/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/bisesh-likha-new.jpg)
হিমাক্ষী বৰা
একৈশ শতিকা ধেমালি নহয়। ক্ষীপ্ৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে একৈশ শতিকাৰ মাধ্যমবোৰ নামি পৰিছে দ্ৰুত বাতৰি প্ৰকাশৰ দৌৰত। কোনে পঢ়ুৱৈ, শ্ৰোতা দৰ্শকৰ হাতত আগতেই খবৰ তুলি দিব পাৰে তাৰো চলিছে এক অঘোষিত প্ৰতিযোগিতা। ইয়াৰে মাজতে প্ৰায় ২ টা বছৰৰ অসম, ভাৰত তথা বিশ্বৰ সামগ্ৰিক প্ৰেক্ষাপটক প্ৰতিদিনৰ দৃষ্টিৰে জুকিয়াই চাই অসমীয়া প্ৰতিদিনে প্ৰকাশ কৰি অহা বিশেষ লেখাৰ নিৰ্বাচিত লেখাৰে প্ৰকাশ কৰা গ্ৰন্থখন সাম্প্ৰতিক সময়ৰ এক দলিল স্বৰুপ।
বৰ্তমান সময়ৰ তুলনামূলক ভাৱে নতুন, চৰ্চিত আৰু সমালোচিত মাধ্যমটো হৈছে ডিজিটেল মাধ্যম। ইলেক্ট্ৰনিক মাধ্যমতকৈ দ্ৰুত আৰু ছপা মাধ্যমৰ প্ৰচ্ছায়াত বিকশিত এই মাধ্যমটোক লৈ চলি থকা বিতৰ্কৰ মাজতে প্ৰায় ২ বছৰৰ আগতে জন্ম পোৱা অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে খুব বিশ্লেষণাত্মক ভাৱে চালি জাৰি চাইছে প্ৰতিটো নতুন সময়ৰ সামাজিক, ৰাজনৈতিক আৰু সামগ্ৰিক চৌপাশৰ ক্ষেত্ৰখনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-08-at-9.02.41-PM-1024x1024.jpeg)
ইয়াৰে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হৈ থকা ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন হয় "সময়ৰ গদ্য আৰু অন্যান্য" শীৰ্ষক গ্ৰন্থখন। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ পৰা প্ৰকাশ পোৱা এই গ্ৰন্থখনি উন্মোচন কৰে মাই নিউজৰ মুখ্য সম্পাদক তথা বিশিষ্ট লেখক,সাংবাদিক প্ৰণয় বৰদলৈ, টাইম ৮ ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য,প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীয়ে।
উল্লেখ্য যে, অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰতিদিনাই সম্প্ৰতিক বিষয় বস্তুক লৈ প্ৰকাশ পাই বিশেষ লেখা। প্ৰায় সহস্ৰাধিক বিশেষ লেখাৰ মাজৰ পৰা নিৰ্বাচিত কিছু বিশেষ লেখাৰে পাঠকলৈ আগৱঢ়োৱা হৈছে এই বিশেষ লেখাৰ সংকলনটি।
সভাখনিৰ আঁত ধৰে মৃদুল কুমাৰ সন্দিকৈয়ে। ডিজিটেল মাধ্যমৰ জৰিয়তে ছপা মাধ্যম, টি ভি চেনেল আৰু গ্ৰন্থৰ সৈতে পুনৰ সম্পৰ্ক গঢ়িবলৈ এই গ্ৰন্থখনিৰ জৰিয়তে চেষ্টা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-08-at-8.05.14-PM-1024x1024.jpeg)
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি মাই নিউজৰ সম্পাদক প্ৰণয় বৰদলৈয়ে এয়া নতুন চামৰ বাবে আশাৰ খবৰ বুলি মন্তব্য কৰে। তেওঁ কয় যে যি সময়ত ভবা হৈছিল যে ডিজিটেল মাধ্যমে ছপা আৰু ইলেকট্ৰনিক মাধ্যমক গ্ৰাস কৰি পেলাইছে সেই সময়ত ছপা মাধ্যমত ডিজিটেল মাধ্যমৰ লেখা প্ৰকাশ হোৱাটো খুবেই ভাল খবৰ বুলি কৈ আটাইকেইটা মাধ্যম ইটো সিটোৰ পৰিপূৰক বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/p-1024x1024.jpg)
অন্যহাতে উন্মোচক হিচাপে উপস্থিত থাকি পৰাগমনি আদিত্যই কয় যে আগন্তুক সময়ত ডিজিটেল মাধ্যমৰ যোগেৰে এসময়ত ডিজিটেল মাধ্যমে সভ্যতাৰ সংৰক্ষণ কৰিব বুলিও উল্লেখ কৰে।তেওঁ ডিজিটেল মাধ্যমৰ জৰিয়তে অসমীয়া সংবাদ জগতৰ বাবে এক অপাৰ দুৱাৰ মুকলি হৈছে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-08-at-3.24.18-PM-1024x1024.jpeg)
ইফালে আন গৰাকী উন্মোচক স্মিতাক্ষী বি গোস্বামীয়ে এই গ্ৰন্থ প্ৰকাশৰ বাবে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ জ্যোতি মহন্তক ধন্যবাদ জনাই ডিজিটেল সংস্কৰণৰ সৈতে জড়িত নতুন চামৰ কৰ্মস্পৃহাৰ সলাগ লয়। তেওঁ এই সামগ্ৰিক পৰিকল্পনাৰ বাবে সম্পাদক মৃদুল কুমাৰ সন্দিকৈৰ লগতে প্ৰকাশৰ লগত জড়িত আটাইকে অভিনন্দন জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-08-at-3.24.16-PM-1024x1024.jpeg)
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে দৈনিক জনমভূমিৰ কাকতৰ সম্পাদক উৎপল বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজৱংশী, বিশিষ্ট লেখক পৰমানন্দ মজুমদাৰ, অসম প্ৰকাশন পৰিষদৰ সচিৱ প্ৰমোদ কলিতা, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা, নন্দিনীৰ সম্পাদক মাইনী মহন্ত, আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, অলিম্পিয়া প্ৰকাশনৰ চিৰঞ্জীৱ শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয় যে এই গ্ৰন্থখনিৰ জৰিয়তে ডিজিটেল মাধ্যমক এক মাত্ৰা দিবলৈ চেষ্টা কৰা হৈছে।অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ দুবছৰীয়া যাত্ৰাৰ কথা উল্লেখ কৰি এই গ্ৰন্থখনিৰ জৰিয়তে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/pra-1024x1024.jpg)
প্ৰায় ৩০০ পৃষ্ঠাৰ এই সংকলনটি গ্ৰন্থমেলাৰ মূল প্ৰেক্ষাগৃহত দিনৰ ১১ঃ৩০ বজাত উন্মোচন কৰা হয় ।
অলিম্পিয়া প্ৰকাশনৰ হৈ চিৰঞ্জীৱ শৰ্মাই প্ৰকাশ কৰা এই সংকলটিৰ মূল্য মাত্ৰ ২০০ টকা ।গ্ৰন্থখনিৰ প্ৰচ্ছদ অংকন কৰিছে শিল্পী মুবিন ৰাভাই।
গ্ৰন্থখনিত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সম্পাদক মৃদুল কুমাৰ সন্দিকৈৰ লগতে ডি জে ধনন্তৰি, পংকজ শৰ্মা,পলাশজ্যোতি গগৈ, ডিম্পুল বুঢ়াগোঁহাই, ৰাজৰ্ষি চহৰীয়া আৰু দীপজ্যেতি শৰ্মাৰ বিশেষ লেখা সন্নিবিষ্ট হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-08-at-3.24.22-PM-1024x1024.jpeg)
অনুষ্ঠানটিৰ আৰম্ভণিতে এটি ভজন পৰিৱেশন কৰে আকাংক্ষা দাসে। উল্লেখ্য যে অনুষ্ঠানটিত শেহতীয়াকৈ যুৱ কবি বঁটা প্ৰাপক প্ৰতিদিন টাইমৰ সাংবাদিক বশিষ্ট দেৱ ফুকনকো সম্বৰ্ধনা জনোৱা হয়। প্ৰায় ১ ঘন্টা ৩০ মিনিট ধৰি চলা এই অনুষ্ঠানটোত বিভিন্ন সংবাদগোষ্ঠীৰ সাংবাদিকৰ লগতে বহু শ্ৰোতা দৰ্শক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/WhatsApp-Image-2021-01-08-at-3.24.24-PM-1024x1024.jpeg)
পৰিৱৰ্তন সময়ৰ আহ্বান। পৰিৱৰ্তিত সময়ে কঢ়িয়াই নতুনক বাৰ্তা।অসমীয়া ডিজিটেল ডেস্কৰ দ্বাৰা প্ৰকাশিত সময়ৰ গদ্য আৰু অন্যান্য গ্ৰন্থখনিয়ে মাধ্যমৰ মাজত এখন সাঁকো গঢ়িলে। পৰিপূৰক এই মাধ্যম প্ৰজন্মৰ চিন্তা চেতনা চৰ্চা আৰু কৰ্ষণ কৰাৰ বলিষ্ঠ মঞ্চ হওক। চিৰিয়াছ আৰু বাস্তৱৰ গদ্যক প্ৰতিফলিত কৰা অপৰিহাৰ্য মাধ্যম হিচাপে আমি ডিজিটেল প্লেটফৰ্ম গঢ়ি ল'ব নোৱাৰিমনে?