বসুন্ধৰা জাতীয় বিদ্যালয়ৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন আৰু বিদায় সম্বৰ্ধনা অনুষ্ঠান

বসুন্ধৰা জাতীয় বিদ্যালয়ৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন আৰু বিদায় সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ,নামৰূপ :  উদ্যোগ নগৰী নামৰূপৰ আগশাৰীৰ শিক্ষানুষ্ঠান বসুন্ধৰা জাতীয় বিদ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত বুধবাৰে কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন আৰু বিদায়ী সম্বৰ্ধনা শীৰ্ষক এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠান  অনুষ্ঠিত হয়। উল্লেখযোগ্য যে  এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বসুন্ধৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানতে অভিনন্দন আৰু বিদায়ী সম্বৰ্ধনা জনোৱা হয়। 

আজি দুপৰীয়া ১২-০০ বজাৰ আৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে  বিদ্যালয়ৰ অধ্যক্ষ সত্ৰ সিং দেউৰীয়ে  বিদ্যাল়য়ৰ লক্ষ্য আৰু উদেশ্য ব্যক্ত কৰে। ইয়াৰ পিছতে বিদ্যালয়ৰ  দ্বি-বাৰ্ষিক আলোচনী অন্বেষা উন্মোচন কৰে নিদিষ্ট বক্তা হিচাপে আমন্ত্ৰিত নামৰূপ মহাবিদ্যায়ৰ অধ্যাপক কল্যাণ গগৈয়ে। 

চৈতন্য কোঁৱৰে  আঁত ধৰা অনুষ্ঠানটোত  নিদিষ্ট বক্তা কল্যাণ গগৈয়ে ছাত্ৰ -ছাত্ৰী আৰু  অভিভাৱকক  উদেশ্যি সাৰুৱা বক্তব্য  আগবঢ়ায়। বক্তব্যত  তেওঁ বিদ্যাল়য়ৰ শিক্ষা সাং কৰা ছাত্ৰ ছাত্ৰী সকলক  উদেশ্যি  কয় যে  অনাগত দিনত তেওঁলোকক যাতে অভাৱ, প্ৰভাৱ আৰু স্বভাবৰ ঋণাত্মক   প্ৰৰোচনাৰ  পৰা  নিজকে  সুৰক্ষিত  কৰি  ৰাখিব পাৰে তাৰে আহ্বান জনায়।

সভাত  অন্য এগৰাকী মুখ্য অতিথি নামৰূপ তাপ আন বিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধক যাদু প্ৰাণ বৰগোহাঞিয়ে বক্তব্যত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দনসূচক বক্তব্য প্ৰদান কৰাৰ লগতে অনাগত দিনত সৰ্বটো প্ৰকাৰে বিদ্যালয় খনক সহযোগিতা  আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ  সঞ্চালক পল্লব শইকীয়া ,বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী চেতিয়া ,সমাজ সেৱক ৰমেশ দাস, সাংবাদিক অক্ষয় প্ৰণৱ কলিতা, কবি  প্ৰদীপ গগৈ আদি বহু গন্য মান্য ব্যক্তি।  

ইয়াৰ পিছতে ২০২৩-২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণপ ৩৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকক এখনি কাছেং , স্মাৰক,  এটি  গছ পুলি  ,ফাইল  কলম কিতাপ  আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনোৱা হয়। পৰীক্ষাত  ডিষ্ট্ৰিংশ্যন পোৱা পাপৰি গগৈ আৰু  চনিয়া গগৈক  সম্বৰ্ধনাৰ লগতে নগদ ধনেৰেও পুৰস্কৃত কৰা হয়।

বসুন্ধৰা জাতীয় বিদ্যালয়ৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন আৰু বিদায় সম্বৰ্ধনা অনুষ্ঠান
নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সৌজন্যত বৃত্তি পৰীক্ষা ফলাফল ঘোষণা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in