ডিজিটেল সংবাদ তেজপুৰঃ ৰাজ্য চৰকাৰৰ অধীনত ৰাজ্য জুৰি চলি থকা "বিকাশৰ ১২ দিন" শীৰ্ষক অনুষ্ঠানসূচীৰ আজি তেজপুৰত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শোণিতপুৰ জিলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন উদগণিমূলক বঁটা প্ৰদানৰ বাবে জিলাখনৰ তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানটোত জলসম্পদ মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ড° বাণীকান্ত কাকতি বঁটা আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে।
উল্লেখ্য যে, এইবাৰ শোণিতপুৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক সামৰি মুঠ ১৬৪১ গৰাকী শিক্ষাৰ্থীলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ৭৩৭ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ডিবিটিযোগে ১২৫০০ টকাকৈ ধন আৰু চৰকাৰী শিক্ষানুষ্ঠানত নৱম শ্ৰেণীত অধ্যয়নৰত ৮৮৬৫ গৰাকী শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰা হয় ।
আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰদান কৰা বক্তব্যত মন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সদা তৎপৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে বিভিন্ন আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক লাভাম্বিত কৰি তুলিছে। আজি বঁটা প্ৰদান কৰা আঁচনিসমূহৰ লগতে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সকলো ছাত্ৰীয়ে যাতে শৈক্ষিক যাত্ৰাত থমকি ৰ'ব নালাগে সেয়া মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিত কৰিছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।
শিক্ষাৰ্থীসকলক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই আৰু কয় যে, ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিকতা প্ৰদান কৰি কাম কৰি আছে। সু-স্বাস্থ্য আৰু শিক্ষা অবিহনে কোনো এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছা জনায় ।
ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই আৰু কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া অনুসৰি প্ৰতিটো কাম কৰি আছে। অৰুণোদয়, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আদি জনকল্যাণমূলক আঁচনিৰে ৰাজ্য চৰকাৰে সাধাৰণ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি আছে। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে বিধায়কত্ৰয় পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বু আৰু কৃষ্ণ কমল তাঁতীও উপস্থিত আছিল।