হঠাৎ ৰাজনীতি! বিক্ৰী গৈছে নেকি জাতীয় দল-সংগঠনৰ একাংশ নেতা…

হঠাৎ ৰাজনীতি! বিক্ৰী গৈছে নেকি জাতীয় দল-সংগঠনৰ একাংশ নেতা…

author-image
asomiyapratidin
New Update
হঠাৎ ৰাজনীতি! বিক্ৰী গৈছে নেকি জাতীয় দল-সংগঠনৰ একাংশ নেতা…

♦ মৃদুল কুমাৰ সন্দিকৈ

অসমৰ সমস্যাৰ শেষ নাই। ইটোৰ পাছত সিটো সমস্যাৰে ভাৰাক্তান্ত ৰাজ্যখন। আন্দোলন নকৰিলে অসমে একোৱেই নাপায়। সৰু-ডাঙৰ সকলো সমস্যা সমাধানৰ বাবে আন্দোলনত নামিব লগা হয়। এই আন্দোলনে কোনো দল-সংগঠনৰ নেতা-সমৰ্থকৰ কেৰিয়াৰ গঢ়ে নেকি?

সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ যায়। আন্দোলনৰ মঞ্চ এৰি নেতা আঁতৰি যায়। নিজৰ সুবিধা-স্বাৰ্থ পূৰণৰ বাবে এই আন্দোলন গৈ ভেকো ভাওনাত পৰিণত হয়। শেহতীয়াকৈ ৰাজ্যত ৭০ সংগঠনৰ নেতৃত্বই মিলি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল সংগ্ৰাম গঢ়ি তুলিছিল। কিন্তু সেই সংগ্ৰামৰ ফলাফল কি হ'ল? ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱাতেই সফলতাৰ যাত্ৰাৰ সামৰণি পৰিল নেকি?

৭০ সংগঠনৰ বহু কেইটা সংগঠনে এতিয়া নিৰ্বাচনক লৈ ব্যস্ত। কোনোবা ৰাজনৈতিক দলৰ সমৰ্থকৰূপে ৰাইজৰ আগত ধৰা দিছে। এই ঐক্যমঞ্চৰে অংশীদাৰ হোৱা কোনো কোনোৱে নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে থিয় দিছে। আন একাংশই এই নিৰ্বাচনৰ সময়ত বিশেষ ৰাজনৈতিক দলক ভোট দিবৰ বাবে আহ্বান জনাইছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই বিধেয়কৰ বিৰোধিতা কৰা সকল যেন হঠাৎ মৌন হৈ পৰিল। বিজেপিয়ে স্পষ্টকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক শাসনলৈ আহিলে পুনৰ আনিব বুলি নিৰ্বাচনী ঘোষণা পত্ৰত উল্লেখ কৰাৰ পাছতো ইয়াৰ বিৰুদ্ধে যিধৰণে প্ৰতিবাদ কৰিব লাগিছিল সেয়া নহ'ল।

বিহুৰ বতৰ। বিহুক উপলক্ষ কৰি দল-সংগঠনসমূহে এনে এক ঘোষণাৰ পাছতো পূৰ্বৰ দৰে এই বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ বা ইয়াৰ বিৰুদ্ধাচৰণ কৰাতো দেখা পোৱা নগ'ল। সেয়েহে ৰাইজ তথা খিলঞ্জীয়াক লৈ সচেতন হোৱা লোকসকলৰ মাজতেই বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

অসম আন্দোলনৰ পাছত ৰাজ্যজুৰি এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল। স্বতঃস্ফূৰ্ত বন্ধ, আন্দোলন, প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজ্য কঁপি উঠিছিল। উত্তৰ-পূৰ্বাঞ্চলজুৰি বিস্তাৰিত হোৱা এই আন্দোলনে শাসকীয় দল তথা আন ৰাজনৈতিক দলবোৰক অঞ্চলটোৰ খিলঞ্জীয়াসকলৰ প্ৰতি অধিক সচেতন কৰিবলৈ বাধ্য হ'ব বুলি ভবা হৈছিল।

সেয়া হৈ নুঠিল। এই আন্দোলন চেঁচা পৰিল। প্ৰতিবাদী সমদল, প্ৰতিমূৰ্তি দাহ, ধৰ্ণা আদি কাৰ্যসূচী হেৰাই গ'ল। একেখিনি মানুহেই এতিয়া নিৰ্বাচনী সভাত ভিৰ কৰিছে। দিল্লীয়ে পুনৰ ঘোষণা কৰিলে কেব হ'বই। এই ঘোষণাৰ পাছতো কিন্তু এটা প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন নহ'ল।

দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা কোনো কোনো লোক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা দলৰ সৈতে চামিল হ'ল। অসমীয়া মানুহৰ এই প্ৰতিবাদী সত্তাক লৈ আকৌ এবাৰ প্ৰশ্ন উঠিছে। দুটকীয়া চাউল বা দুই-এটা এল ই ডি বাল্ব দি অসমীয়া মানুহৰ ভোট কিনিব পাৰি। দৰিদ্ৰ সকলৰ বাবে সেয়াই এতিয়া বহুত হৈ পৰিছে।

সাধাৰণ মানুহৰ দৰেই ছাত্ৰ সংগঠন-জাতীয় সংগঠনৰ নেতাও বিক্ৰী যোৱা বুলি প্ৰশ্ন উঠিছে। আন্দোলন কৰি জাতিৰ নামত জাতীয় দলৰ নেতৃত্বই নিজৰ দাম-দৰ কৰা বুলি চৰ্চা হৈছে। এনে খবৰো ৰাজহুৱা হৈছে যে- এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনক নেতৃত্ব দিয়া কোনো নেতাই বিজেপিলৈ যাবলৈ ভৰি দাঙি আছে।

এনে অভিযোগ উত্থাপিত হোৱা নেতাকেই সোধা হৈছিল- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আপোনালোকে কৰা আন্দোলন যতি পৰিল নেকি? হঠাৎ কিয় নিস্তেজ হৈ গ'ল এই আন্দোলন? এই প্ৰশ্নৰ উত্তৰত এনে সংগঠনৰ নেতৃত্ব বহন কৰা নেতাই পৰৱৰ্তী সময়ত এই বিষয়ক লৈ আন্দোলন কৰা হ'ব বুলি ঘোষণা কৰিলেও, সেই ঘোষণাত পূৰ্বৰ দৰে জোৰ নাই।

নিয়ম মাফিক উত্তৰ দি সংবাদমেল পতা, ইয়াৰ বিৰুদ্ধাচৰণত বিবৃতি দিয়াতেই দায়িত্ব সামৰিলে। যদি সঁচাকৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক জাতিটোৰ বাবে বিপদজনক, তেন্তে হঠাৎ কিয় এই প্ৰতিবাদী কন্ঠ ম্লান পৰিল? ৭০ সংগঠনৰ ভৱিষ্যৎ কি হ'ব? একেলগে আৰু আন্দোলন কৰিব নে? নে ইয়াতেই শেষ হ'ল আন্দোলনৰ দৌৰ।

এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই তেওঁলোকে। কিন্তু এইটো অনুমান কৰিব পৰা গ'ল- ৭০ সংগঠনৰ বহুতেই নিজৰ নিজৰ স্বাৰ্থ আৰু অধিকাৰৰ প্ৰশ্নত জাতীয় বৃহৎ স্বাৰ্থ লৈ পিঠি দি তেওঁলোক নিজক লৈ ব্যস্ত হৈ পৰিছে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক স্বাৰ্থক জাতীয় স্বাৰ্থতকৈ আগত বুলি গণ্য কৰি নিজৰ নিজৰ স্বৰূপ দেখুৱাই দিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশী তথা আন বিদেশী লোকক আনিম বুলি কোৱা সকলে পূৰ্বতকৈ স্পষ্টৰূপত এই বিধেয়কৰ প্ৰতি থকা তেওঁলোকৰ সমৰ্থন ৰাজহুৱা কৰিলে। নিৰ্বাচনী ঘোষণা পত্ৰত সেয়া অন্তৰ্ভুক্ত কৰাৰ পাছতো এনে বিষয়ক লৈ সৰৱ হোৱা জাতীয় দল-সংগঠনসমূহৰ মুখৰ মাত নোলাল।

এয়া কেনে জাতীয়তাবোধ? জাতীয় সংগঠনৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আছিল। সেই আস্থা তেওঁলোকে যেন ক'ৰবাত ধৰি ৰাখিব নোৱাৰিলে। ৰাজনৈতিক সমীকৰণ আৰু ব্যক্তিগত লাভালাভৰ স্বাৰ্থত এনেবোৰ প্ৰশ্নৰ কোনো সমাধান-উত্তৰ নোলোৱাকৈয়ে প্রশ্ন হৈ ৰ'ল।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছিল ৭০ সংগঠনৰ অন্যতম। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি আন সংগঠনসমূহৰ সৈতে মিলি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত তেওঁলোক জঁপিয়াই পৰিছিল। এতিয়া এনে খবৰ ওলাইছে- এ জে ৱাই চি পিৰ নেতা পলাশ চাংমাই হেনো ৰাজনীতিত যোগদান কৰিব।

এই খবৰৰ সত্যতা কিমান? বিভিন্ন মাধ্যমত এনে খবৰ প্ৰচাৰ হৈছে। বিহুৰ পাছতে তেওঁ শাসকীয় দলত যোগদান কৰিব নেকি? এই প্ৰশ্ন তেওঁকেই সোধা হ'ল। তেনে কোনো সম্ভাৱনা অস্বীকাৰ কৰিলে জাতীয় সংগঠনটোৰ নেতাগৰাকীয়ে। কোনো ৰাজনৈতিক দলে তেওঁৰ সৈতে যোগাযোগ কৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে- তেনে যোগাযোগ চলা নাই।

আশ্বস্ত হ'ব পৰাকৈ এতিয়া কোনো পৰিৱেশ নাই। জাতীয় প্ৰশ্নতকৈ এতিয়া প্ৰায় সকলো নেতাৰ বাবে নিজৰ ৰাজনৈতিক স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে এই দিশৰ পৰা এই জাতীয় সংগঠনটোৰ নেতাজনক লৈ সৃষ্টি হোৱা প্ৰশ্ন আৰু সন্দেহ সন্দৰ্ভত তেওঁকেই সোধা হৈছিল এই কেইটা প্ৰশ্ন।

তেনে সম্ভাৱনাক তেওঁ অস্বীকাৰ কৰিলে। ক'লে- ভৱিষ্যতে কি হয় নাজানো, বৰ্তমানলৈকে তেনে কোনো সিদ্ধান্ত লোৱা নাই। সেই ভৱিষ্যৎ আৰু বৰ্তমানৰ মাজত পাৰ্থক্য কিমান? এসপ্তাহৰ পাছতেই তেওঁৰ সিদ্ধান্ত সলনি হ'ব নেকি? এই প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে- অন্তত এবছৰলৈকে তেওঁ এনে কোনো সিদ্ধান্ত নলয়।

চৰ্চা যথেষ্ট হৈছে। কোনোবাই যদি কৈছিল- বিজেপিত যোগদান কৰিব পলাশ চাংমাই। আন কোনোবাৰ মতে, এই নেতাজনে কংগ্ৰেছত যোগদান কৰিব বুলিও খবৰ ওলাইছিল। কোনো কোনোৱে তেওঁ অগপৰ প্ৰাৰ্থী হ'ব বুলিও কৈছিল। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰত জাতীয় সংগঠনটোৰ নেতাগৰাকীয়ে ইয়াক অপপ্ৰচাৰ আখ্যা দিয়ে।

অসম আৰু অসমীয়াৰ আৱেগক লৈ খেলা লোকসকলো জাতিটোৰ শত্ৰু। যি সময়ত কেব বিৰোধী স্থিতিয়ে ৰাজ্য উত্তপ্ত কৰি তুলিছিল। সেই সময়ত তেওঁলোকৰ হঠাৎ নিষ্ক্ৰিয়তা আৰু সন্দেহজনক স্থিতিয়ে ৰাজ্যবাসীক উদ্বিগ্ন কৰি তোলে। থলুৱা আৰু খিলঞ্জীয়া লোকৰ স্বাৰ্থত হোৱা সংগ্ৰামৰ ফলত কোনো এক বিশেষ ব্যক্তি বা ব্যক্তি বিশেষৰ স্বাৰ্থ সিদ্ধিৰ মাধ্যম হ'লে এনে সংগ্ৰামৰ প্ৰতি সাধাৰণ লোকৰ আস্থা নোহোৱা হৈ যাব।

জাতীয় সংকতৰ সময়ত যিসকলে নেতৃত্ব দিয়ে, তেওঁলোকে প্ৰায় জাতিটোক বিশ্বাসঘাতক কৰাৰ উদাহৰণ আছে। তাৰ প্ৰমাণ প্ৰফুল্ল কুমাৰ মহন্ত। এতিয়া যদি আকৌ তেনে কোনো লোকে জাতীয় স্বাৰ্থক বিসৰ্জন দি নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰু ভৱিষ্যতৰ স্বাৰ্থত আপোচ কৰে, তেন্তে সেয়া জাতিৰ বাবে হ'ব চৰম অপমানজনক।

ৰাইজে বিশ্বাস কৰিব কাক? ৰাইজক বিশ্বাস জন্মাব পৰাকৈ নিষ্ঠাৰে আৰু সততাৰে জাতীয় দল-সংগঠনক আগুৱাই নি এখন উমৈহতীয়া মঞ্চ গঠনেৰে জাতিৰ সন্ধিক্ষণত জাতীয় সত্তাক এক প্ৰতিবাদী কন্ঠৰূপে জাগ্ৰত কৰাত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ। বাৰে বাৰে ৰাইজে প্ৰবঞ্চিত হ'ব নুখোজে।

এনেবোৰ প্ৰশ্নত সেই সকল নেতাই কি দায়বদ্ধতাৰে ভৱিষ্যতৰ প্ৰতি আস্থা আৰু বিশ্বাসপূৰ্ণ পৰিৱেশ ধৰি ৰাখিব পাৰে, সেয়া ৰাইজে এতিয়া সুক্ষ্মভাৱে লক্ষ্য কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰশ্নত ৰাইজ আজিও আশ্বস্ত নহয়। ৰাইজে বিচাৰে- যিকোনো প্ৰকাৰে এইবোৰ দিশত ৰাজনৈতিক স্বাৰ্থ পৰিহাৰ কৰি জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া হওঁক।

প্ৰথমে জাতি-মাটিৰ কথা, তাৰপাছতহে আহে আনবোৰ বিষয়। কাৰোবাৰ প্ৰলোভনত পৰি জাতি-মাটি-ভেটিক বিশ্বাসঘাতক কৰিলে সেই সকল নেতাই জাতীয় সংগ্ৰামৰ ভেটিত চিপৰাং মৰা হ'ব। তেনেবোৰ দিশ হয়তো এইসকল নেতাই কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিবেচনা কৰি চাব।