/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/pola.jpg)
মৃদুল কুমাৰ সন্দিকৈ
অসম আৰক্ষীৰ পৰাক্ৰম আৰু বিক্ৰমক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া মানুহৰ মাজত আছে। কেতিয়াবা বন্দিত হৈছে অসম আৰক্ষী, আন কেতিয়াবা নিন্দিত হৈছে। ঘটনা অনুসৰি আৰক্ষীক লৈ এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অসম আৰক্ষীৰ এক গৌৰৱোজ্জল ইতিহাস আছে। সেই ইতিহাস আৰক্ষীয়ে খন্তেকীয়া সফলতা আৰু সুখৰ বাবে ভৰিৰে মোহাৰিলে চিৰদিনৰ বাবে আৰক্ষী বাহিনী নিন্দিত হৈ ৰ'ব।
আইনে অপৰাধীক শাস্তিৰ বিধান দিছে। কিন্তু সেই শাস্তি আৰক্ষীয়ে নিজাকৈ দিয়াৰ প্ৰৱণতা অধিক হ'লে বা এচামে এনে তৎপৰতাত হাতচাপৰি বজালে সেই হাতচাপৰি এদিন আৰক্ষীৰ গালত প্ৰচণ্ড চৰ হৈও পৰিব পাৰে। অপৰাধীক কৰায়ত্ত কৰি আইন আদালতলৈ নি অপৰাধীয়ে কঠোৰ শাস্তি নিশ্চিত কৰাটো আৰক্ষীৰ দায়িত্ব।
আৰক্ষীয়ে আইন আদালতৰ ভূমিকা পালন কৰিবলৈ ল'লে এদিন আৰক্ষীও অপৰাধী নামান্তৰ হৈ পৰিব। শেহতীয়াকৈ অসম আৰক্ষীৰ বিৰুদ্ধে এনেবোৰ চৰ্চা চলিছে। বৰ্তমান সময়ত আৰক্ষীক সমালোচনা বা ইয়াৰ বাবে দায়ী নকৰিলেও এদিন এইবোৰ ঘটনাৰ আলমতে আৰক্ষীয়েই কাঠগড়াত উঠিব লগাত পৰিব।
বহুতে কয়, আৰক্ষীয়ে এনকাউন্টাৰ কৰিছে ভাল কথা। অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ গুলী চলিছে, সেয়া আমাৰ বাবে শুভকাৰক। এইবোৰ মুৰ্হুতৰ বাবে নিজকে প্ৰবোধ দিব পৰা আৰু এক খন্তেকীয়া সন্তুষ্টিহে। আৰক্ষীৰ এনে তৎপৰতাৰ বিপৰীতে আমাক লাগে সচাঁ অৰ্থত আৰক্ষীয়ে অপৰাধমুক্ত এখন সমাজ গঢ়িবলৈ আইনৰ গণ্ডিৰ মাজত থাকি জনমুখী ভাৱমূৰ্তিৰে তৎপৰতা প্ৰদৰ্শন কৰাটো।
গৰাঁলত বন্দী হোৱা বাঘ চিকাৰ কৰিলে তাক চিকাৰী বুলি নকয়। আৰক্ষীৰ ক্ষেত্ৰতো সেয়েই হৈছে। ইটোৰ পাছত সিটো এনকাউন্টাৰ, দুৰ্ঘটনাৰে অপৰাধী নিৰ্মূলকৰণৰ এই প্ৰচেষ্টাই আওপকীয়াকৈ আৰক্ষীকো যে অপৰাধীকৰন কৰা হৈছে সেই কথা এতিয়া আৰক্ষীক বুজাই কোনে!
