অধিকাৰৰ দাবীত আজিও ৰাজপথত বিশেষভাৱে সক্ষমসকল...

special report
special report
আজি বিশ্ব প্ৰতিবন্ধী দিৱস। ১৯৯২ চনতে ৰাষ্ট্ৰসংঘই এই দিৱস উদযাপনৰ বাবে ৩ ডিচেম্বৰ তাৰিখটো ঘোষণা কৰিছিল। সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তিক উৎসাহ-উদ্দীপনা প্ৰদান কৰাৰ লগতে সমাজত যাতে তেওঁলোক কাৰোৰে পুতৌৰ পাত্ৰ হ'ব নালাগে সেই লক্ষ্যৰে পালন কৰা হয় এই দিৱস। কিন্তু আজিৰ তাৰিখত এই দিৱসে তেওঁলোকক ভাৱিবলৈ বাধ্য কৰাইছে নেকি যে তেওঁলোক সমাজৰ আন লোকতকৈ পৃথক। এই সন্দৰ্ভত হিমাদ্ৰী ৰেখা ভৰালীৰ এক বিশেষ প্ৰতিবেদন।

প্ৰতি বছৰে ৩ ডিচেম্বৰ তাৰিখটো আন্ত:ৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰা হয়। এই দিনটো প্ৰতিবন্ধীসকলৰ বাবে এটা বিশেষ দিন। সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক উৎসাহ-উদ্দীপনা প্ৰদান কৰাৰ লগতে সমাজত যাতে তেওঁলোক কাৰো পুতৌৰ পাত্ৰ হ'ব নালাগে সেই লক্ষ্যৰে পালন কৰা হয় এই দিৱস।

১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰথমবাৰৰ বাবে এই দিৱস পালনৰ কথা  ঘোষণা কৰিছিল। প্ৰতিবন্ধী বুলিলে শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্তসকলক বুজা যায়। প্ৰতিবন্ধী বহুধৰণৰ আছে - জন্মগত, দূৰ্ঘটনাগতভাৱে হোৱা, শাৰীৰিক ৰোগাক্ৰান্ত প্ৰতিবন্ধী।

কিন্তু প্ৰতিবন্ধী শব্দটো বৰ্তমান সৰলীকৃত কৰি বিশেষভাৱে সক্ষম শিশু/ব্যক্তি বুলি কোৱা হয়। সমাজত অইন ১০ জন ব্যক্তিৰ দৰে সন্মান আৰু মৰ্যদাসহকাৰে জীৱনযাপন কৰাৰ পৰা এই লোক সকলক যাতে কোনেও বঞ্চিত কৰিব নোৱাৰে, সেই বিষয়ত সৰ্তক কৰিবলৈ সমগ্ৰ বিশ্বই পালন কৰে বিশ্ব প্ৰতিবন্ধী দিৱস ।

কিন্তু এই দিৱসটি উদযাপন কৰাক লৈ এটা সময়ত যথেষ্ট বিৰ্তকৰ সৃষ্টি হৈছিল। কোনো কোনোৱে যুক্তি দৰ্শাইছিল 'বিশেষ ভাৱে সক্ষম এই লোক সকলক লৈ এই দিৱসটি উদযাপনে তেওঁলোকক পুতৌৰ পাত্ৰহে কৰিব বিচাৰিছে। কিয়নো এই দিৱসে তেওঁলোকক ভাৱিবলৈ বাধ্য কৰাব যে সমাজৰ আন লোকতকৈ তেওলোক পৃথক।'

আন কোনোৰ মতে আকৌ - 'তেওঁলোক যে বিশেষভাৱে সক্ষম সেয়া বাস্তৱ তাক অপ্ৰিয় হ'লেও মানি ল'বই লাগিব। কিন্তু সেই মনোভাৱে যাতে তেওঁলোকৰ জীৱনৰ সাফল্যৰ বাটত হেঙাৰ হ'ব নোৱাৰে, সেই কথা উপলদ্ধি কৰাবলৈ এই দিৱসটিৰ প্ৰাসংগিকতা আছে।'

ভিন্ন জনে ভিন্ন মত পোষণ কৰিছে এই দিৱসটি উদযাপনৰ ক্ষেত্ৰত। সেয়া যিয়েই নহওক বিশেষ ভাৱে সক্ষম লোক সকলক উৎসাহ, প্ৰেৰণা দিয়াৰ বাবে এই দিৱসটোৰ উদযাপন কৰাটো খুবেই জৰুৰী।

২০০১ চনৰ জনগণনা মতে ভাৰতবর্ষত ২.১৯ কোটি প্রতিবন্ধী লোক আছে, যিটো মুঠ জনসংখ্যাৰ ২.১৩ শতাংশ বুলি কোৱা হৈছে। এই প্রতিবন্ধী লোকসকলৰ ভিতৰত দৃষ্টি শক্তি কম থকা, কাণেৰে কম শুনা, কথা ক'ব নোৱাৰা, লোকোমটৰ আৰু মানসিক প্রতিবন্ধীসকল আছে।

