অমিক্ৰন !

author-image
asomiyapratidin
New Update
ফেব্ৰুৱাৰীত অসমৰ পৰা শেষ হ’ব অমিক্ৰন !

ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি তথা কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনে কিদৰে মানুহৰ দেহৰ ক্ষতি কৰিছে, ইয়াৰ ভয়াবহতা, কেতিয়ালৈ ইয়াৰ পৰা ৰাজ্যখন মুক্ত হ'ব সেই সম্পৰ্কে ৰাজ্যিক নডেল অফিচাৰ (কোভিড) ডাঃ বসন্ত হাজৰিকাৰ লগত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাহুল বৰদলৈয়ে এক টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল। সেই বাৰ্তালাপৰ ভিত্তিতেই এই বিশেষ প্ৰতিবেদন

Advertisment

''যোৱা কিছুদিন ধৰি অমিক্ৰনৰ সংক্ৰমণৰ ঢৌৰ গতি ক্ৰমান্বয়ে স্তিমিত হোৱা দেখিবলৈ পাই আমি ক'ব পাৰো যে, ফেব্ৰুৱাৰীৰ প্ৰথম ভাগলৈ অসমত অমিক্ৰন নোহোৱা হব।''- এই মন্তব্য ডাঃ বসন্ত হাজৰিকাৰ।  প্ৰায় ২ বছৰতকৈও অধিক কাল কোভিডে প্ৰভাম্বিত কৰি থকাৰ সময়ছোৱাত আমাৰ মনত বিভিন্ন প্ৰশ্ন ঘূৰি ফুৰিছে। শেহতীয়াকৈ সন্মুখলৈ অহা আলফা, ডেল্টা প্ৰকাৰৰ পিছত অমিক্ৰনৰ লক্ষণকলৈ আমি অনুসন্ধিৎসু।

কিছু প্ৰশ্ন মনত লৈ আমি ৰাজ্যিক নডেল অফিচাৰ (কোভিড) ডাঃ বসন্ত হাজৰিকাৰ লগত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কে সাক্ষাৎকাৰ হৈছিলো। এই সাক্ষাৎকাৰত তেখেতে কয় যে, পূৰ্বৰ তুলনাত কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰন কম মৰাত্মক কিন্তু ই অধিক সংক্ৰামক। যাৰ ফলশ্ৰুতিত আমি শেহতীয়া অমিক্ৰনৰ ঢৌত পূৰ্বতকৈ অধিক লোক প্ৰভাৱিত হোৱা দেখা পাইছো।

প্ৰচণ্ড শীতৰ লগতে প্ৰায় সংখ্যক মানুহৰেই দেহত যোৱা এমাহৰ ভিতৰত সাধাৰাণ জ্বৰ, চৰ্দি,কাহ, পানী লগা অসুখ দেখিবলৈ পোৱা গৈছে। তেখেতে কয়, কোভিড কালৰ আগছোৱাত সাধাৰণতে দেখিবলৈ পোৱা ভাইৰেল, জ্বৰ-চৰ্দিতকৈ শেহতীয়া অমিক্ৰনৰ লক্ষণ পৃথক নহয়। সেয়েহে আমি বিশেষ শংকিত হোৱাৰ কাৰণ নাই। আজিৰ তাৰিখত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড চিকিৎসালয়ত ১৫০০ খন বিচনা থকাৰ পিছতো ইয়াৰে মাত্ৰ ২৫০ খনহে ব্যহাৰ হৈ আছে আৰু আই চি ইউত আছে ২০ জন। আনহাতে কালাপাহাৰত থকা পোষ্টকোভিড কেয়াৰ হাস্পাতালখন ইতিমধ্যে সাধাৰণ ৰোগৰ নিৰাময়ৰ বাবে মুকলি কৰি দিয়া হৈছে।

এই বেমাৰ সংক্ৰমণো যিমান খৰকৈ হৈছে, ইয়াৰ পৰা পৰিত্ৰাণো সিমানেই খৰকৈ পোৱা গৈছে, যি সাধাৰণ  অৱস্থাত ২/৩ দিনতকৈ বেছি নহয়। তেখেতে লগতে জনাই যে অমিক্ৰনৰ ভাইৰাছ সংক্ৰমিত লোকৰ দেহৰ গলধনতকৈ তলত এই ভাইৰাছ ক্ষতি নকৰে।যাৰবাবে মানুহৰ মুখেৰে ইয়াৰ সংক্ৰমণৰ তীব্ৰতা বেছি।

কিন্তু পূৰ্বৰ কোভিডৰ প্ৰকাৰসমূহত ভাইৰাছ বিধে বিশেষকৈ গলধনৰ তললৈ নামি হাওঁফাওঁত আক্ৰামণ কৰা দেখিবলৈ পোৱা গৈছিল। যাৰ বাবে ৰোগীৰ দেহত অক্সিজেনৰ ব্যাপক নাতনি নামি আহিছিল। যিহেতু অমিক্ৰনে আমাৰ হাওঁফাওঁত ক্ৰিয়া কৰা নাই, সেয়েহে এইবাৰৰ ক্ষেত্ৰত অক্সিজেনৰ নাতনিৰ ঘটনা দেখিবলৈ পোৱা নাই।

