বকোৰ সোনতলীত ভয়ংকৰ পথ দুৰ্ঘটনা…

বকোৰ সোনতলীত ভয়ংকৰ পথ দুৰ্ঘটনা…

author-image
asomiyapratidin
New Update
বকোৰ সোনতলীত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপ জিলাৰ বকোৰ সোনতলী পথালিপাৰাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা।মাৰুতী কাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

Advertisment

এই দুৰ্ঘটনাত বাইক আৰু মাৰুতীৰ দুয়োজন চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।ঘটনাস্থলীত সোনতলী আৰক্ষী উপস্থিত হৈ দুয়োজনকে সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰন কৰে।

আঘাতপ্ৰাপ্ত লোক দুজন সোনতলীৰ মিৰ্জা শ্বাহ আলম আৰু বদলাৰ ছানিদুল ইছলাম।মুখামুখি সংঘৰ্ষত লিপ্ত মাৰুতী খনৰ নম্বৰ AS25 EA 7695 আৰু বাইক খন নম্বৰ বিহীন বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: মহানগৰীত পুনৰ বলাৎকাৰ কাণ্ড…

assam injured road accident