/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3c700c0e-94d4-432b-ab46-a380c92839d3/Dhubri.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালাইৰ আলগাত সোমবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত ব্ৰহ্মপুত্ৰৰ পাৰত ক্ৰিকেট খেলি থকা দুই ভাই-ককাইৰ পানীত পৰি সলিল সমাধি হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
প্ৰাপ্ত বাতৰি মতে খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ হাটশিঙিমাৰীৰ জাকিৰ হুছেইনৰ দুই পুত্ৰ ক্ৰমে দিলোৱাৰ হুছেইন (১৭) আৰু গোলাম মোস্তাফা (১৫) আন একাংশ সহযোগীৰ সৈতে কালাইৰ আলগাত ক্ৰিকেট খেলিব যায়। দুপৰীয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ক্ৰিকেট খেলি থকা সময়ত হঠাৎ ক্ৰিকেট বল ব্ৰহ্মপুত্ৰত পৰে। উৎকট গৰমৰ বাবে ঠাণ্ডা পানীত বল কঢ়িয়াই অনাৰ সুযোগত গোলাম মোস্তাফা ব্ৰহ্মপুত্ৰত জাপ মাৰে। গোলামে পানীৰ মাজত বলৰ লগত খেলা কৰি থকা অৱস্থাত পানীৰ তললৈ ডুব যায়।
তেনে সময়তে ভাতৃ নোখোজ হৈ পৰা দেখি জ্যেষ্ঠ ভাতৃ দিলোৱাৰ হুছেইনে উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰত নামে। কিন্তু কিছু সময়ৰ ভিতৰত দিলোৱাৰ হুছেইনও নোখোজ হৈ পৰে। এই ঘটনাৰ পাছত আন খেলুৱৈ সকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত হৈ-চৈৰ সৃষ্টি হোৱাত কাষতে থকা বৰাইৰ আলগা বি এছ এফ কেম্পৰ বি এছ এফ আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
দিনৰ প্ৰায় ২ বজাত খাৰুৱাবান্ধা আৰক্ষী, এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু আঢ়ৈ বজাৰ পৰা উদ্ধাৰ অভিযান চলাই অৱশেষত দিনৰ প্ৰায় ৩.৩০ বজাত দুয়োক ব্ৰহ্মপুত্ৰৰ পানীৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। দুয়ো জীৱিত থকা বুলি স্থানীয় ৰাইজে দাবী কৰাত লগে লগে হাটশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয়ত নিয়া হয়। পিছে বিয়লি প্ৰায় ৪ বজাত চিকিৎসকে দুয়োকে মৃত বুলি আনুষ্ঠানিক ঘোষণা কৰে।
ক্ৰিকেট খেলিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি এইদৰে দুই ভাই-ককাইৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, জ্যেষ্ঠ ভাতৃ দিলোৱাৰ হুছেইন এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই মেধাবী ছাত্ৰজন এইদৰে মৃত্যু মুখত পৰাত পৰিয়ালটো শোকত ভাগি পৰিছে।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা নিজৰ জিম্মাদ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰক্রিয়া হাতত লৈছে। কাইলৈ পুৱাৰ ভাগত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে।