LBW ৰিপুণঃ বল- আজমল, কেটছ- কংগ্ৰেছ…

LBW ৰিপুণঃ বল- আজমল, কেটছ- কংগ্ৰেছ…

author-image
asomiyapratidin
New Update
LBW ৰিপুণঃ বল- আজমল, কেটছ- কংগ্ৰেছ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাজ্যসভা নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰা জিকিব! জিকাটোৱেই স্বাভাৱিক। ৰাজ্যসভাৰ খালী হোৱা দুখন আসনৰ এখনত শাসকীয়া মিত্ৰদলে জয়লাভ কৰিব পৰাকৈ তেওঁলোকৰ বিধায়ক আছে। আৰু আনখন আসনত বিৰোধীয়ে সন্মিলিতভাৱে জয়ী হ'ব পৰাকৈ বিধায়ক থকাত এই নিৰ্বাচনৰ ফলাফল স্পষ্ট হৈ আছিল।

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই বিৰোধী সন্মিলিত প্ৰাৰ্থী ৰিপুন বৰাৰ সম্ভাৱনা কমি গৈ আছে। সেয়েহে ৰিপুন বৰা জিকিব বুলি এতিয়া ৰাজনীতিৰ অ, আ, ক, খ জনা লোকেও বিশ্বাস নকৰে। বিৰোধীয়ে সন্মিলিতভাৱে প্ৰাৰ্থী থিয় কৰালেও বিৰোধীৰ বিধায়কে এতিয়া শাসকীয় মিত্ৰদলৰ প্ৰাৰ্থীকহে জয়ী কৰাবলৈ ভোট দিব বুলি চৰ্চা হৈছে।

বিশ্বাস-অবিশ্বাসৰ এই ৰাজনীতিৰ যুঁজখন কেৱল শাসকীয় দলেই খেলা নাই। পূৰ্বতে কংগ্ৰেছত থাকোতে এই খেলত পাৰ্গত বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়েও নিৰ্বাচনৰ পূৰ্বেই ফলাফল দি দিছে। সেই শ্ৰুতলিপি আওঁৰাই তেওঁৰ আনুগত্য এজন মন্ত্ৰীয়ে ৰাজ্যসভা নিৰ্বাচনত দুয়োখন আসন বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি অনানুষ্ঠানিক ছীল মোহৰ মাৰিছে।

কোন কোন বিৰোধী বিধায়কে শাসকীয় তথা মিত্ৰদলৰ প্ৰাৰ্থীক সহায় কৰিব তাৰো ইংগিত পোৱা গৈছে। মানুহক দেখুৱাই বিৰোধী শিবিৰত অৱস্থান ল'লেও তেওঁলোক যে শাসকীয় দলৰ ছাবি দিয়া পুতলা হৈ আছে সেই কথা আৰু খুলি ক'ব নালাগে।

ৰাজ্যসভা নিৰ্বাচনৰ প্ৰেক্ষাপটে দুৰ্বল বিৰোধীৰ অসংগঠিত ৰূপটোক পুনৰ উদঙাই দিলে। কংগ্ৰেছৰ ভিতৰচৰাতেই তেনে সন্দেহজনক বিধায়কৰ উপস্থিতি সহযোগী এ আই ইউ ডি এফৰ মুৰব্বী গৰাকীয়ে দেখিছে বুলি ইতিমধ্যে ৰাজহুৱাকৈ কৈছে।

এ আই ইউ ডি এফতো তেনে মুখা পিন্ধি বিৰোধী হৈ থকা বিধায়ক আছে। খোদ দলটোৰ মুৰব্বী গৰাকীয়েই বিজেপিৰ এজেন্ট হিচাপে কাম কৰা বুলি ভাৱিব পৰা বহু অৱকাশ ৰৈ গৈছে। বদৰুদ্দিন আজমলে কেৱল ৰাজনীতি নকৰে। ৰাজনীতিৰে তেওঁ এনে এক গেম খেলে যাতে এক গুলীত দুই চিকাৰ হয়। সেইধৰণৰ চিকাৰ কৰাত আজমল ওস্তাদ।

ৰাজনীতিত আজমলৰ বিশ্বাসযোগ্যতা নাই। পূৰ্বতেও ৰাজ্যসভা নিৰ্বাচনত তেওঁ প্ৰদৰ্শন কৰা ভূমিকা আৰু দেখুৱাই এটা সিদ্ধান্ত লৈ ভিতৰি গ্ৰহণ কৰা স্থিতি ৰাইজে দেখি আহিছে। এইবাৰো আজমলে সাপো মৰক, লাঠিও নাভাগক নীতিৰে ৰাজ্যসভা নিৰ্বাচনত অৱৰ্তীণ হৈছে।

তেওঁ নিজেই এই নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী সন্মিলিত শক্তিৰ মাজত বিভেদৰ বীজ সিচাঁৰ লগতে কংগ্ৰেছকো সেই বিভেদ সৃষ্টি কৰাত প্ৰৰোচিত কৰিছে। যাৰবাবে এতিয়া কংগ্ৰেছ এ আই ইউ ডি এফৰ মাজতে প্ৰত্যক্ষ-পৰোক্ষ বাকযুদ্ধ চলিছে। কোন বেছি বিশ্বাসযোগ্য তাৰ প্ৰমাণৰ প্ৰতিযোগিতা চলি থকাৰ মাজতে ভিতৰি আন ধৰণৰ সমীকৰণেৰে ৰাজ্যসভাৰ নিৰ্বাচনক আজমলে প্ৰক্ষেপ কৰিছে।

এজন বিৰোধী বিধায়কে মুকলিকৈ বিজেপিৰ প্ৰাৰ্থীক ভোট দিম বুলি কোৱাৰ পাছত বাকী থকা ৪৩জন বিধায়কে বিৰোধীৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাব পাৰিলে হয়। কিন্তু সেয়া হ'ব নিদিয়ে বিৰোধী বিধায়কেই। মুখ্যমন্ত্ৰীয়ে এ আই ইউ ডি এফক ভোট দিব নালাগে বুলি কোৱাৰ লগতে এ আই ইউ ডি এফৰ ভোট নালাগে বুলি ঘোষণা কৰিছে। কিন্তু চতুৰ আজমলে এজেন্ট নিযুক্তিৰ ক্ষেত্ৰতে কংগ্ৰেছৰ সৈতে মতপাৰ্থক্য সৃষ্টি কৰি দলটোৰ বিধায়কসকলক বিৰোধীৰ বিপৰীতে শাসকীয় দলক সহায় কৰাৰ এক পৰিৱেশ গঢ়ি তুলিছে।

ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছে বিচাৰিছিল তেওঁলোকৰ দলৰ এজন এজেন্ট থাকক যাতে সেই এজেন্টৰ জৰিয়তে বিৰোধী পক্ষৰ কোন বিধায়কে কত ভোট দিছে সেয়া নিশ্চিত হয়। এ আই ইউ ডি এফে বিচাৰিছে তেওঁলোকৰ নিজৰ দলৰ এজেন্ট। ইয়াকে কেন্দ্ৰ কৰি দুয়ো দলৰ মাজত দেখা দিছে মতপাৰ্থক্য।

আজমলে ভালদৰে জানে। মুকলিকৈ বিজেপিক সমৰ্থন কৰিলে তেওঁৰ সংখ্যালঘু ৰাজনীতিত তিষ্ঠি থাকিব নোৱাৰে। কিন্তু ভিতৰি বিজেপিকে সহায় কৰিব পৰা কাম-কাজ কৰে আজমলে। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত এ আই ইউ ডিএফৰ নেতাই দিছপুৰত লুঙি-টুপী পিন্ধা লোকৰ চৰকাৰ হব বুলি কৰা মন্তব্যক মূলধন হিচাপে বিজেপিয়ে উজনিৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ব্যৱহাৰ কৰিছিল।

আজমল ৰাজনীতিত কেচাঁ খেলুৱৈ নহয়। মাজুলীৰ উপ নিৰ্বাচনৰ সময়ত নিবিচৰাকৈয়ে এ জি পি প্ৰাৰ্থীলৈ মুকলি সমৰ্থন দি কাক সহায় কৰিলে সেয়া আৰু বুজাই ক'ব নালাগে। এতিয়া ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে ২০২৬ বা ৩১ত অসমত এ আই ইউ ডি এফৰ চৰকাৰ হব বুলি এ আই ইউ ডি এফৰ বিধায়কে কৰা মন্তব্য সহ্য কৰি কংগ্ৰেছে শুনি থাকিব লগীয়া হৈছে।

ৰাজ্যসভা নিৰ্বাচনত থ্ৰীলাইন হুইপ প্ৰযোজ্য নহয়। শাসকীয় দলে এই কথা সোৱৰাঁই দিছে। অথাৎ দলে জাৰি কৰা হুইপ অমান্য কৰিলেও কোনো বিৰোধী বিধায়ক পদ খাৰিজ নহয়। যোৱা কেইবাটাও নিৰ্বাচনত আজমল ফেক্টৰ হৈ আহিছে। ৰাজ্যসভা নিৰ্বাচনতো বিশ্বাসঘাটক ৰূপত হলেও আজমলে ভূমিকা লৈছে। এইবাৰো তাৰেই পুণৰাবৃত্তিৰ ইংগিত পোৱা গৈছে।

তেনে বিশ্বাসঘাটকৰ তালিকাত কংগ্ৰেছৰ কেইবাজনো বিধায়কৰ নামো আছে। মেৰুদণ্ডহীন এই ৰাজনীতিত সংখ্যা খেলাৰ নামত দিন বা ৰাতিটোৰ ভিতৰতে লুটি-বাগৰ মাৰিব পৰা লোকৰ সংখ্যা এতিয়া কম নহয়। অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ আত্মপ্ৰকাশ যদিও বহুতে ইতিবাচক বুলি কব খোজে ই সংখ্যালঘু ৰাজনীতিৰ বাবেই চৰম প্ৰতাৰণা আৰু উদ্বিগ্নতাৰ কাৰন হৈ পৰিছে।

কংগ্ৰেছো এতিয়া কেৱল নামত চলি আছে। নিজৰ মাজতে সততা, আদৰ্শ বুলি কোনো দৃষ্টিভংগী নাই। পূৰ্বৰ দৰে কংগ্ৰেছ এতিয়া সুসংগঠিতও নহয়। চৰম ক্ষমতাৰ যুজঁ আৰু লবীকেন্দ্ৰিক ৰাজনীতিত নিজৰ ভিতৰতে নিজেই কংগ্ৰেছ যদুকুল ধ্বংস হোৱাৰ দৰে ধ্বংস হৈ গৈ আছে।

শাসকীয় দলৰ ৰাজনৈতিক নৈতিকতা এতিয়া ধোৱাচাঙত উঠিল। মানুহে নিজৰ আচৰণ আৰু প্ৰকৃতি কেতিয়াও সলাব নোৱাৰে। যি স্থানতেই তেওঁলোক নাথাকক, তেওঁলোকৰ প্ৰবৃত্তি একেই থাকিব। আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত কোন জয়ী হব সেয়া নিৰ্বাচনৰ ফলাফলে নিশ্চিত কৰিব।

সেই নিশ্চয়তালৈ বাট চাব লাগিব। কাৰন এতিয়া আমি কেনেকৈ জানিব ভোট কোনে কাক দিয়ে! কিন্তু যি দেখিছো, যি বুজিছো ৰিপুন বৰাই হহাঁৰ সুযোগ নাপাব। ৰাজনীতিৰ বিশ্বাসঘাটকতাৰ বলি হ'ব এইবাৰ ৰিপুন বৰা। কিন্তু সুস্থ গণতন্ত্ৰৰ স্বাৰ্থত আমি এই আশাও কৰিম, আমাৰ এই ধাৰণা মিছা হওঁক…

assam ripun bora aiudf rajya sabha congress