অসম সাহিত্য সভাৰ নিৰ্বাচন : কাৰ পক্ষত বলিছে বতাহ...

assam sahitya sabha
assam sahitya sabha
কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি। ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰক্ৰিয়া। অসমৰ ৰাইজে বিচৰাৰ দৰে য়েছে দৰজে ঠংচি পৰৱৰ্তী সাহিত্য সভাৰ সভাপতি হ'ব পাৰিবনে ? কি চলি আছে অসম সাহিত্য সভাত। অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি আৰু আন বিষয়ববীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। সাহিত্য সভাৰ এইবাৰ সভাপতিৰ পদৰ বাবে মূল যুঁজ কাৰ কাৰ মাজত হ'ব তাক লৈ চৰ্চা অব্যাহত আছে।

ইতিমধ্যে নিৰ্বাচনৰ বাবে শাখা সাহিত্য সভা সমূহলৈ প্ৰেৰণ কৰিব লগা বেলটৰ প্ৰস্তুতি সম্পন্ন হৈছে। ২ নৱেম্বৰত বেলট বিতৰণ কৰাৰ পাছত সংশ্লিষ্ট শাখা সমূহে নিৰ্বাচিত প্ৰাৰ্থীক ভোট দি সেই বেলট ৩০ নৱেম্বৰ ২০২২ৰ ভিতৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।

ডিচেম্বৰত এই বেলট সমূহৰ গণনা আৰু পৰৱৰ্তী অসম সাহিত্য সভাৰ সভাপতিসহ আন বিষয়ববীয়াৰ নাম নিৰ্বাচনী কমিটীয়ে ঘোষণা কৰিব। এইবাৰ সভাপতিৰ দৌৰত আছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন আৰু জগদীশ পাটগিৰি।

অসমৰ বৌদ্ধিক সমাজে ঠংচি পৰৱৰ্তী সভাপতি হোৱাটো বিচাৰে যদিও সভাপতিৰ দৌৰত থকা এজন প্ৰাৰ্থীয়ে যিকোনো প্ৰকাৰে বিজয় সাব্যস্ত কৰিবলৈ উঠি পৰি লাগিছে। সেই প্ৰাৰ্থীগৰাকীয়ে আনকি অসমৰ বাহিৰৰ এগৰাকী সাহিত্যিক কেনেদৰে সভাপতি হ'ব বুলিও অপপ্ৰচাৰত নামিছে।

মিছাকৈয়ে অসমৰ সাহিত্য সভাৰ সংবিধানত ৰাজ্যৰ বাহিৰৰ শাখা সাহিত্য সভাৰ কোনো সদস্য সভাপতি দৌৰত থাকিব নোৱাৰে বুলি প্ৰচাৰ চলাইছে। অসমৰ ৰাইজৰ ইচ্ছা আৰু আগ্ৰহক সন্মান জনাই ঠংচিয়ে সাহিত্য সভাৰ সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মতি প্ৰদান কৰিছিল।

কিন্তু সাহিত্য সভাৰ ভিতৰত থকা লবিগিৰিয়ে তেনে এজন সাহিত্যিকক সাহিত্য সভাৰ সভাপতি হোৱাত যিকোনো প্ৰকাৰে বাধা দিবলৈ উঠি পৰি লাগিছে। অসম সাহিত্য সভাৰ বহু শাখা ভুৱাকৈ গঠন কৰা বুলি আন এক অভিযোগ আছে।

সেই অভিযোগৰ ভিত্তিত সাহিত্য সভাৰ ভোটাধিকাৰ থকা শাখা সাহিত্য সভা সমূহৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন কমিটীও গঠন কৰি দিয়া হৈছিল। ৭৯১খন শাখা সাহিত্য সভাৰ ভিতৰত মাত্ৰ ১৪ খন ভুৱা শাখা সাহিত্য সভা চিনাক্ত কৰি ৭৭৭ খন শাখা সাহিত্য সভাক এইবাৰ ভোটাধিকাৰ দিয়া হৈছে।

