বছৰৰ পহিলা দিনটোতেই মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
বছৰৰ পহিলা দিনটোতেই মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

ডিজিটেল ডেস্ক: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কইনাধৰাত ''নতুন দিনৰ আলাপ'' শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্রীৰ সাংবাদিকৰ সৈতে মত-বিনিময় কৰি কয় যে ৩১ডিচেম্বৰ, ১ জানুৱাৰীত দুৰ্ঘটনা হ্রাসৰ চেষ্টা চলোৱা হৈছে। যোৱা বৰ্ষৰ তুলনাত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্রাস হৈছে।

যোৱা বছৰ ১৫জন লোকৰ মৃত্যু ঘটিছিল আনহাতে এই বছৰ ৫জন লোকৰ প্রাণহানি হৈছে।

২০২২ বৰ্ষত অনুষ্ঠিত হোৱা ৭২খন কেবিনেট বৈঠকত ৯৬৬টা সিদ্ধান্ত গ্রহণ কৰা হৈছে। ইয়াৰে ৮৬.৩ শতাংশ সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে ১৮৯খন মুখ্যমন্ত্রী পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে আৰু ২৭৬২টা দফা আলোচনা কৰা হৈছে বৈঠকত।

তেওঁ কয় যে ডিজিটেল সেৱা প্রদান কৰাটো চৰকাৰখনৰ প্রধান লক্ষ্য আছিল। সকলো সেৱা অনলাইন কৰাৰ লক্ষ্য চৰকাৰৰ। লাইচেঞ্চ,ফিটনেচ চাৰ্টিফিকেটৰ বাবে আন কোনো কামত DTOলৈ আহিব নালাগে। অহা বৰ্ষত শ্রম বিভাগ সম্পূৰ্ণ ডিজিটেল কৰাৰ লক্ষ্য চৰকাৰৰ।

তেওঁ কয় যে এতিয়া আমি দৰমহাৰ বাবে কেন্দ্রলৈ অপেক্ষা কৰিব নালাগে। ২৫০০ কোটি টকা প্রয়োজন হয় দৰমহা দিবলৈ। পেঞ্চনৰ ৯০০ কোটি কেন্দ্রীয় চৰকাৰৰ পৰা লোৱা হয়।

অইলৰ পৰা ১৫০০ কোটিতকৈ অধিক টকা ৰাজসাহায্য পাবলৈ সক্ষম হোৱা বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে কয় যে আন্দোলনৰ কমি হৈছে। আন্দোলন বৰ্জিত পৰিবেশৰ বাবে বহু ইতিবাচক ঘটনা হৈছে। আন্দোলন বৰ্জিত পৰিবেশৰ বাবে ১ লাখ চাকৰি দিয়া সম্ভৱ হৈছে।

বিশ্ব বেংক বা তেনে সংস্থাৰ পৰা ঋণ লোৱাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে তেনে ঋণৰ ৮০% কেন্দ্রই উভতাই দিয়ে। এতিয়া EAP ৪০,০০০ কোটি টকাৰ ৩২,০০০ কোটি কেন্দ্রই ঘূৰাই দিব।

ড্ৰাগছৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে যোৱা বৰ্ষত ৭৮১ কোটি, তাৰ আগৰ বৰ্ষত ৪০০কোটিৰ ড্রাগছ জব্দ কৰা হৈছিল।১১১ কেজি হেৰ’ইন, ৬২ লাখ য়াবা টেবলেট জব্দ কৰা হৈছিল। 

আৰু পঢ়ক: বঢ়মপুৰৰ এহেজাৰ বিঘা মাটিত সৰিয়হ ফুলৰ দলিচা,দুই শতাধিক যুৱ কৃষকৰ পৰিশ্ৰমৰ সুফল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in