ধুবুৰীস্থিত দক্ষিণ শালমাৰা ইউকো বেংকত চাঞ্চল্যকৰ ঘটনা

ধুবুৰীস্থিত দক্ষিণ শালমাৰা ইউকো বেংকত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। বেংকৰ পৰা ৩৪ লাখ টকা লৈ উধাও হৈছে এজন বেংক কৰ্মচাৰী। ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ থানাত গোচৰ ৰুজু কৰিছে বেংক কৰ্তৃপক্ষই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
৩৪ লাখ টকা লৈ উধাও বেংক কৰ্মচাৰী

৩৪ লাখ টকা লৈ উধাও বেংক কৰ্মচাৰী

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীস্থিত দক্ষিণ শালমাৰা ইউকো বেংকত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। বেংকৰ পৰা ৩৪ লাখ টকা লৈ উধাও হৈছে এজন বেংক কৰ্মচাৰী। ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ থানাত গোচৰ ৰুজু কৰিছে বেংক কৰ্তৃপক্ষই। অভিযোগ অনুসৰি, ধুবুৰী চহৰত অৱস্থিত ইউকো বেংকৰ দক্ষিন শালমাৰা শাখাত কৰ্মৰত শিৱশংকৰ প্ৰসাদ বিন নামৰ এজন কৰ্মচাৰীয়ে বেংকৰ পৰা প্ৰায় ৩৪ লাখ টকা সৰকাই লৈ ধুবুৰীৰ পৰা পলায়ন কৰিছে। 

Advertisment

এই ঘটনা সন্দৰ্ভত ইউকো বেংকৰ দক্ষিন শালমাৰা শাখাৰ শাখা প্ৰৱন্ধক চিৰদীপ পালে ধুবুৰী সদৰ আৰক্ষী থানাত অভিযুক্ত শিৱশংকৰ প্ৰসাদ বিনৰ বিৰুদ্ধে এখন লিখিত এজাহাৰ দাখিল কৰিছে। বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদ বিনে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা গ্ৰাহকে ইউকো বেংকৰ দক্ষিন শালমাৰা শাখাত জমা দিয়া ধন বেংকত জমা নকৰি আত্মসাৎ কৰে। অকল গ্ৰাহকৰ জমা ধন বেংক জমা নকৰি আত্মসাৎ কৰাই নহয়, বেংকৰ জমা ধন লৈও উধাও হৈছে এই গৰাকী বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদ বীন। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও শিৱ শংকৰ প্ৰসাদ বীনক বিচাৰি উলিয়াব পৰা নাই ধুবুৰী আৰক্ষীয়ে। ধৃত বেংক কৰ্মচাৰী শিৱ শংকৰ প্ৰসাদ বীনৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

dhubri bank dhubri district bank froud