তেখেতেক প্ৰশ্ন কৰা হৈছিল অমিক্ৰনত শিশুসকল আগৰ দৰেই প্ৰভাৱিত হৈছিল নেকি? উত্তৰত তেওঁ কয়, এইবাৰ শিশুৰ সংক্ৰমণ পূৰ্বতকৈ আৰু কম। কোভিডত শিশুৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক হোৱাৰ বাবে আৰু শিশুৰ দেহত অন্যান্য ৰোগৰ অৱস্থিতি নিম্নপ্ৰায় হোৱাৰ বাবে এই ভাইৰাছে পূৰ্বৰ পৰাই সংক্ৰমণৰ ক্ষেত্ৰত শিশুক ৰেহাই দি আহিছে।

বৰ্তমান সংক্ৰমিত হৈ থকা কোভিডৰ প্ৰকাৰ অমিক্ৰনেই হয় জানো? পূৰ্বৰ প্ৰকাৰো বৰ্তমানেও দেখিবলৈ পোৱা গৈ আছে নেকি? আমাৰ মাজত প্ৰশ্ন আছিল। তেওঁ কয়, বৰ্তমানৰ লক্ষণসমূহলৈ মন কৰিলে আমি ইয়াক অমিক্ৰনৰ বাহিৰে অন্য প্ৰকাৰ হ'ব বুলি ক'ব নোৱাৰো। আনহাতে কোভিডোত্তৰ সমস্যা সমূহৰ ভিতৰত অমিক্ৰনে খুব কমহে দেহৰ ক্ষতি কৰে। বহু দিনলৈকে এটা শুকান কাহৰ বাহিৰে অন্য কোনো লক্ষণ ক্ৰিয়াত্মক নহয়।

তেখেতলৈ পোনপটিয়াভাৱে প্ৰশ্ন আছিল, অহা ১৫ দিনৰ ভিতৰত আপুনি কোভিডৰ সংক্ৰমণৰ স্থিতি অসমত কি পৰ্যায়ত থাকিব পাৰে বুলি ভাৱে? উত্তৰত তেওঁ কয়, যোৱা কিছুদিন ধৰি অমিক্ৰনৰ সংক্ৰমণৰ ঢৌৰ গতি ক্ৰমান্বয়ে স্তিমিত হোৱা দেখিবলৈ পাই আমি ক'ব পাৰো যে, ফেব্ৰুৱাৰীৰ প্ৰথম ভাগলৈ অসমত অমিক্ৰন নোহোৱা হব।

এতিয়া প্ৰশ্ন হয়, অমিক্ৰনৰ যদি আক্ৰমনাত্মত লক্ষণ ইমান সীমিত তথা আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে লেখতলবলগীয়াকৈ কম, তিনিটাকৈ ভেকচিন আৰু প্ৰতিৰোধী ক্ষমতা সম্পন্ন বিভিন্ন ঔষধ বজাৰত ভৰি পৰাৰ পিছতো আমি ২০২০ ৰ কোভিডৰ প্ৰথম ঢৌত লোৱা কোভিডৰ প্ৰতিৰোধী সাৱধানতা আজিও আওৰাই থকাৰ প্ৰয়োজন আছে জানো? যিসময়ত ভাৰতৰ অন্যান্য অধিক সংক্ৰমিত চহৰসমূহত ইতিমধ্যে জাৰি কৰা নিষেধাজ্ঞাসমূহ শিথিল কৰা হৈছে, ৰাজ্যত কোভিড ভাইৰছক প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি ইতিমধ্যে সৱল কৰি তুলি তোলা হৈছে বুলি কোৱা হৈছে, তেনে সময়ত আমি দৈন্দিন জীৱন যাপন নিয়মীয়াকৈয়ে চলাই নিবলৈ সাহস কৰিব নোৱাৰো জানো!

বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কোভিডৰ সৈতে সহৱস্থান কৰাৰ বাহিৰে আন উপায় নাই বুলি মন্তব্য কৰিছে। তাৰ অনুসৰণ পৃথিৱীৰ উন্নত দেশসমূহেও কৰা দেখিবলৈ পোৱা গৈছে। বহু কেইখন ৰাষ্ট্ৰই কোভিডক কেৱল এক সাধাৰণ ফ্লু হিচাপে গণ্য কৰি সকলো কোভিড প্ৰ'টকল আঁতৰাই দিছে, স্বাভাৱিক অৱস্থা ঘূৰাই আনিছে, তেনে সময়ত আমিও যাতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰো তাৰ প্ৰয়াস কৰাৰ প্ৰয়োজন আহি পৰিছে।

শিক্ষা, অৰ্থনীতি, বাণিজ্য আৰু উৎপাদনৰ ক্ষেত্ৰত যাতে আমি উন্নত ৰাষ্ট্ৰৰ তুলনাত পিছ পৰি নৰওঁ, কোভিডৰ সৈতে সহৱস্থান কৰিব পৰা মানসিকতা যাতে মানুহৰ মাজত গঢ়ি তুলিব পাৰো তাৰ প্ৰয়াসৰ নিত্যান্তই আহি পৰিছে।