/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/protibedon-31.jpg)
সন্ধানহীন হৈছে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা। ক'ত হেৰাল এসময়ৰ এই নেতাসকল? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।
ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছৰ অৱস্থা এতিয়া কাহিল। মাত মাতিবলৈ এতিয়া দলটোত নেতা নাই। বিভিন্ন ইছ্যুক লৈ বিৰোধী পক্ষত থকা কংগ্ৰেছ দলে ৰাজ্যৰ ৰাজনীতি কপাই থাকিব লাগিছিল যদিও তেনে কৰিবলৈ দলটোত অভাৱ নেতাৰ। কোনো মতে কংগ্ৰেছৰ অস্তিত্ব ৰক্ষা কৰি দুই এষাৰ মাত মাতি আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই।
অথচ এই দলটোত নেতাৰ অভাৱ নাছিল কোনো দিনেই। তৰুণ গগৈৰ মৃত্যুৰ পাছত আৰু ম্লান পৰিল ৰাজীৱ ভৱন। গৌৰৱ গগৈয়ে দিল্লীত দুই এক বিষয়ক লৈ সৰৱ হৈ থাকিলেও একালৰ মেধাৱী নেতা আৰু বৰ্তমানৰ নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাতেই মাতিব নোখোজে।
মাজে মাজে খবৰ হে ওলাই প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে বুলি। ভূমিধৰ বৰ্মন, প্ৰণৱ গগৈৰ দৰে নেতাই ইহলীলা সম্বৰণ কৰিলে। নতুন প্ৰজন্মৰ প্ৰায়সকল নেতাই দল সলালে। আন নহ'লেও কৰ্মকাণ্ডৰ বাবে চৰ্চাত থকা একালৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এতিয়া বিজেপিৰ বিধায়ক।
সুশান্ত বৰগোহাঁইয়েও গেৰুৱা সাজ পিন্ধি কংগ্ৰেছক বিদায় জনালে। ৰিপুন বৰাই ৰাজ্যসভাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই মমতা বেনাৰ্জীৰ কাষ চাপিলে। বৰাকৰ শক্তিশালী নেত্ৰী সুস্মিতা দেৱেও কংগ্ৰেছ এৰিলে। শৰীৰে নটনাৰ বাবে শৰৎ বৰকটকীৰ দৰে নেতা ঘৰ সোমালে।
বিজেপিক সমালোচনা কৰিলে পুৰণি কেলেংকাৰী খুচৰিব বুলি বহু কেইগৰাকী কংগ্ৰেছ নেতাই মুখত চেলুটেপ লগালে। ৰকিবুল হুছেইনে চাইচিতি হে দুই এষাৰ মন্তব্য দিয়াৰ বাদে মুখ বন্ধ কৰি থকা হ'ল। অংকিতা দত্তই যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব লৈ তৎপৰ হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ পিছতো পুৰণি সাৰদাৰ কেলেংকাৰী এক গোচৰত চি বি আইয়ে তলৱ কৰিলে।
৩ অক্টোবৰত কলকতাত চি বি আইৰ আগত হাজিৰ হ'বগৈ লাগিব অংকিতা দত্ত। মণজিৎ মহন্তই নকংগ্ৰেছী হিচাপে সংবাদ মাধ্যমৰ সন্মুখত কিছু বিষয় উত্থাপন কৰিব বিচাৰিছিল যদিও ৰহস্যজনক কাৰণত তেওঁৰ সুৰো নৰম হৈছে।
অপূৰ্ব ভট্টাচাৰ্যই থাকিব লাগে বাবেহে যেন কংগ্ৰেছত আছে। দুৰ্লভ চমুৱা, গৌতম বৰা, ৰবীন বৰদলৈ, অকণ বৰা, পৃথিব্বী মাঝী আদি নেতাসকলৰ মুখ এতিয়া দেখিবলৈ নাই। ৰেকিবুদ্দিন আহমেদে চল চাই কঠিয়া পাৰি দুই কুল ৰক্ষা কৰি চলি গৈছে।
নন্দিতা দাস, শিৱামণি বৰাৰ মুখত মাতেই নোলায়। ৰাজ্যত এতিয়া কংগ্ৰেছ দল আছেনে নাই সেয়া সন্দেহে হয়। বিজেপিৰ পৰা কংগ্ৰেছলৈ দৌৰা মীৰা বৰঠাকুৰে আন নহ'লেও সামাজিক মাধ্যমত দুই চাৰিটা পোষ্ট দি কংগ্ৰেছী হৈ থকাৰ কথা প্ৰমাণ দি আছে।
এসময়ৰ বাকপটু নেতা ভৰত নৰহো ৰহস্যজনক ভাৱে মৌন। একেদৰে ৰাজনীতিৰ জীৱনৰ পৰা সন্ন্যাস লোৱাৰ দৰেই ৰাণী নৰহৰ। ক্ষমতাত নাথাকিলে এটা দলৰ কি দুৰ্গতি হয় তাৰ প্ৰমাণ কংগ্ৰেছ। জাকিৰ হুছেইন শিকদাৰে মাজে মধ্যে দই এটা বিষয়ত মাত মাতি কংগ্ৰেছৰ অস্তিত্ব জাহিৰ কৰে। একেই অৱস্থা ৰাণা গোস্বামীৰো।
গৌতম ৰয় কেতিয়াবাই বিজেপিলৈ গ'ল। ছিদ্দিক আহমেদ কংগ্ৰেছী হৈ আছেনে নাই সন্দেহেই হয়। দীৰ্ঘদিন শাসনত থকা কংগ্ৰেছ দলত এসময়ত নেতাৰ বাবে আসনৰ অভাৱ হৈছিল। যুৱ কংগ্ৰেছীসকলো তেতিয়া দপদপাই আছিল। এতিয়া কোন যুৱ কংগ্ৰেছৰ সভাপতি মানুহে নাজানে।
নীলমণি সেন ডেকাই বৰণ সলালে। মানস বৰা নিজক লৈ ব্যস্ত। নিৰ্বাচন আহিলেহে দেখা পোৱা যায় ডাঃ জয়প্ৰকাশ দাসক। পৱন সিং ঘাটোৱাৰ নচলা টকাৰ দৰে হ'ল। টংক বাহাদুৰ ৰায়ৰ খবৰেই নাই। বিস্মিতা গগৈক কেতিয়াবাহে কংগ্ৰেছৰ অনুষ্ঠানত দেখিবলৈ পোৱা যায়।
আব্দুল খালেকে বিতৰ্কিত মন্তব্যৰে কংগ্ৰেছক ক্ষতি কৰি নিজৰ ক্ষমতা ধৰি ৰখাৰ চেষ্টা কৰিছে। নুৰুল হুদা বিধায়ক হ'লেও কংগ্ৰেছৰ নেতা হ'ব পৰা নাই এতিয়াও। কংগ্ৰেছত থাকোতে চটফটাই থকা শ্বেৰমান আলীয়ে নেগুৰ পেলাইদিছে। সুযোগ পালেই এতিয়া কংগ্ৰেছৰ পৰা আঁতৰি অহা নেতাজনে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে।
ববিতা শৰ্মা এতিয়া কংগ্ৰেছৰ আপোন মানুহ হৈ আছেনে নাই সন্দেহ ৰয়। এম জি ভি কে ভানুৰ দৰে আমোলাও নিৰ্বাচনৰ বতৰত কংগ্ৰেছী হৈছিল। সেই ৰাজনীতিৰ ৰাগি এতিয়া চাগৈ লাগি থকা নাই এসময়ৰ প্ৰভাৱশালী আমোলাজনৰ গাত। এনেকৈয়ে এতিয়া কংগ্ৰেছে ক্ৰমশঃ যেন জনসম্পৰ্ক হেৰুৱাই পেলাইছে।
কিমান দিনলৈ আৰু ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই টানিব কংগ্ৰেছ। কোনোবাই কাৰ্যসূচীৰ কথা ঘোষণা কৰিলেও মানুহৰ মাজত জাগৰণ তুলিব পৰাকৈ কংগ্ৰেছৰ যেন শক্তি টুটি আহিছে। অথচ কংগ্ৰেছৰ এতিয়াও আছে গণভিত্তি। আন বিৰোধী দলৰ ক্ষেত্ৰতো প্ৰায় একেই অৱস্থা।
আপৰ কিছু উত্থানৰ বাদে অসম জাতীয় পৰিষদৰ নেতাসকলে দুই এখন সংবাদ মেল দিয়েই দায়িত্ব সামৰিছে। লুৰিণ জ্যোতি গগৈ, জগদীশ ভূঞাৰ ৰাজহুৱা জীৱন সীমিত হৈ পৰিছে। ৰাইজৰ দলৰো অনুৰূপ অৱস্থা ৰাইজে প্ৰত্যক্ষ কৰিছে।
অখিল গগৈৰ ৰাজনৈতিক জীৱনে পূৰ্বৰ সংগ্ৰামী সত্বাক নিঃশেষ কৰিলে। এতিয়া বিৰোধী শূন্য হৈ পৰিছে ৰাজ্য। দল আছে নেতা নাই। শাসকীয় দলৰ বিৰুদ্ধে মাত মাতিবলৈ যেন ভয় কৰে বিৰোধী পক্ষত থকা নেতাসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us