
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলাত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হৈ যায় বিশেষ সম্বৰ্দ্ধনা ও পঞ্চায়ত জ্যোতি বঁটা প্ৰদান অনুষ্ঠান ৷ ইটাখোলাৰ শ্ৰীমন্তশঙ্কৰদেৱৰ ভৱনৰ অপৰাজিতা গগৈ সোঁৱৰণি মঞ্চত শনিবাৰে বিয়লি সংগীত শিল্পী শেৱালী কলিতা দেৱীয়ে এটি বৰগীত পৰিৱেশন কৰি অনুষ্ঠান মুকলি কৰে ৷
ইয়াৰ পিছতে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাক এগৰাকী সফল পঞ্চায়ত প্ৰতিনিধি হিচাবে “পঞ্চায়ত জ্যোতি” বঁটা আৰু সাংবাদিক প্ৰেম তিৱাৰীক এগৰাকী সক্ৰিয় সংবাদকৰ্মী হিচাবে “ সংবাদ প্ৰহৰী” বঁটা প্ৰদান কৰা হয় ৷ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ও পুৰুষ মহিলা যুৱক যুৱতীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটোৰ ২০গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে ৮ গৰাকীকৈ শিল্পী,সাহিত্যিক ও কৃতি শিক্ষকক ফুলাম গামোচাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰি অভিনন্দন পত্ৰ প্ৰদান কৰা হয় ৷
সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ৰাজিব দাসৰ সভাপতিত্ব অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে কেন্দ্ৰীয় সাধাৰন সম্পাদক অনিল বৰাই ৷ অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা উত্তম কুমাৰ দাস।
আনহাতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মিন্টু ভূমিজ আৰু নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি আনোৱাৰ আহমেদে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি সভাত বক্তব্য প্ৰদান কৰে ৷