/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/SIT.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : ১১ জুন তাৰিখে ধূলা থানাৰ অন্তৰ্গত আৰতি তুৰি নামৰ নামৰ ১৩ বছৰীয়া কনমানি ছোৱালী এজনীৰ হত্যাৰ তদন্তৰ গাফিলতিৰ বাবে মুখ্যমন্ত্ৰীয়ে দৰঙৰ আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, তদন্তকাৰী বিষয়া সহ তিনিজনকৈ আৰক্ষী বিষয়াক নিলম্বন নিৰ্দেশ প্ৰদান কৰিছিল । ইয়াৰ পাছতেই বিষয়টিৰ সবিশেষ তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে পাচজনীয়া এছ আই টি (স্পেচিয়েল ইনভেষ্টিগেশ্বন টীম) অৰ্থাৎ বিশেষ তদন্তকাৰী দল কমিটিৰ গঠন কৰিছিল ।
আজি কিছু সময়ৰ পিছতেই এছ আই টি কমিটিত থকা আৰক্ষীৰ শীৰ্ষ বিষয়া দলটি দৰং জিলাত আহি উপস্থিত হ'ব আৰু এই এছ আই টি কমিটিয়ে তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ।
আৰু পঢ়ক : আজি বিহুগীতৰ সম্ৰাট খগেন মহন্তৰ ওপজা দিন…