'স্পাৰ্ক মিছেছ ইণ্ডিয়া'ৰ বিজয়ৰ খিতাপ জামুগুৰিহাটৰ পিংকী শইকীয়ালৈ

বিজয়ৰ খিতাপ অৰ্জন কৰি জামুগুৰিহাটৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ বোৱাৰী পিংকী শইকীয়াই

author-image
Asomiya Pratidin
New Update
'স্পাৰ্ক মিছেছ ইণ্ডিয়া'ৰ বিজয়ৰ খিতাপ জামুগুৰিহাটৰ পিংকী শইকীয়ালৈ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ গোৱাত অনুষ্ঠিত হোৱা 'স্পাৰ্ক মিছেছ ইণ্ডিয়া -২৩'ৰ চুড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰি জামুগুৰিহাটৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ বোৱাৰী পিংকী শইকীয়াই। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সমবেত হোৱা বহু প্ৰতিযোগিক হৰুৱাই সফলতা অৰ্জন কৰা পিংকী শইকীয়াৰ এই সাফল্যত গৌৰাৱান্বিত জামুগুৰিহাট বাসী ৰাইজো।

সৰুৰ পৰাই সৌন্দৰ্য্য চৰ্চাৰ প্ৰতি বিশেষ আগ্ৰহ থকা পিংকীয়ে বহু ত্যাগ আৰু সাধনাৰ ফলত এই পৰ্যায়ত উপনীত হৈছে। উল্লেখ যোগ্য যে মিছেচ ইণ্ডিয়া খিতাপ লাভৰ পিছতেই পৰৱৰ্তী সময়ত মালেছিয়াত অনুষ্ঠিত হ'ব লগা মিছেচ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পিংকীয়ে ।

Also Read: নায়ক নে খলনায়ক?

goa