তাৎক্ষণিক ফলাফল দিবলৈ গৈ আটক কৰা অপৰাধীক ইচ্ছা গলেই এনকাউন্টাৰ কৰাৰ ঘটনাবোৰে আৰক্ষীক দুৰ্বলহে কৰিছে। দুদিনমান এইবোৰ ঘটনাক লৈ মানুহ আৰক্ষীৰ প্ৰশংসাত গদগদ হৈ থাকিব পাৰে। বিচাৰ প্ৰক্ৰিয়াৰ অবিহনেই কোনো অপৰাধীকে আৰক্ষীয়ে শাস্তি বিহাৰ অধিকাৰ আইনে দিয়া নাই।
বটদ্ৰৱা কাণ্ড মাষ্টাৰ মাইণ্ড বুলি অভিহিত কৰা আশ্বিকুল ইছলাম আৰক্ষীৰ মতে পলাবলৈ লওঁতে পিছত আহি থকা আৰক্ষীৰ আন এখন বাহনৰ খুন্দাত মৃত্যু হোৱা খবৰে বহুতকে সন্তুষ্টি দিছে। সেই সন্তুষ্টিত মচগুল হৈছে যেন আৰক্ষী! নিশা আশ্বিকুলৰ ঘৰত অভিযান চলাবলৈ গৈছিল আৰক্ষী। ঘূৰি অহাৰ পথত আৰক্ষীৰ বাহনৰ পৰা হেণ্ডকাফসহ পলাবলৈ লওঁতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
কিছুমান কথা বিশ্বাস, অবিশ্বাসৰ মাজতে ৰৈ যায়। আৰক্ষীৰ হাতত এনকাউন্টাৰ হোৱা বা গাড়ীৰ খুন্দাত মৃত্যু হোৱা এই ঘটনবোৰ সেই বিশ্বাস-অবিশ্বাসৰ মাজত ৰৈ যোৱা এক কল্পিত কাহিনীও হ'ব পাৰে। ড্ৰাগছ মাফিয়া, বলাৎকাৰী, বটদ্ৰৱা থানা জ্বলাই দিয়াৰ দৰে অপৰাধ সংঘটিত কৰা অপৰাধী কোনো কাৰনতেই সাৰি যাব নালাগে।
সেই শাস্তি আৰক্ষীয়ে ঘটনাক্ৰমে অন স্পট বিহিবলৈ যি পৰিৱেশ সৃষ্টি কৰা হয় সেই পৰিৱেশত যেন এক চিত্ৰনাট্যও থাকে। শেহতীয়াকৈ সংঘটিত প্ৰায়বোৰ ঘটনাৰ ক্ষেত্ৰতে একেখন নাটকৰে পুণৰাবৃত্তি হয়। নিশা অভিযান, হেণ্ডকাফসহ পলায়ন, আৰক্ষীক আক্ৰমণ, গুলীবৰ্ষণ, গাড়ীৰ খুন্দা ইত্যাদি সেই চিত্ৰনাট্যত থাকে।
যদি অপৰাধী কোনো বিশেষ সম্প্ৰদায়ৰ হয়, তেনেহলে এইবোৰ ঘটনা বেছিকৈ সংঘটিত হয় নেকি! তথ্যগত বিশ্লেষণ কৰিলে তেনে আভাসেই পোৱা যায়। আৰক্ষীয়ে অভিযানৰ বাবে নিওতে মৃত্যু হোৱা সকলৰ পৰিয়ালৰ দাবী আৰক্ষীয়ে ইচ্ছাকৃতভাৱেই সেইসকলক হত্যা বা এনকাউন্টাৰ কৰাৰ বাবে একে কিছু কল্প কাহিনী ৰচে।
বাৰে বাৰে একে ঘটনা সংঘটিত হ'লে নিসন্দেহে সন্দেহ উপজিব। অপৰাধীৰ কোনো জাত-ধৰ্ম থাকিব নোৱাৰে। সাম্প্ৰদায়িকতাৰ ভিত্তিত অপৰাধীক আৰক্ষীয়ে প্ৰদক্ষেপ লোৱাৰ সলনি আইনগতভাৱে তেওঁলোকৰ অপৰাধৰ বিপৰীতে কি শাস্তি বিহিব পাৰি তাৰ এক ব্যৱস্থাগত পৰিৱৰ্তন হয়তো লাগে।
ইজনৰ পাছত সিজন অপৰাধী যদি আৰক্ষীৰ হাতৰ পৰা পলাই যায় বা পলাই যোৱাৰ চেষ্টা কৰে। তেনেহলে তেওঁলোক পলাব নোৱাৰাকৈ আজিলৈকে কিয় ব্যৱস্থা লব পৰা নাই। অপৰাধী এজনক কেতিয়াও আৰক্ষীয়ে গাড়ী দৰ্জাৰ কাষত বহুৱাই নিনিয়ে।
সাধাৰণতে দেখা দৃশ্য অনুসৰি আৰক্ষীয়ে যিকোনো অপৰাধীক দুফালে নিৰাপত্তা সুনিশ্চিত কৰি মাজত বহুৱাইহে লৈ যায়।তাৰ পাছতো যদি আৰক্ষীয়ে এনে কৰিছিল তেনেহলে সেয়া আৰক্ষীৰো কৰ্তব্যৰ প্ৰতি অৱহেলা বা তেনে ঘটনা সংঘটিত কৰিবলৈ পূৰ্বতে কৰা পৰিকল্পনাৰ ফল!
কোনো অপৰাধীৰ প্ৰতি সহমৰ্মিতাৰে এই লেখা নহয়। আৰক্ষীৰ প্ৰতি দায়ৱদ্ধতাৰে কৰা উপলদ্ধি এয়া। আৰক্ষীক অপৰাধীকৰণ কৰাৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়োজন। নহ'লে আৰক্ষীৰ গুলী বা আৰক্ষী ব্ৰেক নাইকিয়া গাড়ীৰ খুন্দা সাধাৰণ নিৰপৰাধী লোকৰ গাটো লাগিলে আৰক্ষীয়ে পূৰ্বৰ উদাহৰণ দি সাৰি যাব। তেতিয়া আৰক্ষীক সমালোচনা কৰিবলৈ কোনো অৱকাশেই নাথাকিব। আৰক্ষীৰ এই অপসংস্কৃতি কোনো কাৰনতেই, কোনো যুক্তিতেই সমৰ্থন কৰিব নোৱাৰি…