৪ বছৰীয়া সন্তানৰ মাতৃৰ পৰকীয়া প্ৰেম! বিপদত স্বামী

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি । এই ঘটনা সংঘটিত হৈছে সৰভোগৰ ডেগাৰবড়ী টেঙা গাঁৱত

author-image
Asomiya Pratidin
New Update
৪ বছৰীয়া সন্তানৰ মাতৃৰ পৰকীয়া প্ৰেম! বিপদত স্বামী

ডিজিটেল সংবাদ, সৰভোগঃ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি । এই ঘটনা সংঘটিত হৈছে সৰভোগৰ ডেগাৰবড়ী টেঙা গাঁৱত । চাৰি বছৰীয়া কণমানি শিশু কোলাত লৈ পত্নীৰ পৰকীয়া প্ৰেমৰ কাহিনী ক'লে এজনে।

Advertisment

সৰভোগৰ ডেগাৰবড়ী নুৰ ইছলামৰ পুত্ৰ আশ্ৰাফুল ইছলামৰ লগত ৰঙিয়া উদিয়ানা ধকততলা গাঁৱৰ ৰুবুল আলীৰ কন্যাৰ যোৱা পাচ বছৰ আগতে বিয়া হৈছিল। চাৰি বছৰীয়া কণমানি শিশুটোৰ সৈতে আশ্ৰাফুল আলীয়ে এক সুখৰ সংসাৰ চলাই আছিল।

কিন্তু ফিৰোজ খান নামৰ যুৱক জনে পৰকীয়া কৰি প্ৰেমে থান-বান কৰিলে সুখৰ সংসাৰ। এই অভিযোগ আশ্ৰাফুলৰ। জানিব পৰা মতে ফিৰোজ খানৰ ঘৰ ৰঙিয়া বালাপাৰাত।

আশ্ৰাফুল আলীৰ পত্নীয়ে ৰঙিয়া বালাপাৰা গাঁৱৰ ফিৰোজ খানৰ লগত দীৰ্ঘদিন ধৰি পৰকীয়া প্ৰেম চলাই গৈছে। ফোন কল , হোৱাটছ এপত অশ্লীল ভিডিঅ' কল , ফেচবুকত মেচেছ আদিৰে স্বামী আশ্ৰাফুল আলীয়ে ধৰা পেলাইছিল এই সমগ্ৰ কথা।

ডেগাৰবড়ী গাওঁৰ সচেতন ৰাইজ আৰু গৰীয়া মৰীয়া দেশীয় জনগোষ্ঠীৰ সংগঠনৰ ৰাইজৰ চুক্তি পত্ৰ মৰ্মে মহিলাগৰাকীক দেউতাকে এক সপ্তাহৰ কাৰণে ঘৰলৈ লৈ যায় । কিন্তু তাৰ পাছত আৰু মহিলাগৰাকী স্বামী গৃহলৈ ঘূৰি নাহিল।

আশ্ৰাফুলে পত্নীক ঘৰলৈ উভতাই অনাৰ কাৰণে কোৰ্টৰ নোটিছো পঠিয়াইছিল। কিন্তু ঘূৰি নাহিল পত্নী।

তাৰ পাছত সোমবাৰে হঠাৎ মহিলাগৰাকীৰ মাক-দেউতা আৰু পৰিয়ালৰ লোকে সৰভোগ থানা আৰোক্ষীৰ সহযোগত আশ্ৰাফুল আলীৰ ঘৰত উপস্থিত হৈ ঘৰৰ সকলো সামগ্ৰী লৈ যায় । আনকি স্বামীয়ে দিয়া গহনা ঘূৰাই নিদিয়ে বুলিও জনাই মহিলাগৰাকীয়ে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Also Read: অপূর্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত 'জীৱন এখন মায়াৰ সাগৰ' উন্মোচন