/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ea6d40c7-3880-4f78-8fac-d029bc0e89a9/sowangsiri.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু সদৌ সোৱণশিৰি ক্ৰীড়া সন্থাৰ উদ্যোগত মিচিং জাতীয় শ্বহীদ বগা মেদক, নৰেশ টাইদ আৰু অঞ্জনা পেগুৰ সোঁৱৰণিত ৰেঙাম সোৱণশিৰি মহাবিদ্যালয় আৰু পাতৃচুক হাইস্কুলৰ গ্ৰীণ গেলাৰীৰ খেলপথাৰত পঞ্চদশ বাৰ্ষিক 'সোৱণশিৰি কাপ' প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
প্ৰায় ডেৰ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন অহা ১৪ নৱেম্বৰ পৰা আৰম্ভ হ'ব। এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিচৰা ইচ্ছুক দল সমূহক তৎকালীন ভাৱে 60003 56360, 8638049015 আৰু 600368569 মবাইল নম্বৰত যোগাযোগ কৰিবলৈ ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদকে দল সমূহলৈ অনুৰোধ জনাইছে।