বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ,চৰাইদেউ : ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগনত দেওবাৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন কৰা হয়৷ স্বৰ্গদেউসকলৰ স্মৃতি তর্পন সমিতি ,সদৌ তাই-আহোম ছাত্র সন্থা, ছৌকাফা আঞ্চলিক সমিতি, চ্যুকাফা চকিয়াল যুৱ সমাজ, বুৰঞ্জী প্রসিদ্ধ চৰাইদেউ মৈডাম সংৰক্ষণ আৰু উন্নয়ন মঞ্চ, চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আয়োজন কৰা হয় সম্বৰ্ধনা সভাখনি।

Advertisment

সভাত সভাপতিত্ব কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ সভাত ঐতিহাসিক চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰত হোৱাত অবদান আগবঢ়োৱা প্ৰত্নতত্ত্ব বিভাগ আৰু ব্যক্তিসকল লৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

সভাই সাংস্কৃতিক বিশেষজ্ঞ কে চি নৰিয়াল, চৰাইদেউ মৈদাম ক্ষেত্ৰত অসম প্ৰত্নতাত্বাত্বিক বিভাগৰ সঞ্চালিকা দিপীৰেখা কুলি, সঞ্চালিকা ছবিনা হাছান, কাৰ্যকৰী অভিযন্তা অজিত কুমাৰ বৰা, সংৰক্ষণ বিষয়া কংকনজ্যোতি শইকীয়া, ভাৰতীয় পুৰাতন বিভাগৰ ত্বজেষ্ট সংৰক্ষণ বিষয়া সুমেন কুমাৰ মেধী, গুনাংসু কলিতা, যোগেন্দ্ৰ নাথ ফুকন, নন্দেশ্বৰ বৰগোঁহাই, তৰ্পন সমিতিৰ প্ৰাক্তন সভাপতি বুধেশ্বৰ ৰাজকোঁৱৰ, প্ৰাক্তন সম্পাদক তাৰানাথ সন্দিকৈক সম্বৰ্ধনা জ্ঞাপন কৰে।

তাৰোপৰি জীনামনি কোঁৱৰ অধ্যক্ষা হিতেশ্বৰ শইকীয়া কলেজ , চুমি গগৈ মৰাণ কলেজ , দম্বৰো ৰাজকোঁৱৰ তৰ্পন সমিতিৰ প্ৰতিষ্ঠাপক, অৰবিন্দ ৰাজকোঁৱৰক অভিনন্দন পত্ৰ, স্মাৰক, গামোচা, চেলেং চাদৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে সম্বৰ্দ্ধিত ব্যক্তিসকলক মৈদাম ক্ষেত্ৰলৈ ঢোল-দগৰে উষ্ম আদৰণি জনায় ৷ তাৰ পিচতেই সকলোৱে উপৰি পুৰুষক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে ৷

Also Read: বিতৰ্কিত শিক্ষয়িত্ৰী গায়ত্ৰীক লৈ ভূ-মাফিয়াৰ ৰূপত পৱন আগৰৱালা...

Charaideo Maidam DHARMESWAR KONWAR