দেখা গৈছে যে প্রায় ৭৫ শতাংশ শাৰীৰিকভাৱে অক্ষম মানুহ গাঁও অঞ্চলত বসবাস কৰে, ৪৯ শতাংশ অক্ষম মানুহ শিক্ষিত আৰু ৩৪ শতাংশ মানুহ কর্মৰত অৱস্থাত আছে। আগতে চিকিৎসাগত পুনৰসংস্থাপনৰ ওপৰত জোৰ দিয়া হৈছিল যদিও এতিয়া তাৰ ঠাইত সামাজিক পুনৰসংস্থাপনৰ ওপৰতহে বেছিকৈ জোৰ দিয়া হয়।

পুনৰসংস্থাপনৰ ওপৰত বিশেষ জোৰ দিয়াৰ ফলত প্রতিবন্ধীসকলৰ পৰা ভালেমান মানুহ তেওঁলোকৰ সামর্থ্য অনুসাৰে সমাজৰ মূল সোঁতত আহি যোগ দিব পাৰিছে। উল্লেখ্য যে ভাৰত চৰকাৰ প্রতিবন্ধী লোকসকলৰ বাবে তিনিটা আইন প্রণয়ন কৰিছে, সেইসমূহ হ'ল :

১. প্রতিবন্ধী (ইকুৱেল অপাৰচুনিটিজ, প্রটেকচন অফ ৰাইটচ্‌ এণ্ড ফুল পার্টিচিপেচন) আইন, ১৯৯৫ মতে শ্বিক্ষা, চাকৰী, বাধাহীন মুক্ত পৰিৱেশ, সামাজিক সুৰক্ষা ইত্যাদি।

২. নেচনেল ট্রাষ্ট ফৰ ওৱেলফেয়াৰ অফ পার্চনচ্‌ উইথ অটি্জম বা আত্নমগ্নতা বেমাৰ, চেৰিব্রেল পালচি, মেন্টাল ৰিটাৰডেচন এণ্ড মাল্টিপল দিচএবিলিটিজ এক্ট, ১৯৯৯ ত চাৰিটা বিভাগত যিমান সম্ভৱ স্বাধীনভাৱে বসবাস কৰাৰ উপযুক্ত পৰিৱেশৰ সক্রিয় নির্মাণৰ বাবে আইনৰ ফালৰ পৰা তত্ত্বাবধানৰ চোৱা-চিতা কৰাৰ বিধান আছে।

৩. পুনৰসংস্থাপন পৰিসেৱাৰ বাবে জনশক্তি উন্নয়ন হকে ভাৰতৰ পুনৰসংস্থাপন পৰিষদ আইন, ১৯৯২ কাম কৰি আছে।

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি বিশ্বৰ জনসংখ্যাৰ  ৭ বিলিয়নতকৈ অধিক লোক বা বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশই কোনো ধৰণৰ অক্ষমতাৰ সৈতে জীয়াই আছে ৷ যাৰ  ৮০ শতাংশই উন্নয়নশীল দেশত বাস কৰে। থিক তেনেদৰে আমাৰ অসমত প্ৰায় ৮১৭৮২ জন আৰু কামৰূপ জিলাত ২১৪৮ গৰাকী প্ৰতিবন্ধী শিশু আছে। এই পৰিসংখ্যাৰ কিছু হীন-দেঢ়ি হ'ব পাৰে। এই শিশুখিনিক দিব্যাংগ বুলিও কয়।

ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বহু নিবনুৱাক সংস্থাপন দি আহিছে। এক লাখ লোকক নিযুক্তি দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই অন্যতো বাদেই প্ৰতিবন্ধী লোকসকলৰ মাজত আনন্দৰ বন্যা বৈছিল ৷

কিন্তু পৰিতাপৰ বিষয় নতুন নিযুক্তিতো বাদেই ২০১৮ চনৰ ৩১ ডিচেম্বৰতে প্ৰতিবন্ধীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা চতুৰ্থ বৰ্গৰ ৫১১ টা পদত আজিলৈকে নিযুক্তি দিবলৈ সক্ষম নহ'ল ৰজাঘৰীয়া ৷ গুৱাহাটী বিশ্ববিদ্যালয়ক নিযুক্তি পৰিক্ষা অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিয়া হৈছিল যদিও তেওঁলোকে ৫১১টা পদৰ বিপৰীতে ৪হাজাৰ লোকৰ নাম সন্নিৱিষ্ট তালিকা প্ৰকাশ কৰাৰ পিছতেই প্ৰতিবন্ধী সকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

আন সাধাৰণ লোকৰ সৈতে প্ৰতিবন্ধীসকলক যদি সম অধিকাৰ দিয়াৰ কথা ৰজাঘৰীয়া তথা বিদ্যৎ জনে ভিন্ন অনুষ্ঠানত মত পোষণ কৰি থাকে। সেই সত্বেও আজি পৰ্যন্ত প্ৰতিবন্ধী সকলক তেওঁলোকৰ প্ৰাপ্য প্ৰদানৰ পৰা বিৰত আছে ৰজাঘৰীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in