/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/protibedon-24.jpg)
অসমত থলুৱা উদ্যোগ নাই বুলিলেই হয়। কিন্তু বহিঃৰাজ্যৰ বৃহৎ বণিয়া আৰু বহুজাতিক কোম্পানীৰ স্বীকৃতি লাভ কৰা একাংশ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে ৰাজ্যখনত বিধি-বিধান অমান্য কৰি উদ্যোগ স্থাপনৰ বৃহৎ ক্ষেত্ৰত পৰিণত হৈছে অসম। ভায়ৱহ প্ৰদূষণ সৃষ্টিৰে কোটি কোটি টকাৰ ব্যৱসায় চলোৱা এই উদ্যোগৰ বিৰুদ্ধে চৰকাৰেও দৃঢ়তাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে। উদাহৰণ হিচাপে অন্নপূৰ্ণা ফুডছ নামৰ বৃহৎ উদ্যোগ প্ৰতিষ্ঠানটোৰ কথাকে ক'ব পাৰি। সকলোৱে জানে যে অন্ন পূৰ্ণাই ঘিউ, চৰবত, বিস্কুটকে ধৰি শিশুৰ পৰা বৃদ্ধলৈ পুষ্টিকৰ খাদ্য উৎপাদনেৰে বৃহৎ এখন বজাৰ অসমত চলাই আছে। কিন্তু এই সামগ্ৰী উৎপাদন কৰোঁতে জনস্বাস্থ্যৰ বাবে বৃহৎ ক্ষতিকাৰক পেলনীয়া ৰাসায়নিক তথা অন্যান্য সামগ্ৰী নিষ্কাশণৰ কোনো ব্যৱস্থা ৰখা নাই এই উদ্যোগে। তেওঁলোকে নামানে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সকিয়নি। কিয়নো দিছপুৰ তেওঁলোকৰ নিয়ন্ত্ৰণত। সেয়ে অন্নপূৰ্ণা ফুডছকে ধৰি এনে উদ্যোগৰ অনিয়ম আৰু প্ৰদূষণ সন্দৰ্ভত আজি আমাৰ এই বিশেষ প্ৰতিবেদন।
ৰাজ্যত জনস্বাস্থ্যৰ প্ৰতি ভায়নক ভাবুকি কঢ়িয়াই আনিছে গৰিষ্ঠ সংখ্যক উদ্যোগে। সেই উদ্যোগসমূহে মানিবলগীয়া নিয়ম উলংঘন কৰাৰ ফলত জলবায়ুত হৈছে ভয়াবহ প্ৰদূষণ। উদ্যোগসমূহৰ এনে সমূহ দিশ চোৱাচিতা কৰিবলৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আছে যদিও নিয়মীয়া ভাৱে উদ্যোগসমূহ পৰিদৰ্শন আৰু পৰীক্ষা নকৰাত অতি সহজতে নিয়ম উলংঘাৰে বৃহৎ সংখ্যক উদ্যোগ চলি আহিছে।
শেহতীয়াকৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সাৰ পাই গুৱাহাটী, নলবাৰী আদি স্থানত চলোৱা অভিযানত কেইবাটাও উদ্যোগে নিয়ম উলংঘা কৰাৰ তথ্য পোহৰলৈ আহে। উল্লেখযোগ্য যে সেই উদ্যোগ সমূহলৈ যোৱা ২১ জুলাইত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰা পৰিষদৰ সদস্য সচিব শান্তনু কুমাৰ দত্তৰ স্বাক্ষৰিত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।
পৰিষদে কাৰণ দৰ্শোৱা জাননীত জাৰি কৰা উদ্যোগসমূহৰ ভিতৰত আছে এম এছ অন্নপূৰ্ণা ফুড এণ্ড বিভাৰেজেছ, গুৱাহাটীৰ পশ্চিম বৰাগঁৱৰ গোটানগৰত থকা এই উদ্যোগটোলৈ WB/GUT/T1039/7-08/238/78 নম্বৰৰ জাননীত কোৱা হৈছে যে ০৯/০৭/২০২২ আৰু ২০/০৭/২০২২ ত পৰিষদৰ বিষয়ববীয়াই তেওঁলোকৰ প্লেণ্ট পৰিদৰ্শন কৰিছিল।
সেই পৰিদৰ্শন কালত বিষয়ববীয়া সকলে প্ৰত্যক্ষ কৰিছিল যে তেওঁলোকৰ ইফ্লুয়েণ্ট ট্ৰিটমেণ্ট প্লেণ্ট চমুকৈ ETP কাৰ্যক্ষম হৈ থকা নাছিল। যাৰ বাবে এই প্লেণ্টটোত উৎপাদিত হোৱা পৰিত্যক্ত ৰাসায়নিক দ্ৰব্য থকা পানী পোনপটীয়াকৈ এৰি দিয়া হৈছিল।
প্ৰায় ৩০ কে এল ডি পানী এনেদৰে এৰি দিয়াৰ ফলত ইয়াৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত বাৰুকৈয়ে পৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ০৬/০১/২০২২ ত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে আন এক নিৰ্দেশ যোগে তেওঁলোকক ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল।
এই জাননীখনত কোৱা হৈছে এই বিষয়টোক লৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড যথেষ্ট সচেতন আৰু সজাগ আৰু জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৱাটাৰ প্ৰিভেঞ্চণ এণ্ড ক'ণ্ট্ৰল অফ পলিউচন এক্টৰ চেকশ্যন ৩৩ (এ)ৰ অধীনত এই জাননী দিয়া হৈছে। ১৫ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ নিদিলে এই উদ্যোগ সমূহ বন্ধ কৰি দিব বুলিও জনাইছিল।
উল্লেখ যোগ্য যে অন্নপূৰ্ণ ৰাজ্যৰ এটা উল্লেখযোগ্য খাদ্য সামগ্ৰী উৎপাদনৰ উদ্যোগ। সেই উদ্যোগসমূহেই যদি এতিয়া জনস্বাস্থ্যৰ প্ৰতি এনেদৰে উদাস নীতিৰে কেৱল ধন ঘটাৰ প্ৰতিযোগিতাত নামে তেনেহ'লে প্ৰদূষণৰ ভয়াৱহতাা কি পৰ্যায়লৈ যাব পাৰে সেয়া কল্পনাৰো অতীত।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ইয়াৰ উপৰিও ২২ আগষ্টত কামৰূপৰ কমলপুৰত থকা অশোকা ক্ৰাফ্ট পেপাৰ মিলছ, এ এল পিলৈ WB/LAB-392/21-22/53/1110 নম্বৰৰ কাৰণ দৰ্শোৱাৰ জাননীত এই উদ্যোগটোকো নিয়ম উলংঘন কৰাৰ বাবে ১৫ দিনৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে।
উদ্যোগটোৱে ৱাটাৰ প্ৰিভেঞ্চন এণ্ড কণ্ট্ৰ অফ পলিউচন এক্ট ১৯৭৪ৰ ৩৩ (এ) ধাৰা আৰু ইয়াৰ প্ৰিভেঞ্চন এণ্ড কণ্ট্ৰল অফ পলিউচন এক্ট-১৯৮১ ধাৰা ৩৩ (এ) ভংগ কৰা বুলি উল্লেখ কৰিছে। ইফালে এই উদ্যোগটো ২০ আগষ্টত পৰিদৰ্শন কৰাৰ সময়ত ইয়াৰ বয়লাৰ চিম্লিত বিসংগতি থকাৰ কথা উল্লেখ আছে কাৰণ দৰ্শোৱাৰ জানীত।
ইফালে টিহুৰ নলবাৰীত ধনশ্ৰী নিউটেশ্যন ফুডছ, নৰ্থ ইষ্ট মেগা ফুট পাৰ্ক লিমিটেড, ৰেইন টেক ফুডছ স্নেকছ, গুৱাহটীৰ কেশ্ৰী হাই-টেক প্ৰাইভেট লিমিটেডলৈও ২২ আগষ্ট ২০২২ত কাৰন দৰ্শোৱাৰ জাননী জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে।
উল্লেখ্য যে উদ্যোগমসূহত ৰাসায়নিক জাতীয় সামগ্ৰী নিষ্কাশনৰ বাবে পৃথক ব্যৱস্থা থাকিব লাগে যদিও বেছিভাগ উদ্যোগৰে নাই তেনে ব্যৱস্থা। এনেধৰণৰ কেমেকেল জাতিয় বৰ্জনীয় পদাৰ্থ য'তে ত'তে পেলোৱাৰ ফলত জন স্বাস্থ্যলৈ নামি আহিছে ভয়াৱহতা।
এই সন্দৰ্ভত অসম প্ৰদূষণনিয়ন্ত্ৰণ ব'ৰ্ডৰ সদস্য সচিব শান্তনু কুমাৰ দত্তই কয়- বহু উদ্যোগে সামগ্ৰী বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিলে অধিক বিদ্যুৎ ব্যয় কৰিব লাগে। সেয়ে সেই পইচা বচাবলৈ সেইবোৰ বন্ধ কৰি থৈ দিয়ে।
প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সোপাধিলা নীতিৰ বাবেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে পৰিৱেশ ধ্বংসৰ প্ৰতিযোগিতা। উল্লেখযোগ্য যে মহানগৰীৰ উপকণ্ঠ অঞ্চলতে বহু ক'ক উদ্যোগেও পৰিৱেশৰ প্ৰতি ভয়াৱহতা কঢ়িয়াই আনিছে। কিন্তু সেইবোৰ নিয়মীয়া পৰিদৰ্শন নকৰাৰ অভিযোগ আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিৰুদ্ধে।
যোৰহাট, নগাওঁ, ডিব্ৰুগড়, ধুবুৰী আদি চহৰতো অনুৰূপ ধৰণে পৰিৱেশৰ প্ৰতি পিঠি দি উদ্যোগসমূহ চলাই আছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কাৰণ দৰ্শোৱা এই উদ্যোগসমূহৰ ক্ষেত্ৰত কিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেয়া সময়তহে গম পোৱা যাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us