প্ৰশ্ন উঠিছে সেই শাখা সাহিত্য সভাবোৰৰ মাজতো বহু ভুৱা সাহিত্য সভা আছে। সেই ভোটেৰে সাহিত্য সভাক নিজৰ কব্জাত ৰখাৰ ব্লুপ্ৰিন্ট ৰচিছে এজন প্ৰাৰ্থীয়ে। আনকি তেওঁ ধনৰ জৰিয়তে এই আসনত বহিবলৈ সকলোধৰণৰ চেষ্টা কৰিছে।

আনহাতে, শাখা সাহিত্য সভা সমূহে দিব লগা বৰঙণি নিৰ্বাচনৰ পূৰ্বে সংগ্ৰহ কৰিব লাগে যদিও এইবাৰ সেই বৰঙণি সংগ্ৰহ নকৰিলে। নিৰ্বাচনৰ পাছতহে শাখা সাহিত্য সভা সমূহে তেওঁলোকৰ বছৰেকীয়া বৰঙণি জমা দিব লাগিব।

শাখা সাহিত্য সভা সমূহে তেওঁলোকৰ সক্ৰিয়তাৰ প্ৰমাণ আৰু ভোটাধিকাৰ পাবলৈ আজীৱন সদস্যৰ তালিকাও জমা দিব লাগে। বহু শাখা সাহিত্য সভাই মিছা আজীৱন সদস্যৰ তালিকা জমা দিছে। ধুবুৰীত ১০ খন আৰু দৰঙত ৪ খন তেনে শাখা সাহিত্য সভা চিনাক্ত কৰা হৈছে।

এতিয়া প্ৰশ্ন উঠিছে এইদৰে ভুৱা আজীৱন সদস্যৰ তালিকা জমা দিয়া শাখা সমূহৰ তথ্য সঁচা বুলি ছীল মোহৰ মৰা জিলা সাহিত্য সভা সমূহৰ বিষয়-ববীয়াৰ বিৰুদ্ধে অসম সাহিত্য সভাই কি ব্যৱস্থা গ্ৰহণ কৰিছে।

সাহিত্য সভাৰ পৰা আঁতৰি গ'লেও সাহিত্য সভাত দখল আছে পৰমানন্দ ৰাজবংশীৰ। ছিপাঝাৰৰ বিধায়ক গৰাকীয়ে এতিয়ালৈকে কাকোৱে মুকলিকৈ সমৰ্থন দিয়া নাই যদিও পৰমানন্দ ৰাজবংশীৰ ভক্ত মানিক আহমেদ, গোবিন্দ কলিতা, অমৰেন্দ্ৰ বৰুৱা, গণেশ নাথ এই কেইজন লোকৰ ভূমিকা সাহিত্য সভাৰ নিৰ্বাচনত লক্ষ্যণীয় হ'ব।

ৰাইজে বিচাৰিলেও যদি শাখা সাহিত্য সভা সমূহে বিবেক ভোট প্ৰদান নকৰে তেনে এই নিৰ্বাচনত য়েছে দৰজে ঠংচিৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব সূৰ্য হাজৰিকা। ইফালে ঠংচিৰ ভোট বিভাজন কৰিবলৈকে নাহেন্দ্ৰ পাদুনক সাহিত্য সভাৰ সভাপতিৰ প্ৰাৰ্থী অতি কৌশলেৰে কৰা হৈছে।

উপ-সভাপতিৰ দৌৰত এই মূহূৰ্তলৈকে আগত আছে গীৰিশ সন্দিকৈ আৰু ধীৰেন শৰ্মা। তেওঁলোক দুইজনৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সাহিত্য সভাৰ বিশ্বস্ত সূত্ৰত প্ৰকাশ। প্ৰধান সম্পাদক পদৰ বাবে উপেন্দ্ৰজিৎ শৰ্মা আৰু দেৱজিত বৰাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব।

এইদৰে অসম সাহিত্য সভাৰ নিৰ্বাচন এতিয়া তুংগত উঠিছে। সকলোৱে আশা কৰিছে অসম-অৰুণাচলৰ সমন্বয় বাৰ্তাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিশিষ্ট সাহিত্যিক ঠংচিৰ পক্ষতে শাখা সাহিত্য সভা সমূহে থিয় দিব।

সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই দেখাত কোনো ভুমিকা গ্ৰহণ কৰা নাই যদিও এক বিশেষ স্বাৰ্থত তেওঁ নিৰ্দিষ্ট কিছু লোকৰ পক্ষক পৰোক্ষভাৱে সহায